ৰাণী মুখাৰ্জী
অৱয়ব

ৰাণী মুখাৰ্জী (জন্ম: ২১ মাৰ্চ, ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ বলিউডৰ ছবিত কাম কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শ্বাহৰুখ আৰু আমিৰ দুয়োজনে মোক বহুত শিকাইছে। মই তেওঁলোকৰ অনুৰাগী আছিলোঁ। মই তেওঁলোকৰ সকলো চিনেমা চাইছিলোঁ। এবাৰ আনকি মই আমিৰৰ অট’গ্ৰাফো লৈছিলোঁ! তাৰপাছত হঠাতে মই তেওঁৰ সৈতে কেমেৰাৰ সন্মুখত থিয় দিলোঁ! এই দুয়োজনে মোক যিদৰে চোৱাচিতা কৰিছিল আৰু মোৰ প্ৰাৰম্ভিক দৃশ্যবোৰত সহায় কৰিছিল, সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ।
- thedailystar.net. আহৰণ কৰা হৈছে: ১ জুন, ২০০৬.
- কেৰিয়াৰৰ প্ৰতিটো বেলেগ পৰ্যায়ত বঁটাৰ এক বিশেষ অৰ্থ আৰু গুৰুত্ব থাকে। প্ৰতিজন মানুহৰ বাবে ইয়াৰ অৰ্থ বেলেগ বেলেগ। যেতিয়া আপুনি কেৰিয়াৰৰ আৰম্ভণিতে এটা বঁটা পায়, তেতিয়া ই নিশ্চিতভাৱে সফলতাৰ এটা খোজ হয়, আৰু মাজৰ পৰ্যায়ত বঁটাসমূহ অনুপ্ৰেৰণা আৰু সুখৰ উৎস হৈ পৰে। এয়া কৰা পৰিশ্ৰমৰ এক যোগ্য স্বীকৃতিস্বৰূপ স্মৃতিচিহ্ন। ফিল্মফেয়াৰ বঁটা এনে এক বস্তু যিয়ে গৌৰৱান্বিত কৰে। যেতিয়া কোনোবাই ফিল্মফেয়াৰ বঁটা পায়, তেতিয়া মানুহে গম পায় যে এজন অভিনেতাৰ আগমণ ঘটিছে।
- filmfare.com. What do Filmfare Awards mean to me?. আহৰণ কৰা হৈছে: ২৩ এপ্ৰিল, ২০০৬.
- মই দাইল-ভাত ভাল পাওঁ। মই ৰেষ্টুৰেণ্টত খোৱা মানুহ নহয়। মই ঘৰৰ খাদ্য বহুত উপভোগ কৰো।
- mid-day.com. Rani's Food Choice. আহৰণ কৰা হৈছে: ৪ নৱেম্বৰ, ২০০৬.
- মই নিজৰ সৈতে প্ৰতিযোগিতা কৰোঁ।
- indiaglitz.com. আহৰণ কৰা হৈছে: ২১ জুন, ২০০৭.
- প্ৰেমত পৰিলে মই নিজকে ধুনীয়া অনুভৱ কৰোঁ। চকুৰ মণিত আপোনাৰ বাবে বহুত মৰম থাকে। সেইটোৱে আপোনাক বহুত সুখী কৰি তোলে।
