সমললৈ যাওক

শাকিৰা

ৱিকিউদ্ধৃতিৰ পৰা
মই সঁচাকৈয়ে অনুভৱ কৰোঁ যে যিসকলৰ কণ্ঠ নাই, তেওঁলোকৰ বাবে মই মোৰ কণ্ঠ ব্যৱহাৰ কৰিব লাগে। মোৰ নিজৰ কামৰ জৰিয়তে মোৰ সংস্কৃতি, মোৰ দেশৰ তথা লেটিন আমেৰিকাৰ মহিলাসকলক প্ৰতিনিধিত্ব কৰিবলৈ মই মোৰ সৰ্বশ্ৰেষ্ঠখিনি দিব লাগিব। ~ শাকিৰা

শাকিৰা ইছাবেল মেবাৰাক ৰিপল (জন্ম: ২ ফেব্ৰুৱাৰী, ১৯৭৭) এগৰাকী কলম্বিয়ান গায়িকা, গীতিকাৰ, নৃত্যশিল্পী, ৰেকৰ্ড প্ৰযোজক, কৰিঅ’গ্ৰাফাৰ আৰু মডেল। বেৰেনকুইলাত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা শাকিৰাই স্কুলত পঢ়ি থকা দিনৰ পৰাই লেটিন, আৰবী আৰু ৰক এণ্ড ৰোল সংগীতৰ প্ৰভাৱত নিজৰ প্ৰদৰ্শন আৰম্ভ কৰিছিল আৰু বেলি ডান্স কলা প্ৰদৰ্শন কৰিছিল। তদুপৰি, তেওঁ ডিজনীৰ ২০১৬ চনৰ চলচ্চিত্ৰ জুটোপিয়াত এগৰাকী গাজেল পপ তাৰকা গাজেল চৰিত্ৰটোৰ বাবে কণ্ঠদান কৰিছে।

  • মই সদায় ভাবিছিলোঁ যে মোৰ জীৱনৰ পৰা কিছুমান বস্তু হেৰাই যাব, যেনে সৌন্দৰ্য, যৌৱন, এই সকলোবোৰ... কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ কণ্ঠস্বৰে মোক এৰি যাব, কাৰণ এয়া মোৰ স্বভাৱৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। এয়াই আছিল মোৰ পৰিচয়। গতিকে যেতিয়া মই গান গাব পৰা নাছিলোঁ, সেয়া মোৰ বাবে অসহনীয় আছিল। এনেকুৱা সময়ো আছিল যে মই বিচনাৰ পৰা উঠিবই পৰা নাছিলোঁ – মই ইমানেই হতাশাত ভুগিছিলোঁ।
    • “Shakira: 'I needed surgery – or divine intervention'” দ্য গাৰ্ডিয়ানত (১১ নৱেম্বৰ ২০১৯), কণ্ঠনলীৰ ৰক্তক্ষৰণৰ পিছত প্ৰায় কণ্ঠ হেৰুৱাব ধৰা অৱস্থাৰ বিষয়ে।
  • আপুনি সদায় এইটো নিশ্চিত কৰিবলৈ বিচাৰি ফুৰে যে আপুনি ভাল কাম কৰিছে, মানুহে আপোনাক ভাল পায়। কিন্তু এইবাৰ কথাটো বেলেগ আছিল – মই তাত আছিলোঁ কাৰণ মই গান গোৱাৰ আনন্দ অনুভৱ কৰিব বিচাৰিছিলোঁ।
  • এয়া শিল্পীজনৰ ওপৰত নিৰ্ভৰ কৰে। মই ভাবো কিছুমান শিল্পী থাকি যাবলৈ আহে আৰু কিছুমান হেৰাই যায়। এয়া সদায় ঘটে। এয়া প্ৰজাতিৰ প্ৰাকৃতিক নিৰ্বাচনৰ দৰেই। কিন্তু মই ইয়াক লেটিন সংগীতৰ উত্থান বুলি নাভাবোঁ। মই ভাবো পৃথিৱীখন এতিয়া এক বেলেগ স্থানত আছে। ছচিয়েল মিডিয়াৰ অৰ্থ হ'ল কেৱল ৰেডিঅ'ই থিৰাং নকৰে যে কি গান হিট হ'ব। এয়া মানুহেহে ঠিক কৰে।
  • মই সদায় মোৰ মুখৰ জৰিয়তেই জীয়াই আছোঁ। মই চকলেট, কথিত শব্দ, মই কোৱা কথাবোৰ আৰু মই কেতিয়াও ক'ব নালাগিবলগীয়া কথাবোৰৰ প্ৰতি খুবেই আসক্ত।
    • “Shakira” আউটলুক ইণ্ডিয়া মেগাজিনত (৯ এপ্ৰিল ২০০৭), তেওঁৰ মুখৰ আসক্তি (oral fixations) সন্দৰ্ভত।