সমললৈ যাওক

শৃংখল (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

শৃংখল,ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ এখনি গল্প সংকলন।এইখন গল্প সংকলনৰ বাবে, ড° শইকীয়াই ১৯৭৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[]

  1. বৰশীত ঢোৰাসাপ লাগিলে মাছমৰীয়াৰ যেনেকুৱা উত্তেজনা হয়, কালিদাসৰ মুখামুখি হ'লে অম্বিকাৰো তেনেকুৱা এবিধ উত্তেজনা হয়। অবাঞ্ছিত, অখাদ্য, ভয়লগা অথচ বিষ নোহোৱা ঢোৰাসাপ, খং আৰু বিৰক্তিৰে হ'লেও সূতাডাল টনা-টনি কৰি অলপ ফুৰ্তি কৰিব পাৰি, আৰু লগে-লগে বৰশীটো সাপটোৰপৰা মুক্ত কৰাৰ চিন্তা কৰি উদ্বিগ্নও হ'ব পাৰি।
  2. ৰবি চৌধুৰীয়ে পুস্তিকাখনৰ ওচৰতে লাৰু অনা বিস্কুটৰ পুৰণি টেমাটো থ'লে। কিয় ক'ব নোৱাৰো হঠাতে মোৰ ধাৰণা হ'ল, নাৰিকলৰ লাৰু এটাতকৈ পৃথিৱীৰ গোলকটো বহুত সৰু।
  3. গতিকে, বহুত বছৰৰ মূৰত আজি নাদটোৰ বোকা তোলা হৈছে। বোকা তোলা চাবলৈ অহা মানুহে নাদটোৰ পাৰ ভৰি পৰিছে। বোকাৰ লগত কি কি উঠিছে চাবলৈ পুলিচে বোকাবোৰ খচকিছে।
  4. কি প্ৰকাণ্ড ৰুমাল! কি প্ৰকাণ্ড ফুল! কি চিলাই। বহু বছৰৰ মূৰত চৌধুৰীৰ ৰুমালখন ৰিণিকি ৰিণিকি দেখা-দেখা লাগিল। সৰুমাওৰ গাটোৰ কথা মনত পৰিল। যোল বছৰমান বয়সত সৰিয়হ-কুঁহিয়াৰৰ মাজৰপৰা বাপেকৰ পাছে পাছে খোজ কাঢ়ি টাউনত এম-ভি পৰীক্ষা দিবলৈ অহা ছোৱালী; গাটোত মঙহেই মঙহ, মঙহবোৰ টান টান, মজবুত। দগধা মাৰ্কিন কাপোৰৰ ৰুমালৰ নিচিনা। ক'লৈ যে গ'ল ছোৱালীজনী; ক'ত যে আছে এতিয়া!
  5. চৌধুৰীয়ে যেন মন কৰিলে- এজনী হাতী লাহে লাহে বোকাত ডুব গৈ আছে,-গৈ আছে, গৈ আছে, এসময়ত তাই নেদেখা হৈ গ'ল। কিন্তু বোকাখিনিয়েদি সৰকি তাই সিফালে ঠিক আকৌ আগৰ নিচিনা হৈয়েই ওলাল, ডাঙৰ ডাৱৰ এটুকুৰা পাৰ হৈ জোনটো আকৌ ওলোৱাৰ নিচিনাকৈ; আৰু ওলায়েই তাই বাপেকৰ হতুৱাই চিঠি লিখালে- মোৰ প্ৰথমা কন্যা আলেয়া আইদেউৰ।
  6. কি অদ্ভুত সেই প্ৰেম। চিঠিবোৰ ধৰা নপৰাকৈ ৰখাটোৱেই যেন সেই প্ৰেম জীয়াই ৰখাৰ আটাইতকৈ ডাঙৰ সমস্যা।
  7. বিবস্ত্ৰা নাৰীৰ ছবিৰ নিচিনাকৈ কাগজৰ জাপত সুমুৱাই থোৱা গৌৰীৰ গল্পটো সেইদিনা জ্যোতিৰ্ময়ে ওভোতাই দিছিল। ইমানদিনে সি লাজতে সেই কামটো কৰিব পৰা নাছিল। সেইদিনা গৌৰীৰ গাল কাজলেৰে ক'লা হৈ গৈছিল।
  8. জীৱনত প্ৰথমবাৰৰ বাবে জ্যোতিৰ্ময় অনুতপ্ত উত্তেজিত আৰু কাতৰ হৈছিল। সি পাছত গম পাইছিল, চহৰখনৰ খবৰ ৰখা মানুহ সকলোৱে ইতিমধ্যে জানিছিল-গৌৰীৰ লগত হেনো তাৰ এটা জীৱনজোৰা সম্পৰ্ক গঢ়ি উঠিছে। ইতিমধ্যে জাক জাক কাউৰীয়ে ৰমলিয়াবলৈ আৰম্ভ কৰিছিল। কি বীভৎস চিঞৰ।
  9. কিন্তু তৃপ্তিক বুজোৱা যায় কেনেকৈ? সেই ইব্ৰাহিম ডাক্তৰৰ প্ৰেছক্ৰিপছনৰপৰা আৰম্ভ কৰি সঞ্জয়ৰ সোঁৱৰণীলৈকে ব্যাপ্ত হৈ থকা পাপৰিৰ জীৱন, তাৰ লগত এইখন তালিকা!নাই, মানুহজনীয়ে কি কৰে ঠিক নাই।
  1. গল্প আৰু শিল্প, ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ চাৰিটা দশকৰ শ্ৰেষ্ঠ শিল্প,সম্পাদনা:হৃদয়ানন্দ গগৈ,পৃষ্ঠা-৪২৫,৪৫০,৪৬১,৪৭৭,৪৮০,৪৮১,৪৮৩,৪৮৪