সুকান্ত ভট্টাচাৰ্য

সুকান্ত ভট্টাচাৰ্য (ইংৰাজী: Sukanta Bhattacharya; ১৫ আগষ্ট, ১৯২৬ - ১৩ মে', ১৯৪৭) বাংলা সাহিত্যৰ প্ৰগতিশীল মতাদৰ্শৰ এজন যুৱ কবি। তেওঁৰ জন্ম নিম্নবৰ্গৰ পৰিয়ালত। মাৰ্ক্সবাদী মতাদৰ্শত বিশ্বাসী কবি হিচাপে সুকান্তই কবিতা লিখি বাংলা সাহিত্যত এক অনন্য স্থান খোদিত কৰিছিল। তেওঁ আছিল জনসাধাৰণৰ কবি। সুখ-দুখ তেওঁৰ কবিতাৰ মূল বিষয়বস্তু আছিল। তেওঁ বাৰে বাৰে সকলো শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিছিল। মানৱতাবাদী চেতনাৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ বাংলা কবিতাৰ গতানুগতিক প্ৰেক্ষাপট আমূলভাৱে সলনি কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ কবিতাত অন্যায় আৰু বৈষম্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদে পাঠকক সজাগ কৰি তুলিছিল। সুকান্তই পৃথিৱীত বাস কৰিছিল মাত্ৰ একবিংশ বছৰ। তেওঁৰ উত্থানৰ প্ৰায় লগে লগে বাংলা সাহিত্যই সুকান্তক এক আচৰিত প্ৰতিভা হিচাপে স্বীকৃতি দিছিল। কিন্তু তেওঁৰ বিকাশ হোৱাৰ লগে লগে সেই আচৰিত প্ৰতিভাৰ জীৱনটো ওলাই গ’ল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- প্ৰয়োজন নাই কবিতাৰ স্নিগ্ধতা---
কবিতা, তোমাক দিলোঁ আজি বিৰতি,
ক্ষুধাৰ্ত ৰাজ্যত পৃথিৱী গদ্যময়:
পূৰ্ণিমাৰ জোনৰ দৰে
উজ্জ্বল ৰুটী।- হে মহাজীবন, ছাড়পত্ৰ- সুকান্ত ভট্টাচাৰ্য, প্ৰকাশক- সাৰস্বত লাইব্ৰেৰী, কলিকাতা, পুনৰ্মুদ্ৰণ- জেঠ ১৩৬২, পৃষ্ঠা ৭৪
- দৌৰবীৰ! দৌৰবীৰ!
কেতিয়া পৰিব ওৰ এই বোজা টনা দিনৰ?
ৰাতিৰ শেষত সূৰ্য উঠিব কেতিয়া?
ঘৰত অনাটন; সেয়ে ভাব হয় পৃথিবী যেন ক'লা ধোঁৱা,
পিঠিত ধনৰ মোনা, তথাপি এই ধনক নহয় চুই চোৱা।- ৰানাৰ, ছাড়পত্ৰ- সুকান্ত ভট্টাচাৰ্য, প্ৰকাশক- সাৰস্বত লাইব্ৰেৰী, কলিকাতা, পুনৰ্মুদ্ৰণ- জেঠ ১৩৬২, পৃষ্ঠা ৬৪
- আৰু ভাবাচোন আকাশত আছে এটা ধ্ৰুৱ তৰা
গতিৰ নিৰ্দেশত আগবাঢ়িছে নদীৰ ধাৰা,
অৰণ্যৰ মৰ্মৰধ্বনিত আছে বিপ্লৱৰ ভাষা,
আৰু আছে পৃথিৱীৰ চিৰন্তণ আৱৰ্তন।- ঐতিহাসিক, ছাড়পত্ৰ- সুকান্ত ভট্টাচাৰ্য, প্ৰকাশক- সাৰস্বত লাইব্ৰেৰী, কলিকাতা, পুনৰ্মুদ্ৰণ- জেঠ ১৩৬২, পৃষ্ঠা ৫৪
- " বঢ়িয়া বাঙালি! বঢ়িয়া! / স্বাধীনতাৰ জোৱাৰত উটি যোৱা!"
- স্বাধীনতা কবিতা, ছাড়পত্ৰ- সুকান্ত ভট্টাচাৰ্য, প্ৰকাশকাল: ১৯৪৮