সমললৈ যাওক

সুদীৰ্ঘ দিন আৰু ঋতু (কাব্যগ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

সুদীৰ্ঘ দিন আৰু ঋতু,ড° নিৰ্মলপ্ৰভা বৰদলৈৰ এখনি কাব্য সংকলন।এই কাব্য সংকলনৰ বাবে তেখেতে,১৯৮৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[]

১.সপোনৰ দেশৰ বাটচ'ৰাতে সময় গ'ল ঠেলা-হেঁচাত।

২.বুকুত বাঁহী মুখত শঙ্খ বাঁহীত যেনেকৈ নৈ শঙ্খ তেনেকৈ সময়

৩.শিল আৰু শিলৰ সংঘৰ্ষৰ মাজত থকা সোম স্বৰূপ জীৱন বৈ যাওঁক পোহৰ হৈ অমৃত হৈ।

৪.তেওঁৰ দুয়ো চকু ঠিক যেন স্বচ্ছ আয়না,প্ৰতিবিম্বিত তাত সত্যৰ মুখ।

৫.ঝাড়ুৰ আগৰ ধূলি হ'বলৈ মোৰ বুকুত লাগে ঝাড়ুৰ আগৰ ধূলি হোৱা দেখিলে মোৰ বুকুত লাগে আমাৰ দুয়োহাতে সূৰ্য প্ৰণাম কৰে মনে প্ৰদক্ষিণ কৰে সূৰ্য তথাপি মানুহৰ পৃথিৱীত, বন্দী পৰিস্থিতিৰ পোতাশালত। জন্মতে মানুহ মুক্ত।

  1. ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচনাৱলী, সম্পাদনা:পৰাগ কুমাৰ ভট্টাচাৰ্য,পৃষ্ঠা-৭২,৭৩,৭৪,৭৬