সমললৈ যাওক

সুনীল গংগোপাধ্যায়

ৱিকিউদ্ধৃতিৰ পৰা

সুনীল গঙ্গোপাধ্যায় বা সুনীল গাংগুলী (ইংৰাজী: Sunil Gangopadhyay; ৭ ছেপ্টেম্বৰ ১৯৩৪ – ২৩ অক্টোবৰ ২০১২)[] হৈছে কলিকতাৰ এগৰাকী ভাৰতীয় কবি, ইতিহাসবিদ আৰু ঔপন্যাসিক।[] বিংশ শতিকাৰ শেষ ভাগত তেওঁ সক্ৰিয় হৈছিল আৰু মৃত্যুৰ আগলৈকে প্ৰায় চাৰি দশক জুৰি বাংলা ভাষা সাহিত্যৰ এগৰাকী অন্যতম সাহিত্যিক ৰূপে পৰিচিতি লাভ কৰিছিল। তেওঁ কলিকতাৰ এগৰাকী প্ৰাক্তন শ্বেৰিফ আছিল। গঙ্গোপাধ্যায়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বাংলা ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৫৩ চনত তেওঁ আৰু তেওঁৰ কেইজনমান বন্ধুৱে কৃত্তিবাস নামৰ এখন বাংলা কবিতা আলোচনী আৰম্ভ কৰিছিল। পিছত তেওঁ বিভিন্ন প্ৰকাশনৰ বাবে লিখিছিল। লেখাৰ ক্ষেত্ৰত তেওঁ নীল লোহিত, সনাতন পাঠক, নীল উপাধ্যায় ছদ্মনাম ব্যৱহাৰ কৰিছিল।[]

  • মই অন্তৰৰ পৰা কোনো ধৰ্মত বিশ্বাস নকৰোঁ, তথাপিও সমাজে মোক হিন্দু বুলি পৰিচয় দিব।
    • "আমি কি বাঙালি?" - সুনীল গঙ্গোপাধ্যায়। পত্ৰ ভাৰতী প্ৰকাশনী। পৃষ্ঠা ৬৬
  • মানুহে মানুহক ৰক্ষা কৰে, মানুহে মানুহক হত্যা কৰে। মানুহে হিন্দু আৰু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি কৰে, আৰু মানুহে এই বিভাজন মচি পেলাব পাৰে।
    • প্ৰথম আলো- সুনীল গঙ্গোপাধ্যায়, দ্বিতীয় পৰ্ব, প্ৰকাশক- আনন্দ পাবলিশাৰ্স প্ৰাইভেট লিমিটেড, প্ৰকাশস্থান- কলকাতা, প্ৰকাশসাল- , পৃষ্ঠা ৪০১
  • যিকোনো সংস্কাৰ ভংগ কৰাসকলে প্ৰথমে বহু সমালোচনা সহ্য কৰিব লগা হয়। নতুন পথ দেখুওৱাসকলে বাটত বহুতো বাধাৰ বাবে সাজু হ’ব লগা হয়। স্বাধীনতাৰ আকাংক্ষা কৰাসকলে বহু বন্ধ দুৱাৰ খুলিব লগা হয়। এইটোও সঁচা যে যিসকল অগ্ৰগামী, তেওঁলোকৰ উৎসাহত, অলপ বেছি দূৰলৈ যায়, আৰু কেতিয়াবা তেওঁলোকৰ স্বাধীন মনোভাৱ অহংকাৰী যেন লাগে, আৰু তেওঁলোকৰ স্পষ্ট নতুনত্ব আড়ম্বৰপূৰ্ণ যেন লাগে।
    • প্ৰথম আলো ১ উপন্যাস থেকে। [১]
  • দেশপ্ৰেম হ'ল দেশৰ উন্নতি আৰু মানৱিক প্ৰগতিৰ প্ৰতি অবিচল আদৰ্শ।
    • সুনীল গঙ্গোপাধ্যায় [২]
  • আত্মগোপন কৰিবলৈ গৈ কেইদিনমান পিছত বহুতেই আত্মপৰিচয়টোৱেই পাহৰি যায়।
    • সুনীল গঙ্গোপাধ্যায়। পূৰ্ব-পশ্চিম।
  • বাল্যকালত এটা বিষম সুখ আছিল
    তেতিয়া কোনো বাল্যকালৰ স্মৃতি নাছিল।
    • সুনীল গঙ্গোপাধ্যায়। কবিতাসমগ্ৰ ২, "স্মৃতি"-কবিতাৰ অংশ [৩]
  • সাহিত্য এক প্ৰবল নিচা, ই তেজৰ লগত মিহলি হৈ যায়, এবাৰ এই নিচাই ঠাই ল’লেই তেওঁৰ বাবে আন কোনো উপায় নাই। আকৌ এইটো সঁচা হ’ব পাৰে, বহু লেখকে এই নিচাৰ পৰা কোনোবা নহয় কোনোবা সময়ত পৰিত্ৰাণ পাব বিচাৰে! সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত খ্যাতি, গৌৰৱ আৰু ধনৰ সম্ভাৱনা আছে, কিন্তু তাৰ বাবে লেখকে ভিতৰি ভিতৰি ইমান যন্ত্ৰণা সহ্য কৰিব লাগিব! শব্দৰ বিষ এবাৰ তেজৰ লগত মিহলি হ’লে আনৰ বাবে বুজাটো সম্ভৱ নহয়।
    • সুনীল গঙ্গোপাধ্যায়। "পায়েৰ তলায় সৰ্ষে-২য় খণ্ড"[৪]
  • অন্ধকাৰ শ্মশানত ভীৰুৱে ভয় কৰে, সাধকে তাতেই সিদ্ধি লাভ কৰে।
    • সুনীল গঙ্গোপাধ্যায়। কবিতাসমগ্ৰ ১, "সেই সব স্বপ্ন" কবিতাৰ অংশ। [৫]
  • ...... এইবিলাক মোৰ পুৰণি পোচাক, খুব প্ৰিয় আছিল, এতিয়া শৰীৰত ঠেক হৈ পৰে, নুশুৱায় আৰু
    তোমাক দিলোঁ, নৱীন কিশোৰ, ইচ্ছা যায় যদি শৰীৰত ভৰোৱা
    অথবা ঘৃণা কৰি দূৰলৈ পেলাই দিয়া, যি খুচি তোমাৰ
    তোমাক মোৰ তোমাৰ বয়সৰ সকলোখিনি দিবলৈ বৰ হেঁপাহ জাগে।
    • উত্তৰাধিকাৰ (কবিতা)
  1. ১.০ ১.১ "Bengali writer Sunil Gangopadhyay dies of a heart attack at 78", CNN-IBN, 23 October 2012.
  2. Sunil Gangopadhyay. প্ৰকাশক: Library of Congress.