| “জীৱন মানে মই বুজোঁ কাম। যাৰ যি কাম। যি মানুহে কাম নকৰে তেনে মানুহৰ কোনো জীৱন থাকিব পাৰে বুলি মই বিশ্বাস নকৰোঁ। সেয়েহে মোৰ চকুত আটাইতকৈ ঘৃণনীয় জীৱন হ’ল নিষ্কৰ্মা সন্ন্যাসীৰ জীৱন। একমাত্ৰ কামেই মানুহৰ জীৱনটো নিত্য-নৱ-ৰূপত গঢ়ি থাকে। একমাত্ৰ কামৰ দ্বাৰাই মানুহে প্ৰাগৈতিহাসিক কালৰ সেই আদিম বৰ্বৰ অৱস্থাৰ পৰা ক্ৰমাৎ উন্নতি কৰি কৰি আজিৰ অৱস্থা পাইছেহি। কামেই হ'ল জীৱনৰ শ্ৰেষ্ঠতম উপাসনা।”
|