সমললৈ যাওক

শত্ৰু

ৱিকিউদ্ধৃতিৰ পৰা

শত্ৰুৰ অৰ্থ হ’ল, যিসকলে বলপূৰ্বকভাৱে প্ৰতিপক্ষক প্ৰতিকূলতা বা ভাবুকি দিয়া বুলি দেখা যায়। সাধাৰণতে বহল অৰ্থত যুদ্ধৰ প্ৰসংগত বিৰোধী গোট এটাক ভাবুকি হিচাপে বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়।

  1. যাৰ কোনো শত্ৰু নাই, সি নিঃসন্দেহে এজন অকৰ্মণ্য ব্যক্তি। – এডমণ্ড বাৰ্ক[]
  2. মানুহেই মানুহৰ নিকৃষ্টতম শত্ৰু। – চিচেৰো[]
  3. বন্ধুক ওচৰত ৰাখক, শত্ৰুবোৰক তাতোকৈ ওচৰত ৰাখক। – মাৰিঅ’ পুজৌ আৰু ফ্ৰান্সিছ ফ’ৰ্ড ক’পালা[]
  4. শত্ৰুক দমাব খুজিলে তাৰ লগত সমুখ সমৰ পাতিব লাগে। সমুখ সমৰত হাৰিলেহে শত্ৰুৱে ভয় খায় আৰু দুনাই ফেৰ নাপাতে। কিন্তু সেই বুলি প্ৰলোভন বিচাৰি ফুৰাও যুগুত নহয়। -সত্যনাথ বৰা[]
  5. ৰোগ মানুহৰ এটা পৰম শত্ৰু, এই শত্ৰুৰ হাতত নপৰিবলৈ সকলোৱে চেষ্টা কৰা উচিত।-সত্যনাথ বৰা[]
  6. পৃথিৱীৰ শোষক শ্ৰেণীটো সকলো সময়তে আমাৰ শত্ৰু।-মাও চে ডুঙ[]
  7. মানুহ নিজেও নিজৰ পৰম শত্ৰু। -চিচেৰো[]
  1. ১.০ ১.১ শত্ৰু নিয়ে উক্তি. আহৰণ কৰা হৈছে: 10 জুলাই 2025.
  2. দ্য গডফাডাৰ (দ্বিতীয় খণ্ড), ১৯৭৪
  3. লোভ. আহৰণ কৰা হৈছে: 13 জুলাই 2025.
  4. স্বাস্থ্য. আহৰণ কৰা হৈছে: 13 জুলাই 2025.
  5. ৫.০ ৫.১ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৩০৮। ISBN: 81-7206-117-5