লিয়নাৰ্ডো ডিকাপ্ৰিঅ’
অৱয়ব

লিয়নাৰ্ডো উইলহেম ডিকাপ্ৰিঅ’ (জন্ম: ১১ নৱেম্বৰ, ১৯৭৪) এজন একাডেমী বঁটা বিজয়ী আমেৰিকান অভিনেতা, চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ। তেওঁ জাৰ্মান, ইটালী আৰু ৰাছিয়ান বংশোদ্ভূত।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পৃথিৱীত এনে কোনো শিল্পকলা নাই যিয়ে মোক অভিনয়তকৈ বেছি প্ৰভাৱিত কৰে।
- অভিনয়ৰ সন্দৰ্ভত (২২ জানুৱাৰী ২০০৭)
- মই মোৰ নামটো ভাল পাওঁ। মোৰ মাক-দেউতাকে উফিজী গেলেৰীত লিঅ'নাৰ্ড' দা ভিন্সিৰ এখন ছবি চাই থাকোঁতেই মোৰ মাৰ পেটত মই লৰচৰ কৰি উঠিছিলোঁ।
- আপুনি কিছু সময়ৰ পিছত বুজি পাব যে নিজৰ মুখখন চিনি পোৱাটোৱেই ডাঙৰ কথা নহয়। আচল কথাটো হ’ল আপোনাৰ চিনেমাখন মানুহৰ মনত থকাটো।
- কেৱল এক বস্তু হিচাপে গণ্য হোৱাটো মোৰ বাবে বৰ নিৰাশাজনক আছিল। মই কিছু সময়ৰ বাবে অভিনয় এৰি দিব বিচাৰিছিলোঁ।
- টাইটানিক (১৯৯৭) সন্দৰ্ভত; উৎস: পপমংক
- মই লাজকুৰীয়া, কিন্তু যেতিয়া বন্য হোৱাৰ সময় আহে, মই আমোদপ্ৰিয়, দুঃসাহসী আৰু ৰহস্যময়।
- মই সম্পূৰ্ণ পৰিষ্কাৰ। মই কেতিয়াও কোনো নিচাজাতীয় বস্তু চেষ্টা কৰি চোৱা নাই। এয়া মিছা কথা নহয়!
- মই এনেকুৱা মানুহ নহয় যিয়ে সদায় 'কুল' বা ট্ৰেণ্ডি হৈ থাকিবলৈ চেষ্টা কৰে। মই নিশ্চিতভাৱে এজন স্বতন্ত্ৰ ব্যক্তি।
- মই বহুতো বস্তুৰ প্ৰতি আবেগিক নহওঁ। মই খুব কমেইহে খং কৰোঁ, খুব কমেইহে কান্দোঁ। মই হয়তো বহু সময়ত উত্তেজিত হওঁ, কিন্তু মই অতিশয় দুখী বা অতিশয় সুখী নহওঁ।
- মই বৃহৎ দৰ্শকৰ সন্মুখত কথা ক’বলৈ বেয়া পাওঁ। মই নাজানো এই ভয় ক’ৰ পৰা আহিল... কিন্তু কিবা ভুল কৰি দিম বুলি মোৰ মনত এটা গভীৰ শংকা থাকে।
- মই সদায় মই কোন সেই কথাটো মনত ৰাখিবলৈ চেষ্টা কৰোঁ আৰু কাৰো প্ৰতি কেতিয়াও নিষ্ঠুৰ বা অহংকাৰী নহওঁ। কাৰণ দিনৰ শেষত, এইটোৱে আপোনাক ব্যৱসায়ত টিকি থকাত সহায় নকৰে, আৰু কোনে তেনে এজন মানুহৰ ওচৰত থাকিব বিচাৰিব? মই ‘সেইজন মানুহ’ হ’ব নিবিচাৰোঁ।
- যদি আপুনি আপোনাৰ শ্ৰেষ্ঠখিনি কৰিব পাৰে আৰু সুখী হ’ব পাৰে, তেন্তে আপুনি জীৱনত বেছিভাগ মানুহতকৈ আগুৱাই গৈছে।
- মোৰ বাবে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মোৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে জীৱন কটোৱা। তেওঁলোকে মোক 'লিঅ বুলি ব্যৱহাৰ কৰে, 'লিয়নাৰ্ডো, মহান অভিনেতা' বুলি নহয়। মোৰ মানসিক স্থিৰতাৰ বাবে ইয়াৰেই প্ৰয়োজন।
- এটা মুহূৰ্তৰ বাবেও নাভাবিব যে মই অভিনয় কৰা চৰিত্ৰবোৰৰ দৰে। সেইকাৰণে ইয়াক অভিনয় বুলি কোৱা হয়।
- কেৱল এক বস্তু হিচাপে গণ্য হোৱাটো মোৰ বাবে বৰ নিৰাশাজনক আছিল। মই কিছু সময়ৰ বাবে অভিনয় এৰি দিব বিচাৰিছিলোঁ। কিন্তু ই মোৰ জীৱন বহু দিশত সলনি কৰিলে আৰু একে সময়তে মোক বহুতো সুযোগ দিলে। ই মোক প্ৰথমবাৰৰ বাবে মোৰ কেৰিয়াৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা দিলে।
- টাইটানিক (১৯৯৭) সন্দৰ্ভত