শিক্ষক
অৱয়ব





শিক্ষক বা বিদ্যালয় শিক্ষক হ’ল শিশু আৰু প্ৰপ্তবয়স্ক ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰা লোক। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানত শিক্ষকৰ ভূমিকা প্ৰায়ে আনুষ্ঠানিক আৰু অবিৰত হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে কমসংখ্যক শিক্ষকে এই আস্থাৰ অপব্যৱহাৰ দেখা যায়। শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত এটা গোচৰ দেখা গৈছিল যে...এগৰাকী বিশেষভাবে সক্ষম শিক্ষাৰ্থীৰ বাবে নিয়োজিত শিক্ষক টেৰী ডায়েন হিগিন্সে এজন গুৰুতৰভাৱে অক্ষম ল’ৰাক নিৰ্যাতন চলাই ধৰা পৰিছিল। সহকৰ্মী কৰ্মচাৰীসকলে বিদ্যালয় পৰিচালনা কৰ্তৃপক্ষক দিয়া বক্তব্যৰ পিছত শিক্ষয়ত্ৰীগৰাকীক বিদ্যালয়খনৰ পৰা তৎকালে বৰ্খাস্ত কৰে আৰু তাতোকৈ গুৰুশাস্তি এই যে তেওঁক বিদ্যালয়খনৰ কোনো শিক্ষাৰ্থীৰ সৈতে আগলৈ সম্পৰ্ক ৰখাত বাৰণ কৰা হ’ল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- স্কুলৰ একালৰ সদস্যসকল, মোৰ ওচৰলৈ আহক আৰু মোৰ শিক্ষকে কোৱা কথাবোৰ মই আপোনালোকক বুজাই দিওঁ। আপোনাৰ দৰে মইও এসময়ত ডেকা আছিলোঁ আৰু মোৰ এজন গুৰু আছিল। ছাৰে মোক এটা কাম দিছিল -- সেইটো মানুহৰ কাম আছিল। চেঙেলীয়া ডেকাৰ দৰে জপিয়াই উঠি নিজকে কামত লগালোঁ। মই মোৰ শিক্ষকৰ নিৰ্দেশৰ পৰা আঁতৰি যোৱা নাছিলোঁ, আৰু মই নিজৰ উদ্যোগত কামবোৰ কৰিবলৈ আৰম্ভ কৰা নাছিলোঁ। মোৰ গুৰুৱে মোৰ এচাইনমেণ্টটোত মোৰ কাম দেখি আনন্দিত হৈছিল। তেওঁৰ আগত মই নম্ৰ হোৱাত তেওঁ আনন্দিত হৈছিল আৰু তেওঁ মোৰ সপক্ষে কথা ক’লে। মই মাত্ৰ তেওঁ মোৰ বাবে যি ৰূপৰেখা দাঙি ধৰিছিল, মই তাকেই কৰিলোঁ -- সকলোবোৰ সদায় নিজৰ ঠাইত আছিল। কেৱল এজন মূৰ্খইহে তেওঁৰ নিৰ্দেশনাৰ পৰা বিচ্যুত হ’লহেঁতেন। এই পৃথিৱীত মোৰ হাতখন ধৰি মোক সঠিক পথত ৰাখিলে। তেওঁ মোক কথাৰে বাকপটু কৰি তুলিছিল আৰু উপদেশ দিছিল। তেওঁ মোৰ চকু সেই নিয়মবোৰৰ ওপৰত কেন্দ্ৰীভূত কৰিছিল, যিয়ে এজন মানুহক এটা কামৰ পথ প্ৰদৰ্শন কৰে: উদ্যম যিকোনো কামৰ বাবে উপযুক্ত, সময় নষ্ট কৰাটো নিষিদ্ধ; যদি কোনোৱে নিজৰ কামত সময় নষ্ট কৰে তেওঁ নিজৰ কামক অৱহেলা কৰিছে। তেওঁ নিজৰ জ্ঞানৰ গৰ্ব কৰা নাছিল: তেওঁৰ কথাবোৰ বিনয়ী আছিল। তেওঁ যদি নিজৰ জ্ঞানৰ অনুৰণন নঘটালেহেঁতেন তেন্তে মানুহৰ ভ্ৰু কোঁচ খালেহেঁতেন। সময় নষ্ট নকৰিব, ৰাতিক জিৰণি নিদিব -- কৰি থকা কামত আগবাঢ়ক! কোনো গুৰু বা তেওঁৰ সহায়কৰ আনন্দদায়ক সংগ নাকচ নকৰিব:ইমান মহান মগজুৰ সংস্পৰ্শলৈ আহিলেই আপুনি নিজৰ কথাবোৰক অধিক যোগ্য কৰি তুলিব। [...] তাত মোৰ গুৰুৱে প্ৰকাশ কৰা কথাবোৰ মই আপোনালোকক পুনৰ কৈছো, আৰু আপুনি ইয়াক অৱহেলা নকৰিব। আপুনি মনোযোগ দিয়া উচিত -- হৃদয়ত সুমুৱাই লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব!
- A supervisor to his learned scribe, The advice of a supervisor to a younger scribe (সাঁচ:W C), Sumerian disputation by an anonymous author, late third or early second millennium BCE, at সাঁচ:W
- মোৰ স্কুলখন আছিল এখন সুখৰ ঠাই। তাতে স্কুলীয়া শিক্ষা আৰম্ভ কৰা আমি সকলোৱে অষ্টম মানলৈকে পঢ়া-শুনা সম্পূৰ্ণ কৰিলোঁ। এজনো শিক্ষাৰ্থীয়েও ড্ৰপ আউট কৰাৰ কথা মনত নাই। আজিকালি যেতিয়া মই দেশৰ বিভিন্ন ঠাইৰ সৰু-বৰ স্কুললৈ যাওঁ, তেতিয়া মই তেওঁলোকক কওঁ যে প্ৰকৃত মানদণ্ড এটা ডাঙৰ অট্টালিকা বা ডাঙৰ সুবিধা বা ডাঙৰ বিজ্ঞাপনৰ পৰা নাহে। মহান শিক্ষকসকলে যেতিয়া শিক্ষাক মৰমেৰে প্ৰদান কৰে তেতিয়া এনেকুৱা হয়।
- APJ Abdul Kalam, My Journey: Transforming Dreams into Actions, Rupa Publications, 2014.
- মোৰ বিভিন্ন কথাৰ উপলব্ধিয়ে কিছুমান পাঠকক আচৰিত কৰি তুলিব, কিয়নো মানুহে প্ৰায়ে ভাবে যে অধ্যাপকসকলে নিজে গজদন্ত মিনাৰত থাকিব লাগে আৰু “সকলোতকৈ শ্ৰেষ্ঠ হ’ব লাগে” (নাইবা কমেও ইয়াৰ সমান হ’ব লাগে)। কিন্তু মই ভাবোঁ, ইয়াৰ বিপৰীতে অধ্যাপকসকলৰো বাধ্যবাধকতা আছে; বিশেষকৈ যেতিয়া তেওঁলোকে স্বাধীনতা আৰু সমতাৰ দৰে গুৰুত্বপূৰ্ণ সামাজিক মূল্যবোধৰ বিষয়ত তেওঁলোকে যিটো সত্য বুলি বিশ্বাস কৰে, আক্ৰমণৰ সম্মুখীন হোৱা দেখা যায়।
- Bob Altemeyer, The Authoritarians (2006), Cambridge, MA: Harvard University Press, p. 247
- এজন শিক্ষকে অনন্তকাল জুৰি প্ৰভাৱ পেলায়; তেওঁৰ প্ৰভাৱ ক’ত শেষ হয় সেয়া তেওঁ কেতিয়াও ক’ব নোৱাৰে।
- Henry Adams, The Education of Henry Adams, Ch. 20, "Failure".
- প্ৰথম যেতিয়া শিক্ষকতা আৰম্ভ কৰিছিলোঁ, তেতিয়া মই অতিশয় সন্মান কৰা এজন প্ৰাক্তন শিক্ষকক দেখা কৰিছিলোঁ। মই তেওঁৰ পৰা কিছু পৰামৰ্শ বিচাৰিলোঁ। তেওঁ নিঃসংকোচে উত্তৰ দিলে, "এজন ভাল শিক্ষকে নিজৰ ছাত্ৰ-ছাত্ৰীক ভাল পাব লাগিব।" "প্ৰেম?" মই প্ৰশ্ন কৰিলোঁ। “হয় প্ৰেম। যেতিয়া আপুনি প্ৰতিজন ছাত্ৰক নিজৰ সন্তান হিচাপে যত্ন ল'বলৈ যাব, তেতিয়াই আপুনি এজন মহান শিক্ষক হৈ পৰিব।’’
- Jeffrey Glanz, Teaching 101: Classroom Strategies for the Beginning Teacher (2004), p. 131
- মুকলি মন আৰু সমালোচনাত্মক অনুসন্ধানৰ সেই অভ্যাসসমূহক প্ৰতিপালন কৰাটো শিক্ষকসকলৰ বিশেষ কাম যিবোৰ কেৱল দায়িত্বশীল নাগৰিকসকলৰ বাবে সৃষ্টি কৰে, যিয়ে পাছলৈ এক জ্ঞানপ্ৰাপ্ত আৰু ফলপ্ৰসূ জনমত সম্ভৱ কৰি তোলে। শিক্ষকসকলে নিজৰ কাম উপদেশ আৰু অনুশীলনৰ দ্বাৰা, তেওঁলোকে সৃষ্টি কৰা পৰিৱেশৰ দ্বাৰাই পালন কৰিব লাগিব; তেওঁলোক মুকলি মন আৰু মুক্ত অনুসন্ধানৰ আদৰ্শ হ’ব লাগিব। দায়িত্বশীল আৰু সমালোচনাত্মক মনৰ অনুশীলনৰ চৰ্তবোৰ তেওঁলোকৰ ওচৰত অস্বীকাৰ কৰিলে তেওঁলোকে নিজৰ উদাৰ কামটো সম্পাদন কৰিব নোৱাৰে।
- Felix Frankfurter (December 15, 1952), concurring opinion, Wieman v. Updegraff, 344 U.S. 183 (1952) at 196.
- যিয়ে শিকাবলৈ সাহস কৰে তেওঁ কেতিয়াও শিকিবলৈ এৰিব নালাগে।
- John Cotton Dana. In 1912 Dana, a Newark, New Jersey, librarian, was asked to supply a Latin quotation suitable for inscription on a new building at Newark State College (now Kean College of New Jersey), Union, New Jersey. Unable to find an appropriate quotation, Dana composed what became the college motto. The New York Times Book Review, March 5, 1967, p. 55.
- ৰজাৰ পিছতেই স্কুল মাষ্টৰৰ স্থান। সহ-নাগৰিকৰ মন ৰঞ্জিত কৰাটো এটা নীচ বৃত্তি বুলি আপুনি গণ্য কৰেনে? প্ৰথম বছৰবোৰত শ্ৰেষ্ঠ আখৰেৰে আৰু খ্ৰীষ্টৰ প্ৰেমেৰে, আৰু তেওঁলোকক নিজৰ দেশলৈ সৎ আৰু গুণী মানুহ কৰি ঘূৰাই পঠিয়াবলৈ? মূৰ্খৰ মতে ই এক সহজ কাম, কিন্তু আচলতে ই বৃত্তিৰ ভিতৰত আটাইতকৈ উন্নত।
- Erasmus, Letter to Joanes Sapidus (c. 1581), The Epistles of Erasmus (1904), p. 235