মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (গ্ৰন্থ)
অৱয়ব
মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা অৰূপা পটঙ্গীয়া কলিতাৰ গল্প সংকলন। গ্ৰন্থখনে ২০১৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আমি মতা মানুহক চিনি পাওঁ, কিন্তু এইবোৰ...এই যুদ্ধবাজ বিদেশী মতা মানুহবোৰ...ইহঁতক আমি চিনি নাপাওঁ।[১]
- চৰাই পোৱালি ডাঙৰ হ'লে,উৰণ শিকিলে বাহ এৰি গুচি যায়গৈ।তায়ো যাবলৈ ওলাইছে।উৰণ শিকা চৰাইক বাহত বান্ধি থ'ব নোৱাৰি।।[২]
- বাতৰিকাকতখনৰ এটা কলমজুৰি নিজৰ দেহলাও সন্তানবোৰক এৰি দিয়াৰ আবেদন।প্ৰতিটো আবেদনত এখন এখন ভঙা ঘৰ,তিক্ততা আৰু চকুলো।ধ্বংসস্তূপত বহি ক্লান্ত দম্পতীবোৰে কেনেকৈ হিয়া ঢাকুৰি কান্দে।।[৩]
- ইমান চিন্তা নকৰিবা।এদিনটো বিদায় ল'ব লাগিবই।তাৰ ভয়ত ঘৰৰ চুকত হাত-ভৰি কোঁচাই বহি থাকিমনে?আৰু এই বয়সত অলপ-অচৰপ অসুখ-বিসুখ থাকিবই।বুজিছা আমাৰ এই 'শৰীৰ নামৰ মহাশয় ,যা সইব তা সই'।।[৪]
- মানুহবোৰহে গোট মাৰি গ'ল,শিল হ'ল,সময় ৰৈ নাথাকিল।পুৱা বেলি ওলাল,দুপৰীয়া হ'ল, ৰাতি জোন-তৰা ওলাল। সময়ে গোট মৰা মানুহবোৰকো লগতে ঠেলি লৈ গ'ল।[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, পৃষ্ঠা. ১২.
- ↑ মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, পৃষ্ঠা. ৭১.
- ↑ মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, পৃষ্ঠা. ৯৬.
- ↑ মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, পৃষ্ঠা. ১৪১.
- ↑ মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা, পৃষ্ঠা. ৪০.