ৰিহানা
অৱয়ব

ৰবিন ৰিহানা ফেন্টি (জন্ম: ২০ ফেব্ৰুৱাৰী, ১৯৮৮) এগৰাকী বাৰ্বাডিয়ান গায়িকা, অভিনেত্ৰী, ফেশ্বন কলা সঞ্চালক, ব্যৱসায়ী আৰু ৰাষ্ট্ৰদূত।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “মই ভবা নাছিলো যে এইটো ঢৌৰ দৰে (মাজে মাজে) হ'ব। মই ভাবিছিলো যে ই এবাৰ ঘটিব আৰু পুনৰ চুলি গজিব।”
- Rihanna Shares Her Journey with Postpartum Hair Loss People.com (১৩ জুন, ২০২৪)
- “মই কেৱল মোৰ কামবোৰ মোৰ নিজৰ ধৰণে কৰিব বিচাৰোঁ আৰু সদায় ইয়াক সলনি কৰি তাত মোৰ নিজা এটা ৰূপ দিব বিচাৰোঁ।”
- “মই সদায় বিশ্বাস কৰি আহিছোঁ যে যেতিয়া আপুনি আপোনাৰ হৃদয় বা বিবেকক অনুসৰণ কৰে, যেতিয়া আপুনি সঁচাকৈয়ে আপোনাৰ বাবে ভাল লগা কামবোৰ কৰে, তেতিয়া আপুনি কেতিয়াও হাৰিব নোৱাৰে। কাৰণ আপোচ কৰাটো পৃথিৱীৰ আটাইতকৈ বেয়া অনুভৱ।”
- 11 Rihanna quotes that manifested her boss empire REVOLT (৩০ নৱেম্বৰ, ২০২৩)
- “এইটো বহুত বেলেগ... কাম আৰু ব্যক্তিগত জীৱনৰ ভাৰসাম্য ৰখাটো প্ৰায় অসম্ভৱ, কাৰণ আপুনি যিদৰেই নাচাওক কিয়, কামে সদায় আপোনাৰ সন্তানৰ সৈতে কটাবলগীয়া সময়খিনি কাঢ়ি লৈ যাব। এতিয়া সময়খিনিয়ে আটাইতকৈ ডাঙৰ মূল্য। সেয়েহে যেতিয়া আপুনি কিবা এটা কামত সন্মতি দিয়ে, সেইটো সঁচাকৈয়ে কৰিবলগীয়া কাম হ'ব লাগিব।”
- Rihanna talks ‘difficulty’ finding work-life balance as a new mom The News (১০ ফেব্ৰুৱাৰী, ২০২৩)
- “মই বিচাৰোঁ এইটো এই বছৰতেই হওক... সঁচাকৈ ক'বলৈ গ'লে, যদি এই বছৰ নহয় তেন্তে কথাটো হাস্যকৰ হ’ব। কিন্তু মই কেৱল আনন্দ কৰিব বিচাৰোঁ। মই মাত্ৰ সংগীত সৃষ্টি কৰিব বিচাৰোঁ আৰু ভিডিঅ' বনাব বিচাৰোঁ।”
- Vogue Interview via THE FADER (১৫ ফেব্ৰুৱাৰী, ২০২৩)
- “মোৰ মাজত থকা ট্ৰ'ল (troll) জনীৰ এটা সময় আছিল। দুৰ্ভাগ্যবশতঃ ইণ্টাৰনেটৰ পৰা আপুনি একো ঘূৰাই আনিব নোৱাৰে, গতিকে সেইবোৰ সদায় মনত থাকিব। কিন্তু মোৰ ভিতৰৰ শ্ৰেষ্ঠ ট্ৰ'লজনী হ'ল মৌন ট্ৰ'লজনী।”
- the daily dot (০৯ এপ্ৰিল, ২০২৪)
- “কেঁচুৱা এটাক সৰু সৰু চকুৰে সাৰ পোৱা দেখাটো আটাইতকৈ মৰমলগা। পুৱাৰ সময়খিনি মোৰ দিনটোৰ আটাইতকৈ প্ৰিয় অংশ।”
- hypebae (১১ নৱেম্বৰ, ২০২২)
- “সংগীতৰ ক্ষেত্ৰত মই এতিয়া মুকলি অনুভৱ কৰিছোঁ... মই কেৱল সংগীতৰ সৈতে খেলিব বিচাৰোঁ। সংগীতৰ সৈতে আনন্দ ল’ব বিচাৰোঁ।”
- REVOLT (১২ ফেব্ৰুৱাৰী, ২০২৩)
- “এইটো ঠিক যেন লাগিছে। মই য'ত থকাটো প্ৰয়োজন, সেইখিনি মই বিচাৰি পাইছোঁ যেন লাগিছে... এইটো মোৰ নতুন স্বাধীনতা হৈ পৰিছে... মোৰ অনুভৱ হৈছে যে অৱশেষত মই সফলতাৰ সূত্ৰটো বিচাৰি পাইছোঁ!”
- Rolling Stone India (২৪ ফেব্ৰুৱাৰী, ২০২৫)
- “মই লোৱা প্ৰতিটো সিদ্ধান্ত তেওঁলোকক (সন্তান) কেন্দ্ৰ কৰিয়েই হয়, কিন্তু মই কৰা প্ৰতিটো কাম যিবোৰ মই ভাল পাওঁ, সেইবোৰে মোক তেওঁলোকৰ পৰা আঁতৰাই নিয়ে।”
- Harper's BAZAAR (২২ ফেব্ৰুৱাৰী, ২০২৫)
- “মই মোৰ পৰৱৰ্তী কামৰ বাবে আচলতে কি কৰিব বিচাৰোঁ তাৰ কোডটো অৱশেষত ক্ৰেক কৰিছোঁ।”
- Harper's BAZAAR (২২ ফেব্ৰুৱাৰী, ২০২৫)
- “তৰাৰ ফালে লক্ষ্য কৰা। মোৰ ফালে নহয়। মোৰো লক্ষ্য ওপৰলৈ। তুমি অসাধাৰণ হ'বা।”
- people.com (২৫ অক্টোবৰ, ২০২৪)
