লুচী ললেছ
অৱয়ব

লুচী ললেছ (ইংৰাজী: Lucy Lawless; জন্ম: লুচিল ফ্ৰান্সেছ ৰিয়ান; ২৯ মাৰ্চ, ১৯৬৮) নিউজিলেণ্ডৰ এগৰাকী অভিনেত্ৰী আৰু গায়িকা। তেওঁ মূলতঃ টেলিভিছন ধাৰাবাহিক জেনা: ৱাৰিয়ৰ প্ৰিন্সেছৰ শীৰ্ষ চৰিত্ৰটোত অভিনয় কৰাৰ বাবে আৰু বেটলষ্টাৰ গেলেক্টিকা ধাৰাবাহিকত 'নাম্বাৰ থ্ৰী' চৰিত্ৰত কৰা অভিনয়ৰ বাবে বিশ্বজুৰি পৰিচিত। তেওঁ ১৯৯৭ চনত 'অৰ্ডাৰ অফ দা ব্ৰিটিছ এম্পায়াৰ' সন্মান লাভ কৰিছিল। অভিনয়ৰ উপৰিও ললেছ বিভিন্ন জনহিতকৰ আৰু পৰিৱেশ সংৰক্ষণমূলক কাৰ্যসূচীৰ সৈতে সক্ৰিয়ভাৱে জড়িত।
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মোৰ কণ্ঠস্বৰে ৰক সংগীত ভাল পায়। মোৰ সমস্যাটো হ'ল, মই বহুত কাম কৰিব পাৰোঁ, কিন্তু মই মোৰ নিজৰ কণ্ঠটো বিচাৰি উলিয়াব লাগিব।
- জেমি চটোনফ (৫ অক্টোবৰ, ২০০৭) "The soulful side of a warrior princess", ডেইলী হেৰাল্ড, পৃষ্ঠা ১৮।
- হয়, চৰিত্ৰবোৰ ক্ৰমান্বয়ে মোৰ নিজৰ দৰে হৈ আহিছে। কিন্তু তাৰ কাৰণ হ'ল 'জেনা' চৰিত্ৰটো মোৰ সম্পূৰ্ণ ওলোটা আছিল। বেছিভাগ মানুহেই সেই বিষয়ে অৱগত নহয়।
- জেনা ধাৰাবাহিক সমাপ্ত হোৱাৰ পিছত তেওঁৰ অভিনয় জীৱনৰ বিষয়ে — ৰব চালেম (৩০ অক্টোবৰ, ২০০৫) দ্য টৰন্টো ষ্টাৰ, পৃষ্ঠা C05।

- সেই চৰিত্ৰটো শাৰীৰিকভাৱে অতি প্ৰত্যাহ্বানজনক আছিল। আচলতে মই খেলুৱৈ সুলভ নহয় আৰু কেতিয়াও হ'বও বিচৰা নাছিলোঁ। মই ইয়াক ঘিণ কৰোঁ। মই জিমলৈ নাযাওঁ আৰু সেই চৰিত্ৰটোৰ বাবে শাৰীৰিক সক্ষমতা বজাই ৰখাটো মোৰ বাবে মানসিক দৃঢ়তাৰ বিষয় হৈ পৰিছিল।
- জেনাৰ অন্তিম খণ্ডৰ কাম শেষ কৰাৰ পিছত — কাইলী কিঅ' (৩১ মে', ২০০১) দ্য ডেইলী টেলিগ্ৰাফ, পৃষ্ঠা T05।
- বাফীৰ ওচৰত কি আছে? এটা কাঠৰ খুঁটি আৰু কিছু নহৰু। জেনাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰৰ সম্পূৰ্ণ ভাণ্ডাৰ আছে।
- জেনা আৰু বাফীৰ (Buffy the Vampire Slayer) মাজত যুঁজ হ’লে কোন জিকিব — সেই সন্দৰ্ভত কৰা মন্তব্য (১৬ মে', ২০০০) ছান এণ্টনিঅ' এক্সপ্ৰেছ-নিউজ।
- প্ৰথম অৱস্থাত এগৰাকী 'মহিলা আদৰ্শবান' হোৱা কথাই মোক সঁচাকৈয়ে শংকিত কৰিছিল। কিন্তু এয়া এক ভয়ানক বোজা হৈ পৰা নাছিল। মই বহু মহিলাৰ পৰা চিঠি পাওঁ যিয়ে মোক কয় যে 'জেনা' চোৱাৰ পিছত তেওঁলোকে নিজৰ পছন্দৰ হাৰ্লি-ডেভিডচন বাইক কিনিছে বা এক নিৰ্যাতনমূলক সম্পৰ্কৰ পৰা ওলাই আহিবলৈ সাহস পাইছে।
- ৰবিন এগৰ (২৭ জুলাই, ১৯৯৭) দ্য ছানডে টাইমছ।
- ডাঙৰ হৈ আহোতে মই বাস্তৱ জীৱনৰ মহিলাসকলক আদৰ্শ হিচাপে লৈছিলোঁ। মই কোনো কাল্পনিক হিৰোক পূজা কৰা নাছিলোঁ আৰু এতিয়াও নকৰোঁ। প্ৰতিজন মানুহৰে কিবা না কিবা দুৰ্বলতা থাকে।
- বেঞ্জামিন মৰিচন (১৪ জানুৱাৰী, ১৯৯৭) দ্য টাইমছ-পিকায়ুনে।
- মই কেতিয়াও ভবা নাছিলোঁ যে মই এগৰাকী একচন ষ্টাৰ হ'ম, কিন্তু এতিয়া তেওঁলোকে শিশুৰ বাবে সৰু সৰু 'জেনা' একচন ফিগাৰ (পুতলা) তৈয়াৰ কৰিব। মই এতিয়াও এজনী ভাল অভিনেত্ৰী হ'বলৈ বিচাৰোঁ; ই কেৱল সময় আৰু আবেগ দিয়াৰ কথা।
- ৱাল্ট বেলচাৰ (২৫ মে', ১৯৯৬) দ্য টাম্পা ট্ৰিবিউন।
