সমললৈ যাওক

শ্ৰেষ্ঠ গল্প (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

শ্ৰেষ্ঠ গল্প ড০ প্ৰণৱজ্যোতি ডেকাৰ দ্বাৰা ৰচিত গল্প সংকলন। গ্ৰন্থ খনৰ প্ৰথম মুদ্ৰণ প্ৰকাশ কৰিছিল বান্ধৱ প্ৰকাশনে, ২০২১ চনৰ ডিচেম্বৰ মাহত। ২০২৩ চনৰ ডিচেম্বৰত বান্ধৱ প্ৰকাশনে চতুৰ্থ মুদ্ৰণ প্ৰকাশ কৰে। গ্ৰন্থখনে ২০০২ চনত অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা আৰু ২০২৩ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[]

  1. "পলাল কিয় হাৰামজাদাই? ইন্দ্ৰ মহাজনৰ ছোৱালীৰ-" ইব্ৰাহিমে হাত দুখন পেটৰ ওচৰলৈ আনি এনে এটা বিশেষ ভঙ্গী কৰিলে যে ইন্দ্ৰ মহাজনৰ ছোৱালীৰ অৱস্থা আৰু মুখেৰে ফুটাই কোৱাৰ প্ৰয়োজন নহ'ল।
  2. এয়া গোপবালক শ্ৰীকৃষ্ণৰ কল্পিত দ্বাৰকাপুৰী নহয়- ই কৌৰৱৰ হস্তীনাপুৰ।কোনো পাৰ্থক্য নাই, কোনো পাৰ্থক্যই নাই নগৰীৰ পথে পথে মদ্যপ যাদৱ ৰাজপুৰুষ, গণিকা আৰু বৃত্তিজীৱী দ্যূতক্ৰীড়ক। দেহৰক্ষীহীন পুৰনাৰী ৰাজপথত ওলাব নোৱাৰে শ্লীলতা ৰক্ষা কৰি, মদমত্ব যাদৱ ৰাজপুৰুষ সৱৰ বাবে। কি হ'ল? কিয় এনে হ'ল? ক'ত ভুল ৰৈ গ'ল?
  3. "দা তুললি তোক হানিম মাকচাই।" সৰ্বে সাপবদৰে হিচ্-হিচাই উঠিল।"খবৰদাৰ।" হাতীৰ ওপৰৰ পৰা চৌধুৰীয়ে চিঞৰি উঠিল। ইমান সময় আটায়েৰে মনোযোগ খকন চেখ আৰু সৰ্বেশ্বৰৰ ওপৰত আছিল। হঠাতে চিঞৰ শুনি মূৰ তুলি চাই দেখে চৌধুৰীয়ে দুনলীয়া বন্দুকটো কান্ধলৈ তুলি সৰ্বেশ্বৰৰ ফালে টোৱাঁইছে। "খবৰদাৰ বুলি কৈছু। খাপাৰ নুমো, নহলি গুলি কৰিম।"
  4. মই কওঁ: 'ছাৰ, আজিৰ তাৰিখত ধনচিৰি মুখতে ডেৰ-দুই চলি আছে, ডিমাপুৰ নি পোৱাব পাৰিলে তিনি। খাওঁ খাওকৈ মুখ মেলি ৰখি আছে। পাঁচ হেজাৰত ক'ত দিব?
  5. 'মই কেনেকৈ কওঁ? না স্বৰ্গলৈ গৈছোঁ, না দেৱলোক দেখিছোঁ।, তথাপি শাস্ত্ৰ পঢ়ি এটা ধাৰণা হৈছে, সম্পূৰ্ণ একে নহয় নেকি?' স্বৰ্গলোক বোধহয় আধ্যাত্মিকভাৰে অলপ নিম্ন স্তৰৰ, তাতে সেই অপ্সৰা, মদিৰা আদি চলে। গন্ধৰ্ব, কিন্নৰ এইবোৰেও স্বৰ্গত সোমাব পাৰে। দেৱলোক কেৱল ইন্দ্ৰ, অগ্নি, বায়ু, আদি উচ্চখাপৰ দেৱতাৰ বাবে, তাত কেৱল পূজা-অৰ্চনা, যাগ-যজ্ঞ এইবোৰ, মানে আধ্যাত্মিক।'[]
  1. ড০ প্ৰণৱজ্যোতি ডেকা (২০২৩)। শ্ৰেষ্ঠ গল্প। বান্ধৱ।
  2. ড০ প্ৰণৱজ্যোতি ডেকা (২০২৩)। ড০ প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প। বান্ধৱ, পৃষ্ঠা:১২,৪৮,৭২,১৯৯,২১০।