সমললৈ যাওক

শান্তনুকুলনন্দন (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

শান্তনুকুলনন্দন পূৰৱী বৰমুদৈ ৰচিত এখন উপন্যাস। উপন্যাসখনে ২০০৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

  • মানুহৰ মাজত ভাবৰ আদান প্ৰদান কৰিবলৈ জানো ভাষাৰ প্ৰয়োজন?চকুৰ চালনি,চেলাউৰিৰ সামান্য কম্পন,হাতৰ আঙুলিৰ লৰচৰ,ওঁঠৰ হাঁহি এইবোৰে জানো মানুহৰ হৃদয়ত হোৱা বিভিন্ন ভাবৰ উত্থান-পতনৰ ইংগিত নিদিয়ে?মানুহে মানুহক বুজি পাবলৈ ভাষা নালাগে।[]
  • মানুহে কৰা সকলো কামেই একো একোটা অনুসন্ধানহে,মনত ৰাখিবা ভদ্ৰসেন।এই অহা আৰু যোৱাই পৃথিৱীৰ মানুহৰ একমাত্ৰ সত্য।যুগ যুগৰে পৰা মানুহৰ এই অহাযোৱা।ঘৰ পাতি থাকিলেও মানুহ অঘৰী।[]
  • নিৰ্বিকাৰ চিত্তে জীৱন আৰু মৃত্যুক গ্ৰহণ কৰা উচিত,কাৰণ মৃত্যু স্থবিৰতা নহয়।...জীৱনে দিয়া দুখ নিৰ্বিকাৰ চিত্তে গ্ৰহণ কৰিব পৰাতহে জীৱনৰ অৰ্থ আৰু মহত্ব।[]
  • উত্তৰ বিচাৰি নহয়, কিন্তু পৃথিৱীৰ সকলো মানুহেই কিজানি নিজকে বিভিন্ন ধৰণৰ প্ৰশ্নবাণেৰে জৰ্জৰিত কৰিবলৈ ভাল পায়।আনকি সবাতোকৈ ব্যস্ত বুলি ধাৰণা কৰা মানুহজনেও নিশ্চয়।এটা যন্ত্ৰণা।বুকু বিদিৰ্ণ কৰা যন্ত্ৰণাৰ মাজত কৰি অহা ভাল বেয়া সকলো কামৰে এটা বিচাৰ। সুদীৰ্ঘ দিন পথ পৰিক্ৰমাৰ পিছত অক্লান্ত পৰিভ্ৰমণকাৰীজনৰো জিৰণি ল'বলৈ মন যায়।[]
  • ধৰ্মৰ বিষয়ে নকলে একো নাই। কিন্তু কলে বহুত কথাই কবলৈ আছে।ধৰ্মৰ প্ৰতিটো আচাৰ-অনুষ্ঠানক মানৱ জাতিৰ বিৱৰ্তনৰ ইতিহাস বুলি ক'ব পাৰি।মানৱ জাতিৰ বিৱৰ্তনৰ ইতিহাস সঁচাকৈয়ে অতি ৰহস্যময় আৰু কৌতুহলদ্দীপক।[]
  1. শান্তনুকুলনন্দন, পৃষ্ঠা. ৪১.
  2. শান্তনুকুলনন্দন, পৃষ্ঠা. ৬৩.
  3. শান্তনুকুলনন্দন, পৃষ্ঠা. ৯৮.
  4. শান্তনুকুলনন্দন, পৃষ্ঠা. ১৪০.
  5. শান্তনুকুলনন্দন, পৃষ্ঠা. ২২৮.