হাৰ্বাৰ্ট হুভাৰ
অৱয়ব

হাৰ্বাৰ্ট ক্লাৰ্ক হুভাৰ (ইংৰাজী: Herbert Clark Hoover ; জন্ম: ১০ আগষ্ট ১৮৭৪ – মৃত্যু: ২০ অক্টোবৰ ১৯৬৪) আমেৰিকাৰ ৩১ সংখ্যক ৰাষ্ট্ৰপতি (১৯২৯–৩৩)। তেওঁ এজন পেছাদাৰী খনি অভিযন্তা আছিল আৰু তেওঁ কোৱাকাৰ হিচাপে ডাঙৰ-দীঘল হৈছিল। ৰিপাব্লিকান হুভাৰে প্ৰথম বিশ্বযুদ্ধৰ সময়ত আমেৰিকাৰ খাদ্য প্ৰশাসনৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু যুদ্ধকালীন বেলজিয়ামত মানৱীয় সাহায্য প্ৰচেষ্টাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- এনে কোনো সংস্থাক কোনো ক্ষমতা প্ৰদান কৰাৰ কোনো কাৰণ মই দেখা নাই যাৰ ফলত ‘উচ্চ চৰকাৰ’ স্থাপনৰ প্ৰৱণতা ৰাখিব, বা যিয়ে যিকোনো প্ৰকাৰে জাতীয়তাবাদৰ গুৰুত্বপূৰ্ণ নীতিটোক দুৰ্বল কৰি তুলিব, যাৰ ওপৰত আমাৰ দেশপ্ৰেম আৰু প্ৰগতি নিৰ্ভৰশীল।
- - ১৯২২ চনত লীগ অৱ নেচনছৰ বিষয়ে মন্তব্য হাৰ্বাৰ্ট হুভাৰ এণ্ড ইকনমিক ডিপ্লমেচি: ডিপাৰ্টমেণ্ট অৱ কমাৰ্চ পলিচি, ১৯২১–১৯২৮
- আপোনালোকক সোঁৱৰাই দিওঁ যে ঋণ হৈছে বাণিজ্যৰ প্ৰাণ, মূল্য আৰু কৰ্মসংস্থাপনৰ প্ৰাণ।
- - আইঅ'ৱাৰ ডেচ মইনেছত দিয়া ভাষণ (৪ অক্টোবৰ, ১৯৩২)
- বৃদ্ধসকলে যুদ্ধ ঘোষণা কৰে; কিন্তু ডেকাবোৰেহে যুঁজি মৰিবলগীয়া হয়।[১]
- ধন্য ডেকাসকল, কিয়নো তেওঁলোকে জাতীয় ঋণৰ উত্তৰাধিকাৰী হ’ব।[১]
- - নেব্ৰাস্কা ৰিপাব্লিকান সন্মিলনত ভাষণ, লিংকন, নেব্ৰাস্কা (১৬ জানুৱাৰী ১৯৩৬)
- চান্টাক্লজৰ বাহিৰেও আন্ধাৰত ঘূৰি ফুৰা আন বহুতো বস্তু আছে।
- - জন মাৰ্শ্বেল ৰিপাব্লিকান ক্লাব, ছেইণ্ট লুইছ, মিছৌৰীত দিয়া ভাষণ (১৬ ডিচেম্বৰ, ১৯৩৫)
- স্বাধীনতা হৈছে সেই মুকলি খিৰিকী যাৰ মাজেৰে মানুহৰ আত্মা আৰু মানৱ মৰ্যাদাৰ সূৰ্য্যৰ পোহৰ বৈ যায়।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ Herbert Hoover Quotes. আহৰণ কৰা হৈছে: 24 এপ্ৰিল 2026.