সমললৈ যাওক

ছেনেকা

ৱিকিউদ্ধৃতিৰ পৰা
(ল্যুচিয়াচ এন্যেয়াচ চেনেকাৰ পৰা পুনঃনিৰ্দেশিত)
ছেনেকা

লুচিয়াছ এনাউছ ছেনেকা দ্য ইয়ংগাৰ (ইংৰাজী: Lucius Annaeus Seneca, খ্ৰীষ্টপূৰ্ব ৪ – ৬৫ খ্ৰীষ্টাব্দ) এগৰাকী ৰোমান দাৰ্শনিক, ৰাজনীতিবিদ, নাট্যকাৰ আৰু ব্যংগকাৰ আছিল। তেওঁক সাধাৰণতে ছেনেকা বুলি জনা যায়। ছেনেকাৰ জন্ম হৈছিল হিস্পানিয়াৰ কৰ্ডোবাত। পিছলৈ তেওঁ ৰোমত ডাঙৰ দীঘল হয় আৰু ৰোমতেই তেওঁ বাগ্মিতা আৰু দৰ্শনৰ প্ৰশিক্ষণ লাভ কৰিছিল। তেওঁৰ দেউতাক আছিল ছেনেকা দ্য এল্ডাৰ।

এগৰাকী লেখক হিচাপে ছেনেকা তেওঁৰ দাৰ্শনিক ৰচনা, আৰু নাটক সমূহৰ বাবে জনাজাত। এই নাটকসমূহৰ প্ৰতিখনেই ট্ৰেজেডীমূলক নাটক। তেওঁৰ গদ্য ৰচনাসমূহৰ ভিতৰত আছে এক ডজন প্ৰবন্ধ আৰু নৈতিক বিষয়ৰ সৈতে সম্পৰ্কিত এশ চব্বিশখন চিঠি।

  1. এজন মানুহে কেনেদৰে প্ৰশংসাক গ্ৰহণ কৰে তাৰ পৰাই তেওঁৰ চৰিত্ৰ সম্পৰ্কে ক’ব পাৰি।
  2. মানুহৰ মৃত্যু নহয়। তেওঁলোকে নিজকে হত্যা কৰে।
  3. আপুনি নিজৰ বিষয়ে কি ভাৱে, সেয়া আনে আপোনাৰ বিষয়ে কি ভাৱে, তাতকৈ অধিক গুৰুত্বপূৰ্ণ।[]
  4. প্ৰকৃত সুখ হ’ল ভৱিষ্যতৰ প্ৰতি উদ্বিগ্ন নোহোৱাকৈ বৰ্তমানটো উপভোগ কৰা, আশা বা ভয়ৰ কোনো এটাৰে নিজকে আমোদ দিয়া নহয় বৰঞ্চ আমাৰ হাতত যি আছে তাত সন্তুষ্ট হৈ জিৰণি লোৱা, কাৰণ যিজনৰ হাতত জিৰণিৰ সময় আছে তেওঁ আৰু একোৱেই নিবিচাৰে। মানৱ জাতিৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ আমাৰ ভিতৰত আৰু আমাৰ হাতৰ মুঠিত আছে। জ্ঞানী মানুহে যি নাই তাৰ কামনা নকৰি নিজৰ ভাগ্যতেই সন্তুষ্ট হয় সি যিয়েই নহওক কিয়।[]
  5. আমি বাস্তৱতকৈ কল্পনাত বেছিকৈ কষ্ট পাওঁ।[]
  6. পৃথিৱীৰ পৰা তৰালৈ সহজ বাট নাই।[]
  7. যদি কোনো মানুহে নাজানে যে তেওঁ কোনটো বন্দৰলৈ যাব, তেন্তে কোনো বতাহেই তেওঁৰ অনুকূলে নবয়।[]
  8. আপোনাৰ যৌৱনৰ উৎসাহ-শক্তিবোৰ সঞ্চয় কৰি ৰাখক, আপুনি পৰিপক্ক হ’লে সেইবোৰ ভালদৰে ব্যৱহাৰ কৰিব পাৰিব৷[]
  9. বেছি কম থকা মানুহজন নহয়, বেছি হাহাকাৰ কৰা মানুহজনহে দুখীয়া।[]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ The Stoic Philosophy of Seneca: Essays and Letters।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: