সমললৈ যাওক

শইচৰ পথাৰ মানুহ (কবিতা সংকলন)

ৱিকিউদ্ধৃতিৰ পৰা

শইচৰ পথাৰ মানুহ হীৰেন ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত কবিতা সংকলন। ১৯৯১ চনৰ জানুৱাৰী মাহত গুৱাহাটীৰ ষ্টুডেণ্টচ্ ষ্টৰচ্ প্ৰকাশনে গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে। গ্ৰন্থখনে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। গ্ৰন্থখনত কবিতাৰ লগতে হীৰেন ভট্টাচাৰ্যই অঁকা ছবি কেইখনমানো সন্নিৱিষ্ট কৰা হৈছিল। []


  1. কবিতা পঢ়ি পাহৰিব পাৰি
    পাহৰিব পাৰি কিছু দুখ, আনকি গ্লানি। []
  2. দোকমোকালিৰ উঠন সেন্দুৰী বুকুত
    বাজি উঠিব মোৰ কুন্দত কটা ভৈৰৱ । []
  3. ফেনে-ফোটোকাৰে বাঢ়ে বেগবতী নৈ,
    আত্মাৰ নক্ষত্ৰ নীল ফুলনিলৈ
    তোকে মোকে কোনে লৈ যায় ধুমুহা বাটেৰে!
    হাত ধৰ স্বাধীনতা, তই মোৰ সহোদৰ।[]
  4. মোৰ সাপোনত এটা চঞ্চল হৰিণা পোৱালি
    ওৰে ৰাতি ডেও দি থাকে।
    উভতি যে মই আহিব নোৱাৰোঁ।[]
  5. মোৰ নিৰ্জনতাত তুমি - জীয়াই থকাৰ কবিতাৰ
    এটোপাল চিয়াঁহী। []
  1. শইকীয়া ড০ বিপুলজ্যোতি (২০২৩)। হীৰেন ভট্টাচাৰ্যৰ ৰচনাৱলী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:৯০৯।
  2. শইকীয়া ড০ বিপুলজ্যোতি (২০২৩)। হীৰেন ভট্টাচাৰ্য ৰচনাৱলী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১৮৭। ISBN: 978-93-84733-93-3
  3. শইকীয়া ড০ বিপুলজ্যোতি। হীৰেন ভট্টাচাৰ্য ৰচনাৱলী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১৯৭। ISBN: 978-93-84733-93-3
  4. শইকীয়া ড০ বিপুলজ্যোতি। হীৰেন ভট্টাচাৰ্য ৰচনাৱলী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:২০৭। ISBN: 978-93-84733-93-3
  5. শইকীয়া ড০ বিপুলজ্যোতি। হীৰেন ভট্টাচাৰ্য ৰচনাৱলী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:১১৭। ISBN: 978-93-84733-93-3
  6. শইকীয়া ড০ বিপুলজ্যোতি। হীৰেন ভট্টাচাৰ্য ৰচনাৱলী। অসম প্ৰকাশন পৰিষদ, পৃষ্ঠা:২১০। ISBN: 978-93-84733-93-3