হৃদয়
অৱয়ব



হৃদয় প্ৰকৃততে মানুহ আৰু অন্যান্য প্ৰাণীৰ এক গুৰুত্বপূৰ্ণ পেশীৰ অংগ হৃদযন্ত্ৰ, যিয়ে শৰীৰৰ ধমনী আৰু শিৰাৰ মাজেৰে তেজ চলাচল কৰায়। শব্দটোৱে কিন্ত দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰতীক হিচাপে হৃদয়ৰ শৈলীগত চিত্ৰণত ব্যৱহাৰ কৰাৰ লগতে মানুহৰ আধ্যাত্মিক, আৱেগিক, নৈতিক বা বৌদ্ধিক মূল বা আত্মাক বুজাবলৈ ব্যৱহাৰ কৰা হৈছে। অধিক সাধাৰণভাৱে শব্দটোৱে যিকোনো ভৌতিক বা অভৌতিক সত্ত্বা বা ধাৰণাসমূহৰ কেন্দ্ৰ বা অপৰিহাৰ্য মূলক বুজাব পাৰে। ই হেড অফিচৰ দৰেই যিয়ে শৰীৰক নিয়ন্ত্ৰণ কৰি আছে। সকলো ধৰ্মতে “পৱিত্ৰ হৃদয়’’ৰ মানুহক ঈশ্বৰমুখী মানৱ বুলি কোৱা হয়। অসমীয় লোক-প্ৰবচনত কোৱা হয়, “পৱিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ’’।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মানুহৰ প্ৰথম যত্ন হ’ব লাগে নিজৰ হৃদয়ৰ তিৰস্কাৰৰ পৰা আঁতৰি থকা; তাৰপিছত পৃথিৱীৰ নিন্দাবোৰৰ পৰা: যদি শেষৰটোৱে প্ৰথমটোৰ লগত হস্তক্ষেপ কৰে, তেন্তে ইয়াক সম্পূৰ্ণৰূপে অৱহেলা কৰা উচিত।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ জোচেফ এডিচন, "ৰজাৰ ডি কভাৰলি"ৰ ওপৰত, দ্য স্পেক্টেটৰ নং ১২২ (২০ জুলাই ১৭১১)ত।