মৌন ওঁঠ মুখৰ হৃদয়
অৱয়ব
(মৌন ওঁঠ মোখৰ হৃদয়ৰ পৰা পুনঃনিৰ্দেশিত)
| এই প্ৰবন্ধটো মৌন ওঁঠ মুখৰ হৃদয় (উপন্যাস) নামৰ পৃষ্ঠাৰ সৈতে একত্ৰিত কৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। (আলোচনা) |
মৌন ওঁঠ মুখৰ হৃদয়, এখন য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত উপন্যাস। প্ৰথম প্ৰকাশ ২০০১ চন। গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰে ২০০৫ চনত।
উদ্ধৃতি সমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- এই বহল নীলা আকাশৰ তলত, সু-উচ্চ এই চাকু পাহাৰৰ বুকুত আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ হল। ইয়াত সকলেৱেই অঘৰী, সকলেৱেই চৰাইৰ দৰে মুক্ত। কাৰো ইয়াত মাক-ডেউতাক নাই, কাৰো অভিভাৱক নাই, নাই সমাজৰ কটকটীয়া বান্ধোন। দলৰ প্ৰায়ভাগ মানুহেই যৌৱনৰ বলিয়া বতাহত উৰিফুৰা চঞ্চল ডেকা-গাভৰু। অবিবাহিত। মনৰ বান্ধোন চিঙি সিহঁতে যিমান পাৰে সিমান সুখ বুটলিব; হাঁহি-তামচা-ফূৰ্টি কৰিব, প্ৰাণ ভৰি দেহ আৰু মনৰ ভালপোৱা উপভোগ কৰিব। [১]
- এই ডনি পলৰ পৃথিৱীখনত আমাৰ বাংনিসকলৰ বাহিৰেও যে আৰু কিমান বিচিত্ৰ জাতিৰ মানুহ আছে, ইয়ালৈ অহাৰ আগতে মই কল্পনাও কৰিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ পৃথিবীখনত আমাৰ বাংনি আৰু চুলুং মানুহখিনিহে আছে। [২]
- একেখন পাহাৰতে থাকিও এতিয়াও ইটো জনজাতিয়ে সিটো জনজাতিক চিনি নাপায়, চিনিপালেও যুগ যুগৰ পৰা সিহঁতৰ মাজৰ শত্ৰুতাৰ কাৰনে এতিয়াও ইটোৱে সিটোক সন্দেহৰ চকুৰে চায়, আগবাঢ়ি আহি মিলিব নোখোজে, একেলগে থাকিব নিবিচাৰে, একেলগে কাম কৰিব নিবিচাৰে। এই ৰাস্তাৰ নিৰ্মাণৰ সময়ত আমি বেলেগ বেলেগ জনজাতিক একে লগে ৰাখি একেলগে কাম কৰাই সিহঁতৰ পৰস্পৰৰ ওপৰত থকা সন্দেহ গুছাৰ লাগিব, সিহঁতৰ মাজত মিলা-প্ৰীতিৰে ভাই-বন্ধু সম্পৰ্ক গঢ়ি তুলিব লাগিব। [৩]
- আমি সকলোৱে মিলি বনাই থকা এই ৰাস্তাটোৱে যেনেকৈ পাহাৰৰ লগত ভৈয়ামক লগ লগাই দিব, ঠিক তেনেকৈ তহঁতৰ ট্ৰাইবেল মানুহবিলাকৰ মনকো একেলগ কৰি, একে জাতি কৰি একে মানুহ নিচিনা কৰিব। আমি জানিছে তহঁতে একে পাহাৰীয়া মানুহ হলেও এক দুচৰা লগত ভালদৰে নাই জানিছে। ৰাস্তা হৈ গলে তোমাৰ বিলাক এক দুচৰাৰ লগত জানিবলৈ, এক দুচৰাৰ ওচৰত অহা-যোৱা কৰিবলৈ, বেপাৰ-বাণিজ্য কৰিবলৈ বহুত বহুত সুবিধা পাব। [৪]
- কেতিয়াবা মনটো ইমান ভাল লাগে যে পৃথিবীখনত দুখ বোলা বস্তু এটা যে আছে সেই কথা মই সম্পূৰ্ণ পাহৰি যাওঁ। কেতিয়াবা মনটো ইমান বিমৰ্ষ হৈ পৰে যে জীয়াই থকাৰ হেঁপাহ একেবাৰে নাইকীয়া হৈ যায়।[৫]
- এই পথ নিৰ্মাণ প্ৰক্ৰিয়া শেষ হলে, ভৈয়ামৰ সৈতে পাহাৰ সংলগ্ন হলে, শিক্ষাৰ পোহৰ বিলাবলৈ, জনজাতীয় মানুহৰ স্বাস্থ্যৰ সেৱা কৰিবলৈ, সিহঁতৰ উন্নতিৰ হকে, সিহঁতৰ মঙ্গল কাৰ্যৰ বাবে বহুতো ভাল ভাল মানুহ আহিব এই বাটেদি। কিন্তু লগতে এই বাটেদি আহিব অসংখ্য শোষণ কাৰীৰ দল। আহিব চোৰ ডকাইত, মুখা পিন্ধা ভদ্ৰলোক। এদিন এই পাহাৰৰ মাজতো বিৰাজ কৰিব অশান্তি অশন্তোষ। বাহিৰা কৃষ্টি, সংস্কৃতি, ভাষা, সাজ-পাৰ, ৰীতি-নীতিৰ আক্ৰমনত ইয়াৰ জনজাতীয় কৃষ্টি সংস্কৃতি লোপ পাব, সাজ-পাৰ নাইকিয়া হব, নিজৰ ধৰ্ম নিঃশেষ হব, ভাষা লোপ পাব। সংখ্যাগৰিষ্ঠ জাতিৰ লগত তিষ্ঠিব নোৱাৰি সংখ্যালঘু জনজাতি বিলাক প্ৰায় নিঃশেষ হৈ যাব।[৬]
- সমাজৰ প্ৰাচীৰখন বোধকৰো চাকু পাহাৰখনতকৈ ডাঙৰ, কঠিন। চাকু পাহাৰৰ বুকু কাটি বাট নিৰ্মাণ কৰিব পাৰি, কিন্তু সমাজৰ প্ৰাচীৰ ভেদি বাট নিৰ্মাণ কৰিব নোৱাৰি। [৭]