সমললৈ যাওক

ৰাজ কাপুৰ

ৱিকিউদ্ধৃতিৰ পৰা

ৰাজ কাপুৰ (ইংৰাজী: Raj Kapoor, ১৯২৪–১৯৮৮) ভাৰতীয় চিনেমাৰ এজন প্ৰসিদ্ধ অভিনেতা, পৰিচালক আৰু প্ৰযোজক আছিল। তেওঁক প্ৰায়েই “শোম্যান অৱ ইণ্ডিয়ান চিনেমা” বুলি কোৱা হয়। তেওঁৰ জন্ম পেছুৱাৰত হৈছিল। তেওঁ বিখ্যাত অভিনেতা পৃথ্বীৰাজ কাপুৰৰ পুত্ৰ। ৰাজ কাপুৰে ১৯৪৮ চনত আৰ কে ফ্লিম্ছ প্ৰতিষ্ঠা কৰে। তেওঁৰ বিখ্যাত চিনেমাসমূহৰ ভিতৰত আৱাৰা (১৯৫১), শ্ৰী ৪২০ (১৯৫৫), আৰু মেৰা নাম জকৰ(১৯৭০) উল্লেখযোগ্য। তেওঁৰ ছবিসমূহত সাধাৰণ মানুহৰ জীৱন, প্ৰেম আৰু সমাজৰ বৈষম্যৰ কথা দেখুওৱা হৈছিল।তেওঁ ভাৰতীয় চলচ্চিত্ৰ জগতত অসামান্য অৱদানৰ বাবে দাদাছাহেব ফালকে বঁটা লাভ কৰে।

  1. “জীৱন বা কাম কেতিয়াও থমকি নাথাকে, যিয়েই নহওক আগবঢ়ি যাব লাগিব।” []
  2. “চিনেমা পৃথিৱীৰ আটাইতকৈ সুন্দৰ মায়াজাল।”[]
  3. “মই এজন ভ্ৰমণকাৰী,অৱাৰা।”[]
  4. “ৰাজ কাপুৰ কেৱল এজন চলচ্চিত্ৰ নিৰ্মাতা নহয়, তেওঁ এটা অনুস্থানৰ দৰে আছিল।”[]
  5. “ৰাজ কাপুৰৰ পুত্ৰ হোৱাটো আশীৰ্বাদ আৰু এক বৃহৎ দায়িত্ব দুয়োটা আছিল।”[]
  6. “তেওঁ এজন অসাধাৰণ প্ৰদৰ্শক আৰু এজন উৎকৃষ্ট মানৱ আছিল।”[]
  1. চলচ্চিত্ৰ জগতৰ দৰ্শন (সাক্ষাৎকাৰ)
  2. চলচ্চিত্ৰ দৰ্শন
  3. অৱাৰা (১৯৫১) গান,সংলাপ
  4. ১৪ ডিচেম্বৰ ২০০১,প্ৰসংগ:ৰাজ কাপুৰৰ ৭৫ তম জন্ম বাৰ্ষিকী, মুম্বাইত আয়োজিত স্মাৰক অনুষ্ঠানত ভাষণ দিয়াৰ সময়ত :অমিতাভ বচ্চন।
  5. Khullam Khulla(২০১৭):ঋষি কাপুৰৰ আত্মজীৱনী।
  6. ২ জুন ২০১৪,প্ৰসংগ:মিডিয়া সাক্ষাৎকাৰ (IANS news interaction)ত, ৰাজ কাপুৰৰ স্মৃতিচাৰণ অনুস্থানত : হেমা মালিনী।