| “ক'ৰবাত নহয় ক'ৰবাত কোনোবা এজন আছেই;যি আকুলতাৰে চুই যাব পাৰে হৃদয়ৰ সুগভীৰ প্ৰান্তৰ।যিজনে আহাৰমহীয়া নিজান হাবিত জিলিৰ মাতৰ দৰে ৰি-ৰিয়াই জগাই তুলিব পাৰে মানৱ প্ৰাণৰ বিষাদৰ আটাইবোৰ সুপ্ত চেতনাস্ৰোত।জীৱনৰ একান্ত নিৰ্জন পৰত এনে এক তীব্ৰ আলোড়নময় ৰহস্য-কোষেৰে মানুহে স্পৰ্শ কৰে পৰম কাৰুণিক সেই দৈৱিক অঞ্জলি।”
|