শাকিব খান
অৱয়ব
শাকিব খান (জন্ম: ২৮ মাৰ্চ ১৯৭৯), যাৰ সংক্ষিপ্ত নাম 'SK', এগৰাকী বাংলাদেশী চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, গায়ক আৰু মিডিয়া ব্যক্তিত্ব। বৰ্তমান তেওঁ বাংলাদেশৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা।

উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "বিশ্ববিদ্যালয়ৰ পৰা যিমানেই ডাঙৰ ডিগ্ৰী লাভ নকৰক কিয়, জীৱনৰ বাটত মানুহেই মানুহক আটাইতকৈ ডাঙৰ শিক্ষা দিয়ে। এই শিক্ষা জীৱনৰ শেষ দিনলৈকে চলি থাকে।"
- 'প্ৰথম আলো'ত প্ৰকাশিত সাক্ষাৎকাৰৰ পৰা (৪ এপ্ৰিল ২০১৯)
- "মই বিচাৰোঁ যে মোৰ ভৰিয়ে মাটি স্পৰ্শ কৰক। মই বিশ্বাস কৰোঁ যে কৃষি এক মহান বৃত্তি। সেয়েহে জীৱনৰ শেষ সময়ত মই এজন কৃষক হ’ব বিচাৰোঁ।"
- 'প্ৰথম আলো' (৪ এপ্ৰিল ২০১৯)
- "মই চৰম গন্তব্যস্থানত উপনীত হ’ম, লগে লগে নহ’লেও নিশ্চিতভাৱে এদিন হ’ম!"
- 'সাৰাক্ষণ'ত প্ৰকাশিত (৫ জানুৱাৰী ২০২১)
- "আপোনাৰ কামৰ প্ৰতি সৎ হওক, আপুনি আপোনাৰ প্ৰতিটো আকাংক্ষিত বস্তু লাভ কৰিব আৰু সফলতাই আপোনাক আদৰি ল’ব!"
- আধিকাৰিক ফেচবুক পেজৰ পৰা (২৮ ডিচেম্বৰ ২০২০)
- "পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, কাইলৈৰ দিনটো হ’ব ইয়াক উন্নত কৰাৰ এক নতুন সুযোগ। গতিকে 'মই ইচ্ছা কৰোঁ' বুলি কোৱা বন্ধ কৰক আৰু নতুন বছৰৰ পৰা ক’বলৈ আৰম্ভ কৰক— 'মই কৰিম'!!"
- আধিকাৰিক ফেচবুক পেজৰ পৰা (২৬ ডিচেম্বৰ ২০২০)
