সাগৰতলিৰ শঙ্খ
অৱয়ব
সাগৰতলিৰ শঙ্খ ডঃ হীৰেন গোহাঁই সম্পাদিত নীলমণি ফুকনৰ নিৰ্বাচিত কবিতাৰ সংকলন৷ সংকলনখনত নীলমণি ফুকনৰ নিৰ্বাচিত কবিতাৰ লগতে ফুকনৰ জীৱন, কৃতি আৰু মতামত সম্পৰ্কে সুদীৰ্ঘ সাক্ষাৎকাৰৰ লগতে কবিতা সম্পৰ্কীয় ফুকনৰ প্ৰবন্ধসমূহ সন্নিৱিষ্ট হৈছে৷ এই সংকলনখনৰ প্ৰথম সংস্কৰণৰ পাতনিটো অসমীয়া সাহিত্যৰ এক সম্পদ৷ ডিচেম্বৰ, ২০২২ চনৰ সংকলনখনৰ পূৰ্বায়ন সংস্কৰণ প্ৰকাশ হয়৷ এই সংকলনত প্ৰথম সংস্কৰণৰ পাতনিৰ লগতে নতুন সংস্কৰণৰ পাতনি সন্নিৱিষ্ট কৰা হৈছে৷
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "ভুলতে তোমাক বিছনাখনত
খেপিয়াই ফুৰিছিলোঁ;
তুমি যে পৰ্বতটোৰ নামনিত
তিলফুল হৈ
হালি-জালি ফুলি আছা৷"[১] - "টোপনিতো তেওঁ মোক খেদি ফুৰিছিল
তেওঁ বাৰু এতিয়া ক'ত আছে
আছেনে বাৰু তেওঁৰ মুখত
সেই উভালি পৰা এজোপা গছ
ওঁঠ দুখনত আছে নে বৈ
পানী ৰঙা হোৱা দুখন নৈ"[২] - "য'তেই থাকোঁ
য'তেই আছোঁ
সাৰে আছোঁ নে
কিমান বাৰু সাৰে আছোঁ
জীয়াই আছোঁ নে
কিমান বাৰু জীয়াই আছোঁ
ক'ত আছোঁ"[৩] - "যোৱা ৰাতি মই কি আছিলোঁ
ৰজা সন্ন্যাসী কৃষক শ্ৰমিক
প্ৰেমিক নক্সাল কবি
চিকাৰৰ পিছত পানী বিচাৰি
ফুৰা এটা বাঘ
কি আছিলোঁ পাহৰিলোঁ"[৪] - "তুমি মোক হাত এখনকে দিলা
যিখন হাতেৰে তুমি তুলি লৈছিলা
অশ্বাৰোহী সৈন্যদলে গছকি যোৱা
প্ৰথম বসন্তৰ সূৰ্য"[৫] - "কত কথা পাহৰিলোঁ কত কথা পাহৰি থাকোঁ
শৈশৱতে শুনা এটা নিচুকনি গীতৰ বতাহত
মাজে মাজে অনুকৰণ কৰাৰ চেষ্টা কৰোঁ
দুৰ্ভগীয়া এগৰাকী মাতৃৰ মুখাবয়ৱত
লুকাই থকা
এজাক সাগৰীয় হাঁহৰ মাত"[৬]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ গোহাঁই, ড° হীৰেন (সম্পাদনা) (ডিচেম্বৰ, ২০২২)। সাগৰতলিৰ শঙ্খ। পূৰ্বায়ন প্ৰকাশন, গুৱাহাটী - ১, অসম, পৃষ্ঠা:৪৭। ISBN: 978-81-960695-0-6।
- ↑ গোহাঁই, ড° হীৰেন (সম্পাদনা) (ডিচেম্বৰ, ২০২২)। সাগৰতলিৰ শঙ্খ। পূৰ্বায়ন প্ৰকাশন, গুৱাহাটী - ১, অসম, পৃষ্ঠা:৬৬। ISBN: 978-81-960695-0-6।
- ↑ গোহাঁই, ড° হীৰেন (সম্পাদনা) (ডিচেম্বৰ, ২০২২)। সাগৰতলিৰ শঙ্খ। পূৰ্বায়ন প্ৰকাশন, গুৱাহাটী - ১, অসম, পৃষ্ঠা:১০৫। ISBN: 978-81-960695-0-6।
- ↑ গোহাঁই, ড° হীৰেন (সম্পাদনা) (ডিচেম্বৰ, ২০২২)। সাগৰতলিৰ শঙ্খ। পূৰ্বায়ন প্ৰকাশন, গুৱাহাটী - ১, অসম, পৃষ্ঠা:১১৫। ISBN: 978-81-960695-0-6।
- ↑ গোহাঁই, ড° হীৰেন (সম্পাদনা) (ডিচেম্বৰ, ২০২২)। সাগৰতলিৰ শঙ্খ। পূৰ্বায়ন প্ৰকাশন, গুৱাহাটী - ১, অসম, পৃষ্ঠা:১২৬। ISBN: 978-81-960695-0-6।
- ↑ গোহাঁই, ড° হীৰেন (সম্পাদনা) (ডিচেম্বৰ, ২০২২)। সাগৰতলিৰ শঙ্খ। পূৰ্বায়ন প্ৰকাশন, গুৱাহাটী - ১, অসম, পৃষ্ঠা:১৪২। ISBN: 978-81-960695-0-6।