সমললৈ যাওক

সাক্ষী হ'বা সৰযু

ৱিকিউদ্ধৃতিৰ পৰা

সাক্ষী হ'বা সৰযু অসমীয়া সাহিত্যৰ পুৰাকথা ভিত্তিক এখন চুটিগল্পৰ সংকলন। সাহিত্যিক ড' মানিক শইকীয়াৰ এই গ্ৰন্থখন প্ৰথম প্ৰকাশ পাই শংকৰদেৱ প্ৰকাশনৰ পৰা ২০২১ বৰ্ষৰ নৱেম্বৰত।

  1. "সোঁহাতৰ বুঢ়া আঙুলিৰ তপত তেজেৰে একলব্যই গুৰু দ্ৰোণাচাৰ্যৰ বাবে মহাভাৰতৰ পাতত অনাদি কালৰ বাবে খোদিত কৰি থৈ গ'ল সেই চিৰন্তন ধিক্কাৰবাণী- তুমি গুৰুৰ নিচিনা মহান অথবা উদাৰ হোৱাটো বাদেই, মানুহেই হ'ব নোৱাৰিলা।"[]
  2. "মোৰ বুকুৰ বাগিচাত যে- তুমি ফুল হৈ ফুলিছিলা, চৰাই হৈ বহিছিলা, বাহ এটি সাজিছিলা।"[]
  3. "ৰুক্মিণী হেনো ৰজাৰ জীয়ৰী। আনহাতে সত্যভামাও ৰজাৰেই ছোৱালী যদিও অৰণ্যনিবাসী। অৰ্থাৎ তোমাৰ ললনাপ্ৰিয় স্বভাৱে একে একে দুই ধৰণৰ দুগৰাকী গাভৰুৰ সংগসুখ লাভৰ ব্যৱস্থা কৰি লৈছা।"[]
  4. "ত্ৰৈলোক্য পদানত যাৰ, তেনেহেন দৈতেন্দ্ৰ মই হিৰণ্যকশিপু। ব্ৰহ্মাৰ আৰ্শীবাদত এক প্ৰকাৰে অমৰত্ব লাভ কৰি আছোঁ মই। অকণ্টকা ৰাজভোগ মোৰ বাবে সাধাৰণ কথা। কিন্তু কি হ'ব এনেদৰে জীয়াই থাকি? মোৰ ল'ৰাই মোৰ কথা নুশুনে। প্ৰহ্লাদে মোৰ দৰে নামানে।"[]
  1. শইকীয়া, মানিক (২০২১)। সাক্ষী হ'বা সৰযু। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:১৯।
  2. শইকীয়া, মানিক (২০২১)। সাক্ষী হ'বা সৰযু। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৩২।
  3. শইকীয়া, মানিক (২০২১)। সাক্ষী হ'বা সৰযু। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৩৯।
  4. শইকীয়া, মানিক (২০২১)। সাক্ষী হ'বা সৰযু। শংকৰদেৱ প্ৰকাশন, পৃষ্ঠা:৭১।