সমললৈ যাওক

স্নেহময় অনুভৱ

ৱিকিউদ্ধৃতিৰ পৰা

স্নেহময় অনুভৱ কবি নমিতা শইকীয়াৰ এখন কাব্য সংকলন। আকাশীতৰা প্ৰকাশনৰ পৰা প্ৰকাশিত সংকলনখন প্ৰথম প্ৰকাশ হৈছিল ২০০১ চনৰ ডিচেম্বৰত।

  1. "এতিয়াও মন হ'লেই চুব পাৰোঁ আকাশ
    বুজি পাব পাৰোঁ বতাহৰ ভাষা
    হৃদয় উজাৰি এতিয়াও ভাল পাব পাৰোঁ
    সহজে, বৰ সহজে।"[]
  2. "মৰণৰে তুহু মম শ্যাম সমান
    নিপুণ শিলাকুটিৰ দৰে তোমালোকৰ হাতত
    মৃত্যুৰ এক শৈল্পিক প্ৰকাশ।"[]
  3. "সৰাপাতে কয় যদি জীৱনৰ কথা
    সেই জীৱন তুমি জানো দেখিবা।"[]
  4. "চম্পাৱতী
    কোনে থ'লে তোৰ নাম
    কোলাহলৰ অদূৰত লুকাই
    বাই যাৱ পদুমৰ পানশৈ নাও।"[]
  1. শইকীয়া, নমিতা (২০৯১)। স্নেহময় অনুভৱ। আকাশীতৰা প্ৰকাশন, পৃষ্ঠা:৭।
  2. শইকীয়া, নমিতা (২০৯১)। স্নেহময় অনুভৱ। আকাশীতৰা প্ৰকাশন, পৃষ্ঠা:১৯।
  3. শইকীয়া, নমিতা (২০৯১)। স্নেহময় অনুভৱ। আকাশীতৰা প্ৰকাশন, পৃষ্ঠা:৩০।
  4. শইকীয়া, নমিতা (২০৯১)। স্নেহময় অনুভৱ। আকাশীতৰা প্ৰকাশন, পৃষ্ঠা:৪৩।