ৰবাৰ্ট অ’মান
অৱয়ব

ৰবাৰ্ট অ’মান (জন্ম ১৯৩০, ফ্ৰেংকফৰ্ট,জাৰ্মানী) এগৰাকী ইজৰাইলী গণিতজ্ঞ, জেৰুজালেমৰ হিব্ৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক এমেৰিটাছ, যিয়ে ২০০৫ চনত অৰ্থনৈতিক বিজ্ঞানৰ নোবেল স্মাৰক বঁটা লাভ কৰে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ইজৰাইলত বিশেষকৈ আমাৰ ফালৰ পৰা আমি শুনা এই সকলোবোৰ শান্তিৰ চিঞৰ-বাখৰে শান্তিক আৰু ওচৰলৈ লৈ নাযায় -- ই কেৱল ইয়াক আঁতৰাই ঠেলিহে দিয়ে। যদি আপুনি শান্তিৰ বাবে দৌৰি ফুৰে তেন্তে ই কেৱল আপোনাক এৰাই চলিব। সেইটো গেম থিয়ৰী নহয়; সেইটোৱেই ইতিহাস।[১]
- আমি কেৱল নিজকে বিশ্বাস কৰিব পাৰোঁ। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ স্বাৰ্থৰ প্ৰতি চকু ৰাখিব লাগিব -- সেইটো কৰিবলৈকে তেওঁ নিৰ্বাচিত হৈছিল। তেওঁ ইজৰাইলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিব নালাগে, ময়ো তেওঁৰ পৰা আশা কৰা নাই। মূল কথাটো হ’ল যে ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি -- বিশ্বৰ নহয় -- গতিকে ইজৰাইলৰ স্বাৰ্থৰ কথা আহিলে মই প্ৰধানমন্ত্ৰীৰ বিবেচনাক বিশ্বাস কৰোঁ।[২]
- দুষ্টতাৰ মূৰ্তি হ’লেও শক্তিশালীসকলৰ লগত জগতখনে নিজকে একাকাৰ কৰি ৰাখে। সেইবাবেই প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকা আৰু ইৰাণৰ মাজত চুক্তি ৰোধ কৰাৰ প্ৰয়াসত কংগ্ৰেছক সম্বোধন কৰাৰ জোৰ কৰাটো অতি প্ৰয়োজনীয়...।[৩]
- আত্মসমৰ্পণ, তোষামোদ, আৰু কাপুৰুষতাই আমাক ভেঙুচালিহে কৰিব... কেতিয়াবা, আপুনি সাহসেৰে নিজৰ পথ অনুসৰণ কৰিব লাগিব আৰু কাৰো ওচৰত অনুকূলতা লাভ কৰিবলৈ চেষ্টা কৰিব নালাগে।[৪]
- দেখা গ’ল যে ৰোমানসকল শান্তি স্থাপনৰ ক্ষেত্ৰত চেম্পিয়ন আছিল। তেওঁলোকৰ মূলমন্ত্ৰ আছিল যে যদি আপুনি শান্তি স্থাপন কৰিব বিচাৰে তেন্তে যুদ্ধৰ বাবে প্ৰস্তুতি চলাব লাগিব। তেওঁলোকে গেম থিয়ৰী জানিছিল।[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ From an article on Israel Hayom
- ↑ From an article on Israel Hayom
- ↑ From an article on Israel Hayom
- ↑ From an article on Israel Hayom
- ↑ Quoted by Elad Benari in The Frantic Desire for Peace Only Brings War. [১]