সমললৈ যাওক

হেমা মালিনী

ৱিকিউদ্ধৃতিৰ পৰা
হেমা মালিনী, "ড্ৰিম গাৰ্ল" (২০০৭)

হেমা মালিনী (ইংৰাজী: Hema Malini) (জন্ম: ১৬ অক্টোবৰ, ১৯৪৮) এগৰাকী জনপ্ৰিয় ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, পৰিচালক আৰু প্ৰযোজক, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এগৰাকী নিপুণ ভাৰত নাট্যম নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। প্ৰথম অৱস্থাত নৃত্যশিল্পী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত অভিনয় জগতত পদাৰ্পন কৰে আৰু "সপনো কা সৌদাগৰ" ছবিখনত প্ৰথম অভিনয় কৰে। তেতিয়াৰ পৰাই তেওঁ অসংখ্য জনপ্ৰিয় বলীউড ছবিত অভিনয় আৰু পৰিচালনা কৰে। এই চিনেমাখনত অভিনয় কৰাৰ পিছৰে পৰাই তেওঁক "ড্ৰিম গাৰ্ল" নামেৰে জনা গৈছিল। নিজৰ নৃত্যৰ দক্ষতা অব্যাহত ৰাখিছে। আদি শংকৰাচাৰ্যৰ দ্বাৰা ৰচিত ভক্তিমূলক গীতৰ সংগীত এলবামও মুকলি কৰিছে। বৰ্তমান তেওঁ এগৰাকী ৰাজনীতিবিদ আৰু ভাৰতীয় সংসদৰ ৰাজ্যসভাৰ সদস্য; ভাৰতীয় জনতা পাৰ্টিৰ সৈতে জড়িত। ছবি আৰু নৃত্যৰ বাবে অসংখ্য বঁটা লাভ কৰাৰ উপৰিও ভাৰতৰ জাতীয় অসামৰিক সন্মান পদ্মশ্ৰীৰে সন্মানিত হৈছে। ২০১২ চনৰ ৭ ছেপ্টেম্বৰত নৰৱেত অনুষ্ঠিত হোৱা বলীউড চলচ্চিত্ৰ মহোৎসৱৰ সময়ত ভাৰতীয় চিনেমাৰ ১০০ বছৰীয়া স্মৃতিত নৰৱে চৰকাৰেও তেওঁৰ সন্মানত ডাক টিকট মুকলি কৰে।

  • নৃত্যৰ প্ৰতি মোৰ আগ্ৰহ আছিল, আৰু প্ৰথম অৱস্থাত অভিনয়ত একেবাৰেই ভাল নাপাইছিলো। মায়েই মোক চিনেমাৰ মাজলৈ আনি মোৰ কেৰিয়াৰৰ যত্ন লৈছিল। মনত আছে যেতিয়াই কোনো প্ৰযোজকে লগ কৰিবলৈ আহিছিল, মোৰ একমাত্ৰ প্ৰতিক্ৰিয়া আছিল, "অ' মাই গড, মোৰ জীৱনৰ আৰু এটা বছৰ নষ্ট হৈ গ'ল।"
    • Hema Malini : Quotes. প্ৰকাশক: Internet Media Data Base. আহৰণ কৰা হৈছে: 6 December 2013.
  • ৰাজনীতি এক জংঘল য'ত প্ৰতি সন্ধিয়া ভাগ্য সলনি হয়।
    • Her reflective note. (2007) Data India। Press Institute of India।
  • বিগত ১৬ বছৰ ধৰি আদি শংকৰাচাৰ্যৰ 'সুন্দৰ্য লহৰি' জপ কৰি আহিছো। দক্ষিণ ভাৰতত ই অতি জনপ্ৰিয়, কিন্তু উত্তৰ ভাৰতত ইমান পৰিচিত নহয়; গতিকে এই পূজাৰ বতৰত মোৰ এই প্ৰসাদ। এই শ্লোকবোৰৰ ওপৰত ধ্যান কৰোঁ আৰু সুৰেশ ৱাডকাৰ আৰু শংকৰ মহাদেৱনে ইয়াত অৰিহণা যোগোৱাত আৰু অমিতাভ বচ্চনে আৰম্ভনিৰ বাবে গোৱাত মই অতিশয় সুখী।
  • মই আনন্দিত যে মই এনেকুৱা এখন ঐতিহাসিক ছবিৰ অংশ হ’বলৈ পাইছো,” তেওঁ কয় আৰু ভাবিবলৈ থমকি ৰয় আৰু তাৰ পিছত লগতে কয়, “চিনেমাখন এতিয়াও জনপ্ৰিয় আৰু সেয়া বৰ ভাল। ইয়াৰ অৰ্থ এইটোও যে যেতিয়ালৈকে মানুহে ছবিখন মনত ৰাখিব, মইও তেওঁলোকৰ স্মৃতিত থাকিম। সেইটো বিশেষ আৰু অৱশ্যেই, কেৱল শ্বোলেই নহয় মানুহে মোক "সীতা ঔৰ গীতা"ৰ বাবেও মনত পেলায়। আমেৰিকাত থাকোঁতে কেবত ভ্ৰমণ কৰি ভাল পাওঁ। আৰু এনেকুৱাও হৈছে যেতিয়া ৰাছিয়াৰ কেব চালকে মোক চিনি পাই চিনেমাখনৰ কেইটামান সুৰ গুণগুণাইছে!
  • আন কোনো উপায় নাই। মোদীজী ঘূৰি আহিব লাগিব। আন কোনোবাই জয়ী হ’লে দেশৰ বাবে বিপদজনক হ’ব৷ সেইবাবেই আমি সকলোৱে (বিজেপিৰ সদস্য) তেওঁক ঘূৰাই অনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছো।
  • আমি কুম্ভলৈ গ’লোঁ, বৰ ধুনীয়াকৈ গা ধুলোঁ৷ এটা ঘটনা সংঘটিত হোৱাটো ঠিকেই আছে, কিন্তু সেয়া বৰ ডাঙৰ ঘটনা নাছিল। কিমান ডাঙৰ আছিল নাজানো। ইয়াক অতিৰঞ্জিত কৰা হৈছে। বহুত ভালকৈ পৰিচালনা কৰা হৈছিল, আৰু সকলো কাম বহুত ভালকৈ কৰা হৈছিল...ইমানে বহুত মানুহ আহি আছে, পৰিচালনা কৰাটো বৰ কঠিন কিন্তু আমি আমাৰ সাধ্য অনুসৰি কাম কৰি আছো।


মাদাৰ মেইডেন মিচট্ৰেছ

[সম্পাদনা কৰক | উৎস সম্পাদনা]
হেমা মালিনী
নৃত্যৰত অৱস্থাত হেমা মালিনী

Sommya, Bhawana / Jigna Kothari / Supriya Madangarli। MOTHER MAIDEN MISTRESS। HarperCollins Publishers, পৃষ্ঠা:1976–। ISBN: 978-93-5029-485-7

  • যদিও মই বিবাহৰ জটিলতা বুজিবলৈ বহুত সৰু আছিলো, তথাপিও মই বুজি পাওঁ যে তেওঁলোকৰ মতানৈক্যৰ ভিত্তিটো অন্যায় আছিল। বিয়াৰ পিছত নাৰীয়ে কিয় নিজৰ আবেগ এৰিব লাগিব যেতিয়া পুৰুষৰ পৰাও একেখিনি কথা কেতিয়াও বিচৰা নহয়।
    • In the film Abhinetri where she played the role of dancer where after marriage she was expected to give up her career. Page 1976
  • মোৰ কেৰিয়াৰত এতিয়ালৈকে এইটোৱেই মোৰ আটাইতকৈ প্ৰশংসিত প্ৰদৰ্শন। যদিও বছৰ বছৰ ধৰি অগণন চৰিত্ৰত অভিনয় কৰিছো, কিয়নো কাৰণত কোনোটোৱেই সৌদামিনীৰ দৰে জটিল বা আৱেগিক নাছিল। পৰিচালকে পিছত মোক ক’লে যে তেওঁ মোক এই ভূমিকাত বাছি লৈছিল কেৱল মই এগৰাকী নৃত্যশিল্পী হোৱাৰ বাবে আৰু ‘নৱৰস’ (অভিনয়ৰ নটা প্ৰকাশ) প্ৰকাশ কৰিবলৈ সক্ষম হোৱাৰ বাবে।
    • About her acting in Suadamini page=1977
  • দীঘলীয়া শাৰীবোৰ শিকি এটা টেকতে ডেলিভাৰী কৰাটো এটা দুঃস্বপ্ন আছিল যদিও ৰমেশজীয়ে মোক সহায় কৰাৰ লগতে মোৰ স্মৃতিশক্তি ভাল হোৱাটোও সহায় কৰিছিল। সফল হ’লেহে আপুনি উপলব্ধি কৰে যে সকলো বস্তুৱে আপোনাৰ সফলতাত কেনে অৰিহণা যোগায়।
    • On her delivery of long dialogue In the film Sholay, page 1978
  • ইমানবোৰ ভূমিকা, ইমানবোৰ ট্ৰেণ্ড, ইমানবোৰ ধৰণৰ চিনেমা আৰু ইমানবোৰ কাহিনী... বিভিন্ন দশকত নিজৰ বিভিন্ন ছবি চিত্ৰিত কৰিছো, বিভিন্ন বিষয়ত মাত মাতিছো—কেতিয়াবা কন্যা হিচাপে, কেতিয়াবা পত্নী আৰু মাতৃ হিচাপে—কিন্তু মই প্ৰায়ে নিজকে প্ৰশ্ন কৰো, সঁচাকৈয়ে কথাবোৰ সলনি হৈছেনে? মোৰ মনটো নিশ্চিত নহয়।
    • পৃষ্ঠা=১৯৭৯
  • নুপুৰ নামৰ এখন ধাৰাবাহিক বনালোঁ য'ত মই সৌন্দৰ্য লহৰীৰ এটা বিশেষ শ্লোকৰ বাবে নাচিছিলো। শ্ব’টো বেছিভাগেই আছিল নৃত্যৰ ওপৰত। তেতিয়াই মই সৌন্দৰ্য লহৰী জপ কৰিবলৈ শিকিবলৈ আৰম্ভ কৰিলোঁ। ...মানুহে মোক কেৱল অভিনেতা আৰু নৃত্যশিল্পী হিচাপেহে চিনি পায় কিন্তু শেহতীয়াকৈ মই এই এলবামটো কৰাৰ কথা ভাবিলোঁ।
    • তেওঁৰ প্ৰথম কণ্ঠ নিগৰুৱা এলবাম “সৌন্দৰ্য্য লাহৰী” মুক্তিৰ ওপৰত "Hema Malini goes spiritual with first music album", The Hindu, 2 November 2013. আহৰণ কৰা হৈছে 6 December 2013.
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: