ৰাজীৱ শদিয়া
অৱয়ব
ৰাজীৱ শদিয়া অসমৰ এগৰাকী জনপ্ৰিয় গায়ক আছিল। বিশেষকৈ উজনি অসমত অধিক পৰিচিত ৰাজীৱ শদিয়া মৃত্যুৰ পিছত সমগ্ৰ অসমত পৰিচিত হৈ পৰিছিল আৰু তেওঁৰ দেশপ্ৰেমমূলক গীতবোৰৰ চৰ্চা হৈছিল। তেওঁৰ প্ৰকৃত নাম ৰাজীৱ গগৈ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- গান এটা লিখি সুৰ কৰাটো বৰ ডাঙৰ কথা নহয়। সেই গানটো যেতিয়া ষ্টুডিঅ’লৈ লৈ যোৱা হয় বা কাৰোবাক সংগীত কৰিবলৈ দিয়া হয়, কমেও ৩০/৩৫ হাজাৰ টকা খৰচ হয়। সেইটোহে আমাৰ দৰে সৰু গায়কবোৰৰ বাবে বৰ ডাঙৰ কথা।[১]
- জীৱনৰ বেছিভাগ সময় জাতি মাটিৰ গীতেই গালোঁ, ভৱিষ্যতেও গায় যাম যিমান দিনলৈ ভগৱানে শকতি দিয়ে।[১]
- আমাৰ দৰে সৰু গায়কবোৰৰ লগত প্ৰথম কথা পাতোঁতেও একাংশ সমিতিয়ে কাপোৰ দৰদাম কৰাদি কৰি চুক্তি কৰে, অনুষ্ঠান কৰাৰ পাছত আকৌ একেই দৰদাম কৰি চেক এখন দি দায়িত্ব সামৰে।[১]
- অৱশেষত গাড়ী এখন লৈ পকেটৰ পইচাৰে তেল ভৰাই গৈ,বণিয়াই তৈয়াৰ কৰি দিয়া গামোচাখন ডিঙিত লৈ ঘৰমুৱা হওঁ। তেওঁলোকে এটা কথা বুজি নাপায় নে বুজিও নুবুজা ভাও ধৰে নাজানো,খৰচ যে ডাঙৰ গায়ক-গায়িকাৰ দৰে আমাৰো একেই হয়,তেওঁলোকৰ দৰে আমাৰো যে এখন সংসাৰ আছে। এই কথা বতৰা বিলাক কিয় উপলব্ধি নকৰে বুজি নাপাওঁ।[১]
মতামত
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ৰাজীৱ শদিয়াৰ দেশপ্ৰেমমূলক গীতে অসমীয়া ৰাইজক উদ্বুদ্ধ কৰিছিল। তেখেতৰ মৃত্যুত মৰ্মাহত হৈছো। তেওঁ সমাজখনৰ বাবে যি ত্যাগ কৰি গ'ল তাক প্ৰতিজন অসমীয়াই মনত ৰখা উচিত।
- যোগেন মহন।[২]
- অসমৰ মাটি আৰু মানুহক ভালপোৱা আৰু এই দেশৰ জনগণক জাতীয় চেতনাৰে উদ্বুদ্ধ হ'বলৈ যিকেইগৰাকী সংগীত শিল্পীয়ে গীতৰ জৰিয়তে অহোপুৰুষাৰ্থ কৰিছিল; তেখেতসকলৰ ভিতৰত ৰাজীৱ গগৈ আছিল অন্যতম। শদিয়াৰ টুপচিঙা গাঁৱত জন্মগ্ৰহণ কৰা ৰাজীৱ গগৈয়ে ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি জীৱনৰ শেষ মূহুৰ্তলৈ অসমৰ সামাজিক আৰু ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা- চৰ্চা কৰি সেয়া গীতৰ জৰিয়তে অসমৰ জনগণৰ বাবে আগবঢ়াইছিল।
- আলফাৰ ২য় লেফটেনেণ্ট ঈশান অসম[৩]
- জীৱিত কালত পৰিহাৰ কৰা শিল্পীজনৰ অন্তিম যাত্ৰাৰ হাজাৰ হাজাৰ মানুহৰ সমদলৰ দৃশ্য সামাজিক মাধ্যমে পৰিহাৰ কৰিব নোৱাৰিলে। সমদলত যোগ দিয়া মৌন মানুহবোৰ আছিল, সবল সমাজখনে ঢুকি নোপোৱা সমাজৰ মানুহ। কোনোবা হয়তো খেতিয়ক, কোনোবা মাছমৰীয়া। এওঁলোকক ৰাজীৱ শদিয়াৰ গীতে নিশ্চয় জগাই তুলিছিল। শিল্পীজনে এই মানুহবোৰৰ বুকুত ঘৰ সাজিছিল।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ ৰাজীৱ শদিয়াৰ কথাবোৰ. আহৰণ কৰা হৈছে: 21 January 2025.
- ↑ মেজি দাহ কৰি কণ্ঠশিল্পী ৰাজীৱ শদিয়া..... আহৰণ কৰা হৈছে: 21 জানুৱাৰী 2025.
- ↑ সকলোকে কন্দুৱাই পঞ্চভূতত বিলীন. আহৰণ কৰা হৈছে: 21 জানুৱাৰী 2025.
- ↑ শৰ্মা পূজাৰী, অনুাৰাধা (১৯ জানুৱাৰী ২০২৫). "ৰাজীৱ শদিয়াৰ মৃত্যুত মনলৈ অহা প্ৰশ্নবোৰ". সাদিন.