সাঁচ:আজিৰ উদ্ধৃতি/নৱেম্বৰ-২০২৫/২
অৱয়ব
| “সমস্তই ৰাজনীতি’(Everything is politics) – ঊনবিংশ শতিকাৰ নাতিখ্যাত য়ুৰোপীয় লেখক গটফ্ৰিয়েড কেলনাৰে সাহিত্য প্ৰসংগত এবাৰ মন্তব্য কৰিছিল এইদৰে৷ ৰাজনীতি বুলিলেই উচপ খাই উঠা, অন্তঃসাৰশূন্য আংগিককেই সাহিত্য বুলি ভবা আমাৰ কুসুম-কোমল, আলসুৱা সাহিত্যিকবৃন্দক কেলনাৰৰ এনে ‘খহটা’ উক্তিয়ে বিৰক্ত তথা ভীত কৰা স্বাভাৱিক৷ পোনপটীয়াকৈ হওক বা আওপকীয়াকৈ হওক, ৰাজনীতিৰ লগত সম্পৰ্ক নথকা কোনো বিষয়বস্তু বিচাৰি নাপাই এই সাহিত্যিকবৃন্দই ৰূপজনিত সৌন্দৰ্যকেই সাহিত্য বুলি সাবট মাৰি ধৰে৷ তেওঁলোকে পাহৰি যায় যে জীৱন, জৈৱনিক অনুভূতি শাওনমহীয়া বৰ লুইতৰ দৰে; আংগিকৰ সৌন্দৰ্যলৈ ই অপেক্ষা নকৰে, বৰং সৌন্দৰ্যক ই তাৰ পাৰভঙা ধলৰ স’তে কঢি়য়াই আনে৷ সেয়ে নোহোৱা হ’লে আংগিকৰ প্ৰতি সামান্য আওকণীয়া টলষ্টয়ৰ ৰচনাৰাজি মহৎ সাহিত্য বুলি আজিও বিবেচিত হৈ নাথাকিলহেঁতেন৷” |
| ~ শিৱনাথ বৰ্মন ~ |