সুন্দৰৰ ন দিগন্ত (গ্ৰন্থ)
অৱয়ব
সুন্দৰৰ ন দিগন্ত ভূপেন হাজৰিকাৰ প্ৰথমখন গদ্যৰ কিতাপ৷[১] ১৯৬৭ চনত কিতাপখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ হৈছিল আৰু তৃতীয় সংস্কৰণ প্ৰকাশ হৈছিল ১৯৮৭ চনত৷ তৃতীয় সংস্কৰণৰ প্ৰকাশক লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী - অসম৷
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "পেৰিচৰ আধুনিক শিল্পীৰ চিত্ৰত যদি উত্তৰ আফ্ৰিকাৰ লোককলাৰ চাপ পাওঁ, ফিনলেণ্ডত বহি 'ককো' উৎসৱত যদি অসমৰ মাঘৰ বিহুৰ সুৰ পাওঁ, মস্কো মহানগৰীৰ পাঠশালাৰ অকণিৰ মুখত যদি পঞ্চতন্ত্ৰ কথামুখমৰ সাধুকথা শুনোঁ, নিউঅৰ্লিয়েন্স চহৰলৈ গৈ যদি ফ্ৰান্সৰ স্থাপত্য পাওঁ, মেক্সিকোৰ সীমালৈ গৈ যদি আৰবীয় সুৰৰ আভাস পাওঁ, ওকলাহোমাৰ ৰেড ইণ্ডিয়ানৰ গাঁৱলৈ গৈ যদি মই বাঁহৰ চুঙাত চাউলৰ পিঠা খাওঁ, তেন্তে পৃথিবীখনৰ সভ্যতাত এক মহা সমন্বয় কেতিয়াবাই হোৱা বুলি ক'লে নিশ্চয় অযুক্তিসঙ্গত নহ'ব৷"[২]
- "সোঁৱৰণী তেজ হৈ আমাৰ মাজত তগবগাব লাগিব৷ অভিজ্ঞতাই শিল্পীৰ সত্ত্বাক শিল্পীৰ সৃষ্টিক Super active কৰি তুলিব লাগিব৷ সুৰকাৰ বিথোভেনৰ নৱম ছিম্ফনী তেওঁৰ জীৱনৰ এন্ধাৰ অভিজ্ঞতাৰ বিৰুদ্ধে কৰা পোহৰৰ এক মহা অভিযান৷ কাজী নজৰুল আৰু জ্যোতিপ্ৰসাদৰ গীত আপোন মন আৰু মানৱ সমাজত জ্যোতি দিয়াৰ এক বিৰাট প্ৰচেষ্টা৷ এই সকলোৱে জ্যোতি যচাৰ মূলতে আছিল এওঁলােকৰ মানৱ প্ৰেম৷"[৩]
- "আমাৰ অসমীয়াত এটি কথা আছে,"কাক ক'ম কোনে পতিয়াব, যাকে ক'ম সিয়ে লঠিয়াব৷" পিচে সেই যুগ আৰু নাই৷ আজিৰ যুগত অভিজ্ঞতাৰ পৰা কথা কৈ যাব - যাতে লোকে পতিয়ায়৷ পিচে যাকে ক'ব সিয়ে লঠিয়াব - নোৱাৰে৷ পতিয়ায় নপতিয়ায় সেইটো তেওঁলোকৰ কথা৷ লঠিয়াব তেওঁলোকৰ ইচ্ছা মতে? ওহোঁ, সেই যুগ গ'ল! দেউতাৰ পদূলি সাৰি সাৰি কঁকাল বেঁকা কৰিলে অসমীয়া সংস্কৃতিৰ সাধনা নহয়৷ সেয়া Inferiority complex ভৰা surrender হে৷"[৪]
- "স্তব্ধতাৰো এটি শব্দ আছে!!"[৫]
- "আজিৰ অসমত যিসকল 'সমালোচকে' নন্দনতত্ত্ব লৈ আলোচনা কৰি আছে, বা কৰিব খুজিছে তেওঁলোকৰ বেছিভাগেই সৌন্দৰ্য্যবোধৰ প্ৰয়োগত অনভিজ্ঞ বুলি ক'লে অত্যুক্তি কৰা নহয় বুলি মই ভাবোঁ৷ প্ৰত্যক্ষভাৱে যিসকল 'সমালোচক', তেওঁলােকৰ শিল্প কিম্বা সাহিত্যৰ সৈতে কিঞ্চিত 'একাডেমিক' ধৰণৰ পৰিচয় থাকিলেও নন্দনতত্ত্ব বা তাৰ সৈতে জডি়ত সৌন্দৰ্য্য দৰ্শনৰ ব্যৱহাৰিক বিচাৰ আৰু পদ্ধতিৰ সৈতে যথাযথ পৰিচয় হোৱা নাই৷"[৬]
- "অসমীয়া শাস্ত্ৰীয় সত্ৰীয়া সঙ্গীতৰ ব্যাকৰণ সৰল নহয় বাবেই তাৰ শিক্ষাৰ আৰু সাধনাৰ বাবে বৈজ্ঞানিক শিক্ষা পদ্ধতিত ভেটি কৰা শিক্ষালয় এতিয়াই লাগে৷ পলম কৰিলে বিপদ আছে৷ বৰ ঘৰৰ জপাৰ কাঠি এবাৰ হেৰালে বিচাৰি পোৱা টান হ'ব৷"[৭]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ হাজৰিকা, ভূপেন (১৯৮৭)। সুন্দৰৰ ন দিগন্ত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী - অসম৷, পৃষ্ঠা:ব্যক্তিগত।
- ↑ হাজৰিকা, ভূপেন (১৯৮৭)। সুন্দৰৰ ন দিগন্ত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী - অসম৷, পৃষ্ঠা:৩।
- ↑ হাজৰিকা, ভূপেন (১৯৮৭)। সুন্দৰৰ ন দিগন্ত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী - অসম৷, পৃষ্ঠা:১৩।
- ↑ হাজৰিকা, ভূপেন (১৯৮৭)। সুন্দৰৰ ন দিগন্ত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী - অসম৷, পৃষ্ঠা:২৪-২৫।
- ↑ হাজৰিকা, ভূপেন (১৯৮৭)। সুন্দৰৰ ন দিগন্ত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী - অসম৷, পৃষ্ঠা:৪২।
- ↑ হাজৰিকা, ভূপেন (১৯৮৭)। সুন্দৰৰ ন দিগন্ত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী - অসম৷, পৃষ্ঠা:৬৩।
- ↑ হাজৰিকা, ভূপেন (১৯৮৭)। সুন্দৰৰ ন দিগন্ত। লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী - অসম৷, পৃষ্ঠা:৭৪।