সুনীতা উইলিয়ামছ্
অৱয়ব

সুনীতা লিন উইলিয়ামছ (জন্ম ১৯ ছেপ্টেম্বৰ, ১৯৬৫), যাক আমেৰিকা যুক্তৰাষ্ট্ৰত ছুনি আৰু স্লোভেনিয়াত ছনচ্কা নামে জনা যায়, এগৰাকী আমেৰিকান মহাকাশচাৰী, আমেৰিকাৰ নৌসেনাৰ বিষয়া। তেওঁ এগৰাকী মহিলাৰ দ্বাৰা অধিক সময় মহাকাশ ভ্ৰমণ (সাতবাৰ) কৰা আৰু এগৰাকী মহিলাৰ দ্বাৰা সৰ্বাধিক সময় মহাকাশত খোজ কঢ়াৰ (৫০ ঘণ্টা, ৪০ মিনিট) প্ৰাক্তন অভিলেখধাৰী। উইলিয়ামছক ১৪ নং অভিযান আৰু ১৫ নং অভিযানৰ সদস্য হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত নিযুক্তি দিয়া হৈছিল। ২০১২ চনত ৩২ নং অভিযানত বিমান অভিযন্তা আৰু তাৰ পিছত ৩৩ নং অভিযানৰ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ভ্ৰমণ সদায় আচৰিত। কিতাপ এখনত গন্তব্যস্থানৰ বিষয়ে পঢ়ি অধিক বুজিব নোৱাৰা যেতিয়ালৈকে তুমি তালৈ নোযোৱা। গতিকে, এখন ঠাইৰ বিষয়ে মোৰ বিচাৰ সাঁচি ৰাখোঁ কাৰণ প্ৰতিবাৰেই বিভিন্ন ঠাইলৈ যোৱাৰ সময়ত মই আচৰিত হওঁ। আৰু মই সেইটো ভাল পাওঁ।[১]
- ভাৰতক মহাকাশৰ পৰা দেখাত ৰত্নৰ দৰে দেখি।[২]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ https://www.cntraveller.in/story/conversation-sunita-williams/ Interview in the Condé Nast Traveller by Sahar Khan (2010)
- ↑ https://www.indiatoday.in/india/video/exclusive-india-looks-like-a-jewel-from-space-says-sunita-williams-438745-2016-02-27 Interview with India Today (2016)