স্বপ্নৰ কাৰাগাৰ (কবিতা সংকলন)
অৱয়ব
স্বপ্নৰ কাৰাগাৰ (ইংৰাজী: Swapnar Karagar) চৈয়দ পাৰভিজ হুচেইনৰ এখন কবিতা সংকলন৷ ২০১৮ চনৰ মাৰ্চ মাহত প্ৰথম প্ৰকাশ হোৱা এই কবিতা সংকলনখনৰ প্ৰকাশক সংস্কৃতি প্ৰকাশন, যোৰহাট - ১, অসম৷
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "ঈশ্বৰে মানিব নোৱাৰে
আন কোনো ঈশ্বৰক
বিষাদৰ দিনতো
বিলাপ কৰিব নোৱাৰে
কাৰো ওচৰত"[১]
- "দুখৰ বাঁহী বজাই বিষাদময় কৰি তুলিব পাৰি বতাহ
যিকোনো চুক্তিত স্বাক্ষৰ কৰি বিক্ৰী কৰি দিব পাৰি নিজক
ইচ্ছা কৰিলেই
সলাই দিব পাৰি নাম
কিন্ত সলাই দিব নোৱাৰি আই আৰু পিতাইক"[২]
- "হাবি বাঢি়লে ৰজাই ভয় কৰে
হাবি বাঢি়লে বৰলে বাহ ল'ব
গছপাতৰ আঁৰত ভ্ৰূণৰ দৰে
বাঢি়ব কিছুমান কোষ
কোষৰ গাত আৰু কোষ"[৩]
- "আপুনি হয়তো ভালদৰে জানে
সহজ যিমান মৃত্যু
জীয়াই থকাটো ইমান সহজ নহয়"[৪]
- "প্ৰেমিক হোৱাৰ যদি এটা তাৰিখ আছে
ৰঙা চিঞাহীৰে কেলেণ্ডাৰত দাগ দি ৰাখিম"[৫]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ হুচেইন, চৈয়দ পাৰভিজ (২০১৮)। স্বপ্নৰ কাৰাগাৰ। সংস্কৃতি প্ৰকাশন, মহাত্মা গান্ধী পথ, যোৰহাট-১, অসম, পৃষ্ঠা:১৫।
- ↑ হুচেইন, চৈয়দ পাৰভিজ (২০১৮)। স্বপ্নৰ কাৰাগাৰ। সংস্কৃতি প্ৰকাশন, মহাত্মা গান্ধী পথ, যোৰহাট-১, অসম, পৃষ্ঠা:২৩।
- ↑ হুচেইন, চৈয়দ পাৰভিজ (২০১৮)। স্বপ্নৰ কাৰাগাৰ। সংস্কৃতি প্ৰকাশন, মহাত্মা গান্ধী পথ, যোৰহাট-১, অসম, পৃষ্ঠা:৩১।
- ↑ হুচেইন, চৈয়দ পাৰভিজ (২০১৮)। স্বপ্নৰ কাৰাগাৰ। সংস্কৃতি প্ৰকাশন, মহাত্মা গান্ধী পথ, যোৰহাট-১, অসম, পৃষ্ঠা:৫১।
- ↑ হুচেইন, চৈয়দ পাৰভিজ (২০১৮)। স্বপ্নৰ কাৰাগাৰ। সংস্কৃতি প্ৰকাশন, মহাত্মা গান্ধী পথ, যোৰহাট-১, অসম, পৃষ্ঠা:৭১।