শ্ৰেয়া ঘোষাল
অৱয়ব

শ্ৰেয়া ঘোষাল (জন্ম: ১২ মাৰ্চ ১৯৮৪) এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেওঁ বৰ্তমানলৈকে পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, সাতটা ফিল্মফেয়াৰ বঁটা আৰু দহটা ফিল্মফেয়াৰ বঁটা দক্ষিণ (তেলুগুৰ বাবে এটা, কন্নড়ৰ বাবে দুটা, তামিলৰ বাবে দুটা আৰু মালয়ালমৰ বাবে পাঁচটা) লাভ কৰিছে। তেওঁ বিভিন্ন ভাৰতীয় ভাষাত চলচ্চিত্ৰৰ সংগীত ৰেকৰ্ডিং কৰিছে আৰু নিজকে ভাৰতীয় চিনেমাৰ এগৰাকী আগশাৰীৰ নেপথ্য গায়িকা হিচাপে প্ৰতিষ্ঠা কৰিছে।
সংগীতৰ বিষয়ে ঘোষালৰ উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]
২০০৭
- মই এগৰাকী সহজ-সৰল মানুহ। মই পইচা বা নামৰ বাবে গান নাগাওঁ। মই এনে এটা পৰিৱেশত ডাঙৰ-দীঘল হৈছোঁ য’ত মোক সংগীতক ভাল পাবলৈ আৰু সন্মান কৰিবলৈ শিকোৱা হৈছিল, ইয়াক ব্যৱসায় হিচাপে ল’বলৈ নহয়।
- সংগীতৰ বিষয়ে মতামত (হিন্দুস্তান টাইমছ)
- মই সদায় অনুভৱ কৰোঁ যে মই কিবা এটা নতুন কৰা উচিত, অন্ততঃ মোৰ অনুৰাগীসকলৰ বাবে।
- নিজৰ এলবামৰ বিষয়ে (হিন্দুস্তান টাইমছ)
২০০৯
- হাহাহা... মানুহে কিয় মোৰ কণ্ঠৰ ৰোমান্টিক গুণটোৰ বিষয়ে ইমানকৈ কয় মই বুজি নাপাওঁ। মই কেতিয়াও অতিৰিক্ত ৰোমান্টিক প্ৰভাৱ দি গাবলৈ সচেতন প্ৰচেষ্টা চলোৱা নাই। কিন্তু, যিহেতু মই এগৰাকী ৰোমান্টিক ব্যক্তি, সেয়ে মই প্ৰেমৰ গানবোৰ উপভোগ কৰোঁ।
২০১০
- মোৰ মনোযোগ কেৱল সংগীতত থাকে। কিন্তু এটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো পিঠিত এটা থপৰিওৱা (মৰম কৰা)ৰ দৰে, কাৰণ এই বঁটা শ্ৰেষ্ঠসকলকহে দিয়া হয়। বঁটা লাভ কৰাটো স্নায়বিক চাপৰো বিষয়, কাৰণ ইয়াৰ লগে লগে প্ৰত্যাশা আৰু চাপ বৃদ্ধি পায়। কিন্তু ই মোক অধিক পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে।
- বলীউডৰ চিনেমাৰ সংগীত পৰিচালকসকলৰ ওপৰত ডিস্কো বা ভাংৰা বা যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় হোৱা যিকোনো শৈলী যোগ কৰিবলৈ বহুত চাপ থাকে। কিন্তু আঞ্চলিক ছবিৰ ক্ষেত্ৰত পৰিচালকসকলক সম্পূৰ্ণ স্বাধীনতা দিয়া হয়। এনে সুন্দৰ সুৰত গান গাবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়।
- অ’, গীতৰ কথা লিখাৰ মোৰ এটা বিশেষ পদ্ধতি আছে। গীতটো যি ভাষাতেই নহওক কিয়, আনকি বাংলা হ’লেও মই সেইটো হিন্দীত লিখি লওঁ। কেনেকৈ উচ্চাৰণ কৰিব লাগে তাৰ বাবে মোৰ কিছুমান বিশেষ চিহ্ন থাকে। মই অনুভৱ কৰোঁ যে দেৱনাগৰী লিপিটো উচ্চাৰণৰ বাবে আটাইতকৈ উপযুক্ত। ইংৰাজী আখৰবোৰ সেই কামৰ বাবে বৰ ভাল নহয়।
- সঠিক উচ্চাৰণৰ বিষয়ে (দ্য হিন্দু)
২০১১
- সঁচাকৈ ক’বলৈ গ’লে, চিনেমাত অভিনয় কৰাটো মোৰ কাম নহয়। এগৰাকী প্ৰকৃত সংগীতজ্ঞ হৈ যি আনন্দ পাওঁ তাৰ তুলনা নাই।
২০১২
- এটা ষ্টুডিঅ’ হৈছে এটা ধ্যান কৰা কোঠাৰ দৰে য’ত সংগীত সৃষ্টি কৰা হয়। আৰু এটা লাইভ পৰিৱেশন হ’ল এনে এক স্থান য’ত ষ্টুডিঅ’ৰ সেই সৃষ্টিটোক আগুৱাই লৈ যোৱা হয়। মই দুয়োটাকে ভাল পাওঁ।
- ষ্টুডিঅ’ বনাম লাইভ অনুষ্ঠান (দ্য হিন্দু)
২০১৩
- মই ভাবোঁ আজিৰ দিনত ইয়াত সকলোৰে বাবে কাম আৰু সুযোগ আছে। আগতে পৰিস্থিতি বেলেগ আছিল, মাত্ৰ দুজন বা তিনিজন গায়কেই গান গাবলৈ সুযোগ পাইছিল। কিন্তু আজিৰ গুৰুত্ব হ’ল নতুনত্বৰ ওপৰত, সেয়ে সকলোৰে বাবে স্থান আছে।
- গায়কসকলৰ সুযোগৰ বিষয়ে (জি নিউজ)
- মই এজন প্ৰতিযোগিতামূলক ব্যক্তি নহয়। মই এনে এজন ব্যক্তি যিয়ে বঁটাৰ বাবে মঞ্চত উঠা প্ৰতিগৰাকী ব্যক্তিকে উৎসাহিত কৰোঁ। মোৰ মতে মনোনয়ন লাভ কৰা সকলো গায়কেই শ্ৰেষ্ঠ কাৰণ তেওঁলোকে বিভিন্ন ধৰণৰ গীত গাইছে।
- প্ৰতিযোগিতাৰ বিষয়ে (টাইমস অফ ইণ্ডিয়া)
- সংগীত হ’ল মোৰ বাবে অক্সিজেন। মই জানো যে এদিন যদি মই গাব নোৱাৰোঁও, তথাপিও মই সদায় সংগীত শুনি থাকিব পাৰিম।
২০১৪
- সংগীতক পূজা কৰা এজন ব্যক্তি হিচাপে মই বিশ্বাস কৰোঁ যে সংগীত কেতিয়াও কুৎসিত হ’ব নোৱাৰে!
- খিতাপ বা বঁটাবোৰ আপোনাৰ সফলতাৰ চিন নহয়। সেইবোৰ এক আজীৱন সাধনাৰ আৰম্ভণিহে। শিকাটো কেতিয়াও বন্ধ হ’ব নালাগে। যদি আপুনি কলাৰ প্ৰতি ছিৰিয়াছ, তেন্তে ৰিয়াজৰ অনুশাসন অপৰিহাৰ্য।
২০১৫
- আপুনি প্ৰতিটো গীততে নিজৰ কণ্ঠটো শুনিবলৈ নিবিচাৰে, কাৰণ ই আমনিদায়ক হৈ পৰে। গতিকে, গীতৰ মাজত সঠিক ভাৰসাম্য থকাটো গুৰুত্বপূৰ্ণ।
২০১৭
- মই দিনে-নিশাই কাম কৰি থাকিব বিচাৰোঁ। যেতিয়া মই গান নাগাওঁ, মই গভীৰ আত্মচিন্তাত মগ্ন হওঁ আৰু নিজকে সুধিবলৈ আৰম্ভ কৰোঁ— মই কিয় বেছি গান পোৱা নাই? মোৰ বাবে ২৪ ঘণ্টাই কাম কৰাটোও কম যেন লাগে।
জীৱনৰ বিষয়ে ঘোষালৰ উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]
২০০৯
- মই ভ্ৰমণ কৰিবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পাওঁ, কিন্তু ৰন্ধন-প্ৰকৰণে মোৰ ওপৰত এক নিৰাময়কাৰী প্ৰভাৱ পেলায়। যেতিয়াই মোৰ গা ভাল নালাগে, মই কিবা এটা ধুনীয়াকৈ ৰান্ধো আৰু খাদ্যৰ সুগন্ধই মোৰ বাবে আচৰিত ধৰণে কাম কৰে।
২০১১
- মই বিশ্বাস কৰোঁ যে বিনোদনৰ ভাল আৰু বেয়া দুয়োটা দিশ আছে। ই গুৰুত্বপূৰ্ণ, কিন্তু শিশুৰ অতিমাত্ৰা অংশগ্ৰহণে তেওঁলোকক তেওঁলোকৰ মূল লক্ষ্যত উপনীত হোৱাত বাধা দিব পাৰে।
- মই আন কাৰোবাৰ দৰে অভিনয় কৰাত বিশ্বাস নকৰোঁ। মই প্ৰকৃত জীৱনত যেনেকুৱা তেনেকুৱাই। উদাহৰণস্বৰূপে, যিকোনো সাধাৰণ ছোৱালীৰ দৰেই মই মোৰ মাৰ লগত কাজিয়া কৰোঁ। মানে, এয়া একেবাৰে স্বাভাৱিক কথা। আচলতে মই মোৰ মাৰ লগত দিনৌ কাজিয়া কৰোঁ।
- মই তেনেধৰণৰ ব্যক্তি নহয় যিয়ে কাজিয়া কৰে। আপুনি মোক কাৰো লগত কাজিয়া কৰা নেদেখে। ধৰক যদি মই কাকোবা ভাল পাওঁ আৰু আন দুজন বিচাৰকে মোৰ বিচাৰৰ সৈতে একমত নহয়, মই হয়তো কান্দিব পাৰোঁ, কিন্তু মই ছেটৰ পৰা ওলাই নাযাওঁ বা তেনে একো নকৰোঁ।
২০১৩
- মই মিঠাই ভাল নাপাওঁ। কিন্তু যদি মই এটা বাছি ল’ব লাগে, তেন্তে সেয়া হ’ব ৰসমালাই।
- ৰাতিপুৱা বাতৰি কাকত পঢ়া বা বাতৰি চোৱাটো মোৰ পছন্দ নহয়। মই মোৰ দিনটো এটা বেয়া খবৰেৰে আৰম্ভ কৰিব নিবিচাৰোঁ।
- যেতিয়া মানুহে মোক 'শ্ৰেয়াজী' বুলি সম্বোধন কৰে, মই তেওঁলোকক কওঁ— ঘোষালৰ বাবে 'জি' (G for Ghoshal) ঠিক আছে, কিন্তু অনুগ্ৰহ কৰি মোক 'শ্ৰেয়াজী' বুলি মাতিব নালাগে!
- আজিৰ শিশুসকল অধিক উন্নত আৰু স্মাৰ্ট। আমি যেতিয়া ৰিয়েলিটী শ্ব’লৈ আহিছিলোঁ, আমি টেলিভিছনৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত অপৈণত আছিলোঁ। সেই সময়ত টিভিত এইবোৰ মাত্ৰ আৰম্ভহে হৈছিল। আমি শংকিত আৰু লাজকুৰীয়া আছিলোঁ। আজিৰ শিশুসকলে সকলো দেখিছে।
- মই ২০ বছৰ বয়সৰ পৰাই সদায় বিয়া পাতিব বিচাৰিছিলোঁ। মই এগৰাকী অতি ৰোমান্টিক ব্যক্তি আৰু বহুবাৰ প্ৰেমত পৰিছোঁ। মই মানুহক আদৰ কৰোঁ আৰু কিছুমান মানুহৰ প্ৰতি মোহিত হৈ পৰোঁ। মই এনে পুৰুষক ভাল পাওঁ যাৰ নিজা কণ্ঠ আছে, যি মতামত দিয়ে কিন্তু অভদ্ৰ নহয়। মই অতি গম্ভীৰ মানুহ ভাল নাপাওঁ কাৰণ মই বিশ্বাস কৰোঁ যে জীৱনত ধেমালিৰ এক উপাদান থাকিব লাগে।
২০১৪
- মই বিশ্বাস কৰোঁ যে সংগ্ৰাম অবিহনে কোনো আমোদ নাই। যদি সকলো বস্তু আপোনাৰ ওচৰলৈ সহজে আহে, তেন্তে কিবা এটা অৰ্জন কৰাৰ পিছত কোনো সন্তুষ্টিৰ ভাব নাথাকে।
২০১৬
- মই এতিয়াও মৰ্মাহত হোৱা অনুৰাগীৰ পৰা চিঠি পাওঁ। মই ভাবোঁ যিসকল অনুৰাগীয়ে তেনে চিঠি পঠায় তেওঁলোকে অস্বীকাৰৰ মাজত আছে। তেওঁলোকে মই এতিয়া বিবাহিত বুলি মানি ল’বলৈ অক্ষম। আৰু হয়, মই ইয়াৰ আমোদ লওঁ (হাঁহি)।
