সমললৈ যাওক

ৰচনা বেনাৰ্জী

ৱিকিউদ্ধৃতিৰ পৰা

ৰচনা বেনাৰ্জী (জন্ম: ঝুমঝুম বেনাৰ্জী; ২ অক্টোবৰ ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, উদ্যমী, দূৰদৰ্শন উপস্থাপিকা আৰু ৰাজনীতিবিদ। তেওঁ মূলত বাংলা আৰু ওডিয়া চলচ্চিত্ৰৰ লগতে কেইখনমান তেলুগু, তামিল আৰু কন্নড় ছবিত কৰা কামৰ বাবে পৰিচিত। ১৯৯১ চনত 'মিছ কলিকতা'ৰ খিতাপ জয় কৰাৰ উপৰিও তেওঁ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত 'মিছ বিউটিফুল স্মাইল'কে ধৰি ভাৰতৰ পাঁচখনকৈ সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছে।

২০২০ চনত ৰচনা বেনাৰ্জী
  • "মই আভ্যন্তৰীণ সৌন্দৰ্যত বিশ্বাস কৰোঁ। ই ভিতৰৰ পৰা আহে; কাৰোবাৰ ব্যৱহাৰ আৰু আত্মাৰ সজ গুণবোৰেহে তেওঁলোকক ধুনীয়া কৰি তোলে, অন্যথা নহয়। কোনো ক্ৰীম, ফেচ পেক বা সৌন্দৰ্য চৰ্চাৰ সামগ্ৰীয়ে এজন ব্যক্তিক ধুনীয়া কৰিব নোৱাৰে যদিহে তেওঁ অন্তৰৰ পৰা ধুনীয়া নহয়।"
  • "বহুতো মানুহে বুজি পাইছে, জানিছে... মই বহুতো সাক্ষাৎকাৰত বহুবাৰ কৈছোঁ যে মই আৰু কোনো চিনেমা নকৰোঁ যদিহে মই অতি আকৰ্ষণীয় কিবা এটা নাপাওঁ... মই এনে এটা চৰিত্ৰ পাব লাগিব যিয়ে মোৰ ওপৰত এক স্থায়ী প্ৰভাৱ পেলাব, যিটো নকৰিলে মই গোটেই জীৱন অনুশোচনা কৰিম... তেতিয়াহে মই কৰিম। নহ’লে মই চিনেমা নকৰোঁ।"
  • "আচলতে মানুহে বহুত কথা কয়। সমালোচকে বহুত কথা কয়। আপুনি ভাল আৰু বেয়া দুয়োটাৰে সৈতে জীয়াই থাকিব লাগিব। কাৰোবাৰ মুখ বন্ধ কৰাটো মোৰ কাম নহয়। আজিকালি এইবোৰে মোক আৰু প্ৰভাৱিত নকৰে। মানুহে যি মন যায় তাকেই ক’ব। মই এইবোৰত ভোল নাযাওঁ। মানুহে মোক ট্ৰোল কৰে কাৰণ মই এগৰাকী আবেগিক ব্যক্তি। যদি মোৰ বিষয়ে আলোচনা কৰিব বিচাৰে, কৰক। মোৰ আপত্তি নাই। কাৰণ মোক আঘাত কৰাটো ইমান সহজ নহয়।"
  • "প্ৰতিগৰাকী মহিলাৰে পৰ্দাত আৰু ঘৰত— দুয়ো ঠাইতে পৃথিৱী জয় কৰাৰ শক্তি আছে। নিজৰ শক্তিক আকোৱালি লওক আৰু সফলতাৰ পথ নিজে গঢ়ি তোলক। ঘৰখনতেই মোৰ হৃদয় আছে। মোৰ কেৰিয়াৰ আৰু এগৰাকী গৃহিনী হিচাপে মোৰ কৰ্তব্যৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰখাটো মোৰ বাবে অতি প্ৰয়োজনীয়।"
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: