সমললৈ যাওক

লহপহ

ৱিকিউদ্ধৃতিৰ পৰা

লহপহ কবি সমীৰ শংকৰ দত্তৰ কাব্য সংকলন। পাঞ্চজন্য প্ৰিণ্টিং এণ্ড পাব্লিচিং প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা কাব্য সংকলনখন প্ৰথম প্ৰকাশ হৈছিল ২০১৭ চনত।

  1. "সেই পৰম ক্ষণত
    মোৰ চকুত তুমি আঁকিলা যি ছবি
    মই তাৰেই কবি
    আজীৱন
    আমৰণ"[]
  2. "জ্ঞানৰ গৰিমা মোৰ নাছিল
    নাছিল প্ৰিয়া সন্মোহনী হাঁহি
    মোৰ আছিল শক্তি, বজ্ৰকঠিন দেহ
    জলন্ত জ্বলামুখী যেন ক্ৰোধ"[]
  3. "বুঢ়া হৈছে দেউতা
    অভিমানী হৈছে
    কাৰো সৈতে ভগাব নোখোজে তেওঁৰ জীৱন"[]
  1. দত্ত সমীৰ শংকৰ (২০১৭)। লহপহ। পাঞ্চজন্য প্ৰিণ্টিং এণ্ড পাব্লিচিং, পৃষ্ঠা:১১৯।
  2. দত্ত সমীৰ শংকৰ (২০১৭)। লহপহ। পাঞ্চজন্য প্ৰিণ্টিং এণ্ড পাব্লিচিংন্য, পৃষ্ঠা:৭৯।
  3. দত্ত সমীৰ শংকৰ (২০১৭)। লহপহ। পাঞ্চজন্য প্ৰিণ্টিং এণ্ড পাব্লিচিং, পৃষ্ঠা:৬৭।