সমললৈ যাওক

হুমায়ুন আজাদ

ৱিকিউদ্ধৃতিৰ পৰা

হুমায়ুন আজাদ (২৮ এপ্ৰিল ১৯৪৭ – ১২ আগষ্ট ২০০৪) হ'ল এজন বাংলাদেশী কবি, ঔপন্যাসিক, ভাষাবিদ, সমালোচক, ৰাজনৈতিক ভাষ্যকাৰ, কিশোৰসাহিত্যিক, গৱেষক, আৰু অধ্যাপক। তেওঁ আছিল এজন প্ৰথাবিৰোধী আৰু বহুমাত্ৰিক মননশীল বাঙালী লেখক। তেওঁৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ৭০খনতকৈও অধিক। হুমায়ুন আজাদৰ ১০ খন কবিতা পুথি, ১৩ খন উপন্যাস, ২২ খন সমালোচনা গ্ৰন্থ, ৮ খন কিশোৰ সাহিত্যৰ গ্ৰন্থ, ৭ খন ভাষাবিজ্ঞানৰ গ্ৰন্থ তেওঁৰ জীৱনকালত বা মৃত্যুৰ ঠিক পিছতেই প্ৰকাশ পাইছিল। ১৯৯২ চনত নাৰীবাদী গৱেষণা গ্ৰন্থ "নাৰী" প্ৰকাশ কৰি সমগ্ৰ দেশত ঢৌ তুলে৷ ১৯৯৫ চনৰ পৰা ২০০০ খ্ৰীষ্টাব্দলৈ বাংলাদেশত এই গ্ৰন্থখন নিষিদ্ধ কৰা হৈছিল। এই গ্ৰন্থখনে তেওঁৰ বহুল চৰ্চিত গৱেষণামূলক গ্ৰন্থ হিচাপে স্বীকৃতি লাভ কৰিছে। সামগ্ৰিক সাহিত্যিক কাম আৰু ভাষাবিজ্ঞানৰ বিশেষ অৱদানৰ বাবে মৰণোত্তৰভাৱে ১৯৮৬ চনত বাংলা একাডেমী বঁটা আৰু ২০১২ চনত একুশে পদক বঁটা লাভ কৰে। ১৯৮৯ চনত প্ৰকাশিত তেওঁৰ কিশোৰ সাহিত্য আব্বুকে মনে পড়ে জাপানী ভাষালৈ অনূদিত হৈছে।

  • জনপ্ৰিয়তা হৈছে নমাৰ জখলা। আজিকালি বহুতেই জনপ্ৰিয়তাৰ পথেদি‍ নামিছে।
  • পৰমাত্মীয়ৰ মৃত্যুৰ শোকত মানুহে কিছু সুখ অনুভৱ কৰে যে তেওঁ নিজেই জীয়াই আছে।
  • বাঙালী মুছলমানৰ এটা গোষ্ঠীয়ে ধাৰণা কৰে যে‍ নজৰুলেই পৃথিৱীৰ একমাত্ৰ আৰু শেষ কবি। তেওঁলোকক আৰু কোনো কবিৰ প্ৰয়োজন নাই৷
  • বিফলসকলেই প্ৰকৃত মানুহ, সফলসকল চয়তান।
  • একনায়কত্ববাদীয়ে এতিয়া গণতন্ত্ৰৰ প্ৰশংসা কৰে, পুঁজিপতিসকল ব্যস্ত থাকে সমাজবাদৰ প্ৰশংসাত।
  • মই এনে এখন সমাজ বিচাৰো যিখনক ক'ব পাৰি‍ পশ্চিম ইউৰোপীয় সমাজৰ চূড়ান্ত ৰূপ। মই সমাজবাদী সমাজৰ সপোনত বিভোৰ নহয়, মই সকলোৰে‍ ভাল হোৱাটো বিচাৰোঁ - জ্ঞানচৰ্চা, আনন্দ, উল্লাস আৰু সকলো ৰীতি-নীতি অতিক্ৰম কৰি মানুহে সম্পূৰ্ণ মানৱীয় জীৱন যাপন কৰিব।
  • বাঞ্চিতজনৰ লগত সময় অতিবাহিত বিচাৰিলে কিতাপ তুলি লওক আৰু অবাঞ্চিতজনৰ লগত সময় কটাব বিচাৰিলে টেলিভিছন অন কৰক৷
  • আমাৰ প্ৰায় প্ৰতিজন মাৰ্ক্সবাদী তাত্ত্বিকৰ ভিতৰত এজন মৌলবাদীয়ে‍ বাস কৰে। মদ্যপানক পাপ, প্ৰেমক পাপ বুলি গণ্য কৰে, কিন্তু চাৰিবাৰ বিবাহ কৰা কাৰ্যক আপত্তিজনক বুলি‍ নাভাবে৷
  • জীৱনত কেতিয়াও উত্তৰ বিচাৰি নোপোৱা কিছুমান প্ৰশ্ন থাকে‍, শুধৰণি কৰিব নোৱৰা কিছুমান ভুল থাকে‍, কাকো ক’ব নোৱৰা কিছুমান যন্ত্ৰণা থাকে‍।
  • সমগ্ৰ বিশ্বজুৰি‍ প্ৰতিগৰাকী পুৰুষ-মহিলাই এতিয়া অনুভৱ কৰে যে তেওঁলোকৰ জীৱনটো ব্যৰ্থ; কাৰণ তেওঁলোক অভিনেতা বা অভিনেত্ৰী হ’ব নোৱাৰিলে৷
  • নিন্দুকসকল সম্পূৰ্ণ অসৎ হ’ব নোৱাৰে, কিছু সততা তেওঁলোকৰ পেছাৰ বাবে অপৰিহাৰ্য; কিন্তু প্ৰশংসাকাৰীৰ পেছাৰ বাবে মিছা কোৱাটোৱেই যথেষ্ট৷
  • মানুহ যেতিয়ালৈকে অসৎ তেতিয়ালৈকে তেওঁৰ কোনো শত্ৰু নাই; কিন্তু যি সৎ তেওঁৰ শত্ৰুৰ অভাৱ নাই৷
  • ৰাজনীতি আৰু সংস্কৃতি সম্পূৰ্ণ বিপৰীত; এটা ৰোগ আৰু আনটো স্বাস্থ্য৷
  • মানুহ যেতিয়ালৈকে অসৎ হৈ থাকে, তেতিয়ালৈকে তেওঁৰ কোনো শত্ৰু নাই; কিন্তু সৎ হোৱাৰ লগে লগে তেওঁৰ শত্ৰুৰ অভাৱ নাই।
  • মানুহৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱাটো পাপ, কিন্তু বাঙালীৰ ওপৰত বিশ্বাস ৰখাটো বিপদজনক।
  • মছজিদ ভাঙে ধাৰ্মিকসকলে, মন্দিৰো ভাঙে ধাৰ্মিকসকলে। তাৰ পিছতো সিহঁতে দাবী কৰে সিহঁত ধাৰ্মিক, আৰু যিসকল ভঙা-ছিঙাত নাই সিহঁত অধাৰ্মিক বা নাস্তিক।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
Commons
Commons