শ্ৰেষ্ঠ অসমীয়া নিৰ্বাচিত প্ৰৱন্ধ
অৱয়ব
শ্ৰেষ্ঠ অসমীয়া নিৰ্বাচিত প্ৰৱন্ধ এই কিতাপখন সম্পাদনা কৰিছে হোমেন বৰগোহাঞিদেৱে। এই কিতাপখনৰ প্ৰথম খণ্ড আৰু প্ৰথম প্ৰকাশ পাইছিল ২০০৫ চনত। কিতাপখন প্ৰকাশ কΣৰিছে অসম প্ৰকাশন পৰিষদে। এই কিতাপখন অসমৰ প্ৰখ্যাত লেখকৰ গদ্যৰ সানমিহলিৰ এখন সংকলন। প্ৰথম খণ্ডত অসমৰ বহুকেইজন বিখ্যাত ব্যক্তিৰ নিৰ্বাচিত দুটাকৈ প্ৰৱন্ধ আছে। প্ৰথম খণ্ডত হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, সত্যনাথ বৰা,লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা,মফিজুদ্দিন আহমদ হাজৰিকা, হেমচন্দ্ৰ গোস্বামী, নবীনচন্দ্ৰ বৰদলৈ, সূৰ্য্যকুমাৰ ভূঞা,বেণুধৰ শৰ্মা,বাণীকান্ত কাকতি, লক্ষ্মীনাথ ফুকন,কৃষ্ণকান্ত সন্দিকৈ, অতুলচন্দ্ৰ হাজৰিকা,প্ৰফুল্লদত্ত গোস্বামী , নৱকান্ত বৰুৱাৰ প্ৰৱন্ধ আছে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "১৭৫৭ শকৰ আঘোণ মাহৰ ২৪ দিন যাওঁতে মঙ্গলবাৰ কৃষ্ণা চতুৰ্থীৰ ৰাতি শিৱসাগৰ জিলাৰ ৰজাবাহাৰ নামে ঠাইত পৈতৃক ঘৰত মোৰ জন্ম হয়। মোৰ পিতৃৰ নাম মুক্তাৰাম বৰুৱা। তেওঁ সংস্কৃত ভাষাৰ আৰু বৈদ্যশাস্ত্ৰৰ পাৰদৰ্শিতাৰ নিমিতে প্ৰখ্যাত আছিল। আমাৰ পূব্জপুৰুষসকলে অসম ৰজাৰপৰা যি যি বিষয় পাইছিল, সেইবোৰ কথা লিখিবৰ সকাম নাই;কিয়নো সেই কথাৰ অলপ অচৰপ এই দেশৰ প্ৰায় সকলো লোকৰ জনা আছে। অসম ইংৰাজৰ ৰাজ্য হোৱাৰ কিছুমান বছৰৰ মূৰত মুক্তাৰাম বৰুৱা বৰুৱা নিজ-মিছামৰা মৌজাৰ মৌজাদাৰ হয় । আৰু মৰণ কাললৈকে এই বিষয়কে ভোগ কৰি আছিল।"[১]ৃ
- "আনন্দৰাম ঢেকিয়াল ফুকনে প্ৰতিদিন ব্ৰাহ্ম মূহূৰ্ততে উঠিছিল। কেতিয়াবা তাৰ পূৰ্বে উঠি লিখা পঢ়া কৰিছিল আৰু প্ৰতিদিনে পুৱা ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যাওঁতে কেতিয়াবা কোনো সংবাদপত্ৰ লৈ বাটে বাটে পঢ়ি যায়। বৃষ্টি কি শৰীৰৰ অসুখৰ কাৰণে যিদিনা ফুৰিবলৈ যাব নোৱাৰে সেইদিনা সেই পৰিমান সময় ঘৰৰ বাৰাণ্ডাতে ইফাল সিফালকৈ ফুৰিছিল।"[২]
- "মানুহৰ স্বভাৱ-চৰিত্ৰ আৰু অৱস্থা অনুসৰি উদ্গতিৰ বাট ভিন ভিন হয়। একেটা বাটেৰে সকলোৱে উদ্গতি কৰিব নোৱাৰৃে।যাৰ পক্ষে যিটো বাট সুগম সি সেই বাট লোৱা উচিত। উদ্গতিৰ পথৰ নতুন যাত্ৰীয়ে বৰ লোকৰ জীৱন চৰিত্ৰ পাঠ কৰি তাৰ উপযুক্ত বাট বিচাৰি ল'ব পাৰে।"[৩]
তথ্যৰ উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ আত্মজীৱন চৰিত, লেখক হেমচন্দ্ৰ বৰুৱা,শ্ৰেষ্ঠ অসমীয়া নিৰ্বাচিত প্ৰৱন্ধ, সম্পাদনা হোমেন বৰগোহাঞি, পৃষ্ঠা১
- ↑ আনন্দৰাম ঢেকিয়াল ফুকন মানুহজন,লেখক গুণাভিৰাম বৰুৱা, শ্ৰেষ্ঠ অসমীয়া নিৰ্বাচিত প্ৰৱন্ধ, সম্পাদনা হোমেন বৰগোহাঞি, পৃষ্ঠা ১০
- ↑ বৰ লোকৰ চৰিত্ৰ অধ্যয়ন,প্ৰৱন্ধকাৰ সত্যনাথ বৰা,শ্ৰেষ্ঠ অসমীয়া নিৰ্বাচিত প্ৰৱন্ধ, সম্পাদনা হোমেন বৰগোহাঞি,পৃষ্ঠা ২০