সমললৈ যাওক

হৰভজন সিং

ৱিকিউদ্ধৃতিৰ পৰা
হৰভজন সিং

হৰভজন সিং (ইংৰাজী: Harbhajan Singh; জন্ম ৩ জুলাই, ১৯৮০) এজন ভাৰতীয় ক্ৰিকেটাৰ। মূলতঃ তেওঁ এজন বলাৰ আছিল। বৰ্তমান তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও তেওঁ এজন চলচ্চিত্ৰ অভিনেতা আৰু ক্ৰিকেটৰ মন্তব্যকাৰী।

  • "ভাৰতৰ হৈ খেলাটো এটা সন্মানৰ কথা, আৰু মই সেই কাম কৰি যাব বিচাৰো। মই ক্ৰিকেটৰ বাহিৰে আন একো নাজানো। মই যিমান পাৰো সিমান দিন খেলিব বিচাৰো।"
- ভাৰতৰ হৈ খেলাৰ ওপৰত হৰভজন সিং; "এনডিটিভি স্প’ৰ্টছ", ৮ মাৰ্চ, ২০১৬ত উদ্ধৃতি।
  • 'কেৰম বল' বা তেনেকুৱা কিবা এটাৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰাৰ প্ৰয়োজন নাই বুলি মই ভাবো। মোৰ মূল শক্তি হৈছে অফ ব্ৰেক। এইবোৰে মোক যোৱা ১৫ বছৰত ভাল ফলাফল দিছে, আৰু মই লোৱা ৭০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় উইকেট কোনেও কাঢ়ি নিব নোৱাৰে।'
- সিং ক্ৰিকেট খেলৰ প্ৰদৰ্শনৰ ওপৰত; "এনডিটিভি স্প’ৰ্টছ", ২২ ডিচেম্বৰ, ২০১৫ত উদ্ধৃতি।
  • বৰ বেয়া লাগিল। ছাকিবৰ প্ৰাৰম্ভিক আবেদন আৰু পৰৱৰ্তী সময়ত আম্পায়াৰসকলে এঞ্জেলো মেথিউছক আউট দিয়াৰ সিদ্ধান্ত সম্পূৰ্ণ অৰ্থহীন আছিল।
- ২০২৩ চনৰ ক্ৰিকেট বিশ্বকাপত বাংলাদেশ বনাম শ্ৰীলংকা খেলত এঞ্জেলো মেথিউছৰ টাইমআউট সন্দৰ্ভত তেওঁ টুইটাৰত এই মন্তব্য কৰে। উদ্ধৃত: "প্ৰথম আলো", ৭ নৱেম্বৰ, ২০২৩; সিঙৰ টুইটাৰ পোষ্টৰ "লিংক"
  • আমি সকলোৱে ডি ভিলিয়াৰ্ছক দেখিছো—তেওঁ আছিল এজন অবিশ্বাস্য খেলুৱৈ। কিন্তু যেতিয়া মই সূৰ্যকুমাৰ যাদৱক চাওঁ তেতিয়া তেওঁক ডি ভিলিয়াৰৰ উন্নত সংস্কৰণ হিচাপে দেখিছোঁ। বৰ্তমান টি-২০ ক্ৰিকেট খেলা সকলো খেলুৱৈৰ ভিতৰত তেওঁ নিজৰ ফ্ৰেঞ্চাইজি দলৰ হৈ আন সকলোতকৈ বেছি মেচত জয়লাভ কৰিছে।
- সূৰ্য্যকুমাৰ যাদৱৰ বিষয়ে, "দ্য ডেইলী ষ্টাৰ", "হিন্দুস্তান টাইমছ", ১২ এপ্ৰিল, ২০২৪ত উদ্ধৃতি।