ৰাগ মালকোশ
অৱয়ব
ৰাগ মালকোশ ৰীতা চৌধুৰীৰ এখন উপন্যাস।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সামাজিক মানুহ এজন আৰু গৃহস্বামী পুৰুষ এজন অৱধাৰিতভাৱেই হয়তো বেলেগ। ইয়াত অস্বাভাৱিকতা একো নাই।[১]
- আচলতে সকলোৱে প্ৰশান্তিৰ উৎসটো,আনন্দৰ ঘৰটো নিজৰ ভিতৰত ৰাখিব লাগে। তেতিয়া সকলো আত্মীয় গুচি গ’লেও,সকলো ঘৰ ভাগি গ’লেও খোলা আকাশৰ তলত থিয় হৈ কষ্ট পাব নালাগে।[২]
- অৰুণহঁতৰ দৰে অভিজাত ঘৰ আৰু অভিজাত ব’ৰ্ডিং স্কুলৰ সাঁচত গঢ়া মানুহবোৰৰ হয়তো নমনীয়তা নাথাকে। সেই কাৰণে মালাৰ দৰে মধ্যবিত্তীয় জীৱনৰ সহজ মাটিলৈ কেতিয়াও নামি আহিব নোৱাৰে অৰুণ।[৩]
- সংসাৰত বহুত দুৰ্বলতা থাকে নৈঋত। বিপ্লৱৰ দৰে ই কঠিন নীতিত আবদ্ধ নহয়। হেৰুৱাবলৈ ভয় নাথাকিলেহে বিপ্লৱ হয়। সংসাৰত যে পদে পদে হেৰুৱাৰ ভয়। সংসাৰত মমতা নামৰ দুৰ্বলতাই যে বন্দী কৰি ৰাখে মানুহক।বিপ্লৱত মমতাতকৈ লক্ষ্য ডাঙৰ, মমতাতকৈ আদৰ্শ ডাঙৰ, মমতাতকৈ স্বাধীনতা ডাঙৰ। সংসাৰত মমতাৰ ওচৰত পৰাজিত হয় আদৰ্শ, লক্ষ্য, স্বাধীনতা সকলো। অন্ততঃ নাৰীৰ ক্ষেত্ৰত। নাৰী যে মাতৃ নৈঋত। নাৰী যে নিৰ্মাণৰ ভূমি।[৪]
- মই কি বিশ্বাস কৰোঁ জানে বাইদেউ,এটা শিশু শাৰীৰিকভাৱে যিমান ডাঙৰ হৈ আহে সিমানেই তাৰ ভিতৰৰ শিশুটোৰ টোপনি গভীৰ হৈ আহে। আৰু তেতিয়াই তাৰ ভিতৰত সাৰ পাই উঠে নিষ্ঠুৰতা, স্বাৰ্থপৰতা, আত্মকেন্দ্ৰিকতা, লোভ, হিংস্ৰতা ইত্যাদি ইত্যাদি। হৃদয়ৰ গুণাৱলী তেতিয়া গৌণ হৈ পৰে।[৫]
- আভিজাত্যৰ এক নিজস্ব আকৰ্ষণ আছে। আছে মানুহক দাস কৰি তোলাৰ শক্তি। সেই শক্তি অৰ্থৰো আছে। প্ৰাচুৰ্যৰো আছে। সেই শক্তি কিছু দূৰ শৰীৰৰো আছে।[৬]
- 'আইডেণ্টিটি ক্ৰাইছিছ। অস্তিত্বৰ সংকট।...এই আইডেণ্টিটি ক্ৰাইছিছৰ কাৰণেই বহুতৰ ঘৰ ভাগি যায়, বহুতৰ অনৈতিক সম্পৰ্ক গঢ়ি উঠে, মানসিক অসুস্থতা আৰম্ভ হয়, সংসাৰৰ শান্তি নষ্ট হৈ যায়। এই সময়ত মানুহে এটেনচন বিচাৰে। মৰম বিচাৰে। গুৰুত্ব বিচাৰে। অৰ্থপূৰ্ণ ব্যস্ততা বিচাৰে। একধৰণৰ 'ৰি এচিঅ'ৰেন্স' বিচাৰে। বিশ্বাস কৰিবলৈ বিচাৰে যে সকলো ঠিকেই আছে। শুনিবলৈ বিচাৰে যে তেওঁ এজন প্ৰয়োজনীয় মানুহ।[৭]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ৰাগ মালকোশ, পৃষ্ঠা. ১৯.
- ↑ ৰাগ মালকোশ, পৃষ্ঠা. ২৭.
- ↑ ৰাগ মালকোশ, পৃষ্ঠা. ৪৭.
- ↑ ৰাগ মালকোশ, পৃষ্ঠা. ৫১.
- ↑ ৰাগ মালকোশ, পৃষ্ঠা. ৫৮.
- ↑ ৰাগ মালকোশ, পৃষ্ঠা. ৬৯.
- ↑ ৰাগ মালকোশ, পৃষ্ঠা. ৮৮.