লক্ষ্মীনাথ ফুকন
অৱয়ব
লক্ষ্মীনাথ ফুকন (১৮৯৭–১৯৭৫) এগৰাকী সাংবাদিক আৰু সাহিত্যিক। ১৯১৫ চনৰ পৰা ১৯৬৪ চনলৈ লক্ষ্মীনাথ ফুকন অসমৰ সংবাদ জগতৰ সৈতে জড়িত হৈ আছিল। সাহিত্যিক হিচাপেও লক্ষ্মীনাথ ফুকনৰ অৱদান উল্লেখনীয়। ১৯১৮ চনতে প্ৰকাশ পোৱা 'মালা' শীৰ্ষক ছটা গল্পৰ সংকলনেৰে সাহিত্য জগতত খোজ দিছিল। ১৯৬৯ চনত প্ৰকাশিত 'মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ' শীৰ্ষক জীৱনীমূলক গ্ৰন্থখনিৰ বাবে ১৯৭১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- চাংকাকতীয়ে (ৰাধানাথ চাংকাকতী) কাকতৰ সম্পাদনা কৰিলে ২৮ বছৰ। তেওঁৰ আগে বা পিছে এতিয়ালৈকে অসমৰ কোনো কাকতত একেলেথাৰিয়ে ইমান দিন কোনো সম্পাদক থকা নাই। সফল বাটকটীয়া আৰু আৰ্হি দেখাওতা হিচাপে অসমৰ সাংবাদিকতাৰ বুৰঞ্জীত তেওঁৰ নাম চিৰদিন জিলিকি থাকিব। কিন্তু এনে এজন লোকক অসম আৰু অসমীয়াই পাহৰিলে।[১]
- এদিন নিশ্চয় হব পৃথিৱীত শান্তিৰ প্ৰতিষ্ঠা
মানুহে মানুহ বুলি মানুহক কৰিব সন্মান;
ক’লা-বগা হালধীয়া ভেদভাৱ বিসৰ্জন কৰি
সকলো একেই বুলি সকলোকে ভাবিব সমান। (শান্তি প্ৰতিষ্ঠাৰ দিন)[২] - অসমীয়া চুটিগল্পই অন্যান্য ভাৰতীয় ভাষাৰ সৰ্বোৎকৃষ্ট চুটিগল্পৰ লগত ফেৰ মাৰিব পাৰে।[৩]
- মোৰ সহপাঠী সাহিত্যিকসকল আছিল, নকুলচন্দ্ৰ ভূঞা, শ্ৰীকৃষ্ণকান্ত সন্দিকৈ আৰু শ্ৰীমিত্ৰদেৱ মহন্ত। এওঁলোক মোৰ সহপাঠীয়েই নহয়- বন্ধুও। এই তিনিজনেই মোক সাহিত্যসেৱাত উৎসাহ দিছিল.....কিন্তু মই বিশেষ উৎসাহ পাইছিলোঁ সন্দিকৈৰ পৰা। তেওঁৰ আগ্ৰহ আৰু আৰ্থিক সাহায্যৰ বাবেই মই মোৰ প্ৰথম ৰচনা “মালা’’খন প্ৰকাশ কৰিব পাৰিলোঁ। কিতাপখন তেওঁৰ নামেই উছৰ্গা কৰিলোঁ।[৩]
- কলিকতাৰ “অমৃত বাজাৰ পত্ৰিকা’’ত সহকাৰী সম্পাদক হিচাপে কাম কৰা ময়েই পোন-প্ৰথম অসমীয়া। সেই কাম পোৱাটো মোৰ জীৱনৰ স্মৰণীয় ঘটনা বুলি ভাবোঁ।[৩]
- প্ৰতিমা পূজাত মোৰ যেনেদৰে আপত্তি নাই, তেনেদৰে আপত্তি নাই প্ৰতিমা-বিহীন নাম-কীৰ্তনতো। মই অৱশ্যে ভাবোঁ যে, এনেকৈ ঈশ্বৰক পাবলৈ বা তেওঁৰ মৰম কৰুণা লভিবলৈ যত্ন কৰাতকৈ ওচৰ-চুবুৰীয়া মানুহখিনিক মৰম দি আপোন কৰি ল’ব পাৰিলেহে ঈশ্বৰ বেছি সন্তুষ্ট হ’ব। সকলো ধৰ্মতকৈ শ্ৰেষ্ঠ মানৱধৰ্ম।[৩]
- সাংবাদিক হিচাপে মই বাধা পাইছোঁ। বিশেষকৈ যিকেইখন কাকতৰ মই সম্পাদক আছিলোঁ সেইকেইখন কাকতৰ কৰ্তৃপক্ষৰ তৰফৰপৰা। সেইবাবে মই কোনোখনৰ পৰা নিজেই কাম এৰি আহিবলগা হৈছিল বা কোনোখনৰ পৰা মোক কামৰপৰা এৰুৱাই দিছিল। তেনেবোৰ অ্থন্তৰ নোহোৱাকৈ মই শেষলৈকে কাম কৰিলোঁ একমাত্ৰ “আসাম ট্ৰিবিউন’’তে।[৩]
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই জনাত শ্ৰীযুত লক্ষ্মীনাথ ফুকনেই একমাত্ৰ জীৱিত প্ৰবীণ অসমীয়া সাংবাদিক, যি কোনো দিনেই ৰাজনীতিৰ খিতাপ খাবলৈ মন নেমেলিলে, একেজনা সাংবাদি-সাহিত্যিক যি কোনো দিনেই সাংবাদিকতা আৰু সাহিত্যক ’ডিজাৰ্ট’ নকৰি, লোভ-প্ৰৰোচনা, ক্ষমতা, উচ্চাভিলাসৰ বশৱৰ্তী নহৈ আদিৰ পৰা অন্তলৈকে সাংবাদিক হৈয়েই থাকি গ’ল।(মুনীন বৰকটকী)[৪]
- অমৃতবাজাৰ পত্ৰিকাৰ দৰে ভাৰতবিখ্যাত বাতৰি কাকতখনত সহকাৰী সম্পাদক হিচাপে কাম কৰা পোন প্ৰথম অসমীয়াজন হ’ল লক্ষ্মীনাথ ফুকন।[৫]
- লক্ষ্মীনাথ ফুকনো চমাৰচেট মমৰ লেখীয়া সফল গল্পকাৰ।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ভট্টাচাৰ্য, বীৰেন্দ্ৰ কুমাৰ (১৯৭৬)। লক্ষ্মীনাথ ফুকন সোঁৱৰণী গ্ৰন্থ। বাণী প্ৰকাশ, পৃষ্ঠা:২৫।
- ↑ শৰ্মা, যজ্ঞেশ্বৰ (১৯৭৬)। লক্ষ্মীনাথ ফুকন সোঁৱৰণী গ্ৰন্থ। বাণী প্ৰকাশ, পৃষ্ঠা:৫।
- ↑ ৩.০ ৩.১ ৩.২ ৩.৩ ৩.৪ ফুকন, ৰাধানাথ (১৯৭৬)। লক্ষ্মীনাথ ফুকন সোঁৱৰণী গ্ৰন্থ। বাণী প্ৰকাশ, পৃষ্ঠা:১৫১-১৬১।
- ↑ বৰকটকী, উপেন্দ্ৰ (সম্পাদনা) (১৯৭৬)। লক্ষ্মীনাথ ফুকন সোঁৱৰণী গ্ৰন্থ। বাণী প্ৰকাশ, পৃষ্ঠা:৩৩।
- ↑ বৰকটকী, উপেন্দ্ৰ (সম্পাদনা) (১৯৭৬)। লক্ষ্মীনাথ ফুকন সোঁৱৰণী গ্ৰন্থ। বাণী প্ৰকাশ, পৃষ্ঠা:৫।
- ↑ বৰকটকী, উপেন্দ্ৰ (সম্পাদনা) (১৯৭৬)। লক্ষ্মীনাথ ফুকন সোঁৱৰণী গ্ৰন্থ। বাণী প্ৰকাশ, পৃষ্ঠা:৬৩।