সুধা মূৰ্তি
অৱয়ব
সুধা মূৰ্তি ( ইংৰাজী: Sudha Murthy,জন্ম ১৯ আগষ্ট, ১৯৫০ চন)ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ এখন সৰু নগৰ শিগগাঁওত হৈছিল। তেওঁ ইঞ্জিনিয়াৰিং শাখাত শিক্ষালাভ কৰি ভাৰতৰ প্ৰথম মহিলা ইঞ্জিনিয়াৰসকলৰ ভিতৰত এগৰাকী হিচাপে পৰিচিত হয়।তেওঁ Infosysৰ সহ-প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ পত্নী। সুধা মূৰ্তি Infosys Foundationৰ জৰিয়তে শিক্ষা, স্বাস্থ্য আৰু সমাজসেৱাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁ সহজ ভাষাত লিখা কাহিনী আৰু জীৱনৰ অভিজ্ঞতাৰ বাবে বিশেষকৈ জনপ্ৰিয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “জীৱনত সহজতা আৰু সততাই মানুহক মহান কৰে।”[১]
- “জ্ঞানেই সৰ্বশ্ৰেষ্ঠ সম্পদ, যাক কেতিয়াও কোনোবাই চুৰি কৰিব নোৱাৰে।”[২]
- “সফলতা মানে কেৱল ধন নহয়, মানুহৰ হৃদয় জয় কৰা।” [৩]
- “দয়া আৰু সহায় কৰাটো জীৱনৰ আটাইতকৈ ডাঙৰ গুণ।”[৪]
- “সৰু সৰু কামেও ডাঙৰ পৰিৱর্তন আনিব পাৰে।” [৫]