লিটল মেগাজিন
লিটল মেগাজিন (ইংৰাজী: Little magazine) হ'ল শিল্প সাহিত্য আৰু বিজ্ঞানৰ প্ৰচলিত ধাৰাক প্ৰত্যাহ্বান জনাই ব্যতিক্ৰমী চিন্তা আৰু মতামত প্ৰকাশ কৰাৰ এক মুদ্ৰিত প্ৰয়াস৷[১] সন্দীপ দত্তই কৈছিল,"সাধাৰণতে লিটল মেগাজিন বুলিলে সেইবোৰ আলোচনীকে বুজিম যিয়ে আমাৰ মন আৰু মননক আঘাত কৰিব, ভাঙিব, পৰিশীলিত কৰিব, দীক্ষিত কৰিব আৰু নতুন কথা শক্তিশালীভাৱে ক'ব৷ লিটল মেগাজিনেই আমাৰ বোধ আৰু বোধিৰ, চেতনা আৰু চৈতন্যৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনত সহায় কৰে৷ লিটল মেগাজিন এষ্টাব্লিছমেণ্ট-বিৰোধী, সমাজ সচেতন তৰুণসকলৰ সৃজন-সাহিত্যৰ আলোচনী৷"[২] লিটল মেগাজিন নামটোৱে অবাণিজ্যিক পদ্ধতিৰে কৰা প্ৰায় সকলোখিনি সম্পাদনা, পৰিচালনা আৰু বিত্তীয় সাহায্যক বুজায়।[৩] লিটল মেগাজিন হ'ল এনে এক আলোচনী যাক কম মূলধন আৰু সম্পদৰ সৈতে চলোৱা হয় আৰু ব্যৱসায়িক লাভৰ পৰিৱৰ্তে কলাত্মক প্ৰকাশৰ দ্বাৰা পৰিচালিত হয়।[৪]
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "লিটল মেগাজিনৰ মূল শক্তি হ'ল ইয়াৰ প্ৰথাবিৰোধী চৰিত্ৰ।"[৫]
- "লিটল মেগাজিন প্ৰায়ে প্ৰকাশৰ ক্ষেত্ৰত অতি অনিয়মিত।"[৬]
- "বিভিন্ন কণ্ঠস্বৰৰ একত্ৰীকৰণেই লিটল মেগাজিন।"[৭]
- "লিটল মেগাজিনৰ লেখক, সম্পাদক, শুভানুধ্যায়ী সকলোৰেই প্ৰকৃত আৰু মূল পৰিচয় হ'ল এওঁলোক প্ৰত্যেকেই লিটল মেগাজিন। ‘কৰ্মী’ শব্দটোত বিশ্বাস নকৰাসকলে লিটল মেগাজিন আন্দোলনৰ সৈতে যুক্ত হ'ব নিবিচাৰে। আন্দোলন শব্দটো কেৱল আক্ষৰিক নহয়, ব্যৱহাৰিক।"[৮]
- "চুটি জীৱন ইহঁতৰ ধৰ্ম। একোটা বিশেষ সময়ত বিশেষ কোনো ব্যক্তি বা গোটৰ জৰিয়তে ইহঁতে এটা বিশেষ কাম লৈ আহি কামটো সম্পূৰ্ণ কৰি গুচি যায়। অৱশ্যে ছাপ এৰি থৈ যায়, নিজৰ অস্তিত্বৰ বিষয়ে অৱগত কৰে, সময়ৰ যাত্ৰাত ক’ৰবাত নহয় ক'ৰবাত ইহঁতৰ কথাবোৰ ৰৈ যায়, আমাৰ সাহিত্যৰ ৰূপৰেখা সৃষ্টিৰ নতুন নতুন শৈলী, নতুন ভাষা, নতুন দিনৰ কথাত ইহঁতৰ কথাবোৰ ৰৈ যায়।"[৯]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ লিটল ম্যাগাজিন. আহৰণ কৰা হৈছে: 13 অক্টোবৰ 2025.
- ↑ মুখোপাধ্যায়, কমলকুমাৰ (১৯৯৪)। শিলীন্ধ্ৰ।
- ↑ little magazine. আহৰণ কৰা হৈছে: 13 অক্টোবৰ 2025.
- ↑ Mounir, Abu. Little Magazines in Bengal. আহৰণ কৰা হৈছে: 13 অক্টোবৰ 2025.
- ↑ আবেগেৰ অন্য নাম লিটল ম্যাগাজিন. আহৰণ কৰা হৈছে: 13 অক্টোবৰ 2025.
- ↑ Little magazine. আহৰণ কৰা হৈছে: 13 অক্টোবৰ 2025.
- ↑ বিভিন্ন কণ্ঠস্বৰেৰ একত্ৰীকৰণই লিটল ম্যাগাজিন. আহৰণ কৰা হৈছে: 13 অক্টোবৰ 2025.
- ↑ লিটল ম্যাগাজিনেৰ অন্তৰ বাহিৰ : লিটল ম্যাগাজিন আন্দোলন. আহৰণ কৰা হৈছে: 13 অক্টোবৰ 2025.
- ↑ লিটল ম্যাগাজিনেৰ ইতিহাস ও সাহিত্যে তাৰ প্ৰভাব. আহৰণ কৰা হৈছে: 13 অক্টোবৰ 2025.