ৰাজীৱ গান্ধী
অৱয়ব

ৰাজীৱ গান্ধী (২০ আগষ্ট, ১৯৪৪ – ২১ মে', ১৯৯১) ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল, ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৪ চনত তেওঁৰ মাতৃ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক হত্যা কৰাৰ পিছত তেওঁ ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]

- যদি মোৰ মায়ে ইয়াৰ পৰা সহায় পায়, তেন্তে মই ৰাজনীতিত প্ৰৱেশ কৰিম।[১]
- ...ৰাজনীতিৰ প্ৰতি মোৰ কোনো প্ৰেম নাছিল। পাৰিবাৰিক জীৱনৰ গোপনীয়তাক মই মূল্যৱান বুলি ভাবিছিলোঁ। মায়ে এই দুয়োটা আৱেগক সন্মান কৰিছিল। তাৰ পিছত মোৰ ভাইটি, সঞ্জয় গান্ধীক তেওঁৰ জীৱনৰ ভৰপক সময়তে হত্যা কৰা হ’ল। ইয়ে এগৰাকী মাতৃৰ হৃদয় ভাঙি পেলালে। ইয়ে কোনো প্ৰধানমন্ত্ৰীৰ কৰ্তব্য ভংগ কৰা নাছিল। এদিনৰ বিৰতিও নোপোৱাকৈয়ে তেওঁ নিজৰ মানুহৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত একক মনোভাৱেৰে নিজৰ উদাৰ কৰ্ম আগবঢ়াই নিলে
এটা নিসংগতা আছে যিটো কেৱল এগৰাকী শোকসন্তপ্ত মাতৃয়েহে জানিব পাৰে...তেওঁৰ নিসংগতাই মোক মাতিছিল। মই তেওঁৰ কাষলৈ গ’লোঁ৷ তেওঁৰ খাতিৰত মই উৰাজাহাজ চলোৱাৰ প্ৰতি থকা মোৰ হাবিয়াস এৰি দিলোঁ তেওঁৰ খাতিৰতে মই তেওঁৰ লগত ৰাজনৈতিক সহায়ক হিচাপে যোগ দিলোঁ। তেওঁৰ পৰাই মই মোৰ প্ৰথম ৰাজনৈতিক পাঠ শিকিলোঁ। সমষ্টিৰ পৰা অহা জোৰদাৰ দাবী আৰু আমেথিৰ বাবে মোৰ ভাইটিৰ ঠাইত সংসদ সদস্য হিচাপে লোৱা অংশটোৰ প্ৰতি সঁহাৰি জনাবলৈ তেৱেঁই মোক আহ্বান জনাইছিল। তেওঁৰ আশীৰ্বাদত মোক মোৰ দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হ’ল আৰু তেওঁৰ খোজত খোজ দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কোৱা হ’ল।
এই প্ৰত্যাহ্বান গ্ৰহণ কৰি মই এটা জাতীয় কৰ্তব্য আৰু এগৰাকী মাতৃৰ প্ৰতি পুত্ৰৰ পুত্ৰসুলভ কৰ্তব্য পালন কৰিলোঁ।[২] - ভাৰত এখন পুৰণি দেশ, কিন্তু নৱ-উত্থিত জাতি; আৰু সকলোতে ডেকাসকলৰ দৰে আমিও অধৈৰ্য হৈ পৰিছোঁ। মই সৰু, মোৰো এটা সপোন আছে। মই সপোন দেখিছোঁ ভাৰত এখন শক্তিশালী, স্বাধীন আৰু স্বাৱলম্বী আৰু মানৱ জাতিৰ সেৱাত বিশ্বৰ জাতিসমূহৰ সম্মুখৰ শাৰীত।[৩]
- দেশৰ ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এনে কামত দেশৰ ভিতৰে-বাহিৰে এনে সন্ত্ৰাসবাদী ব্যস্ত হৈ পৰিছে।[৪]
- দেশৰ সম্মুখত থকা সংকট বুজি পাই দেশক সহায় কৰাৰ পৰিৱৰ্তে বিৰোধীয়ে নিজৰ কৰ্মৰ দ্বাৰা দেশক দুৰ্বল কৰিব বিচাৰিছে।[৫]
- প্ৰয়াত ইন্দিৰা গান্ধীয়ে সদায় দেশখন বিপদৰ সম্মুখীন হোৱা বুলি সতৰ্ক কৰি দিছিল। তেওঁ আগতে কৈয়েই আছিল যে দেশখন অতি বিপদজনক সময়ৰ মাজেৰে পাৰ হৈ গৈ আছে। এই বিপদ সেই সময়ত যিমান আছিল তাৰ তুলনাত এতিয়া বহুগুণ বেছি। আমি সকলোৱে এতিয়া সাৱধান হোৱা উচিত।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ On being pressured to join politics to help his mother, quoted by Meena Agrawal, in "Rajiv Gandhi", p. 22.
- ↑ In Memorable Quotes from Rajiv Gandhi and on Rajiv Gandhi (2009), Quote 37
- ↑ On his vision of India, in his address to the Joint meeting of the US Congress in Washington on 13 June 1985, in Emotional Impact: Passionate Leaders and Corporate Transformation (8 November 2000), p. 97
- ↑ কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃ. ৭৩
- ↑ কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃষ্ঠা ৭৪ত
- ↑ কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচিত হৈ ১৯৮৪ চনৰ ১২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ নষ্ট কৰিবলৈ কাম কৰা দলীয় কৰ্মীসকলৰ আগত দিয়া ভাষণত, মীনা আগৰৱালাৰ “ৰাজীৱ গান্ধী”, পৃষ্ঠা ৭৪ত উদ্ধৃত