সমললৈ যাওক

মৌন ওঁঠ মুখৰ হৃদয় (উপন্যাস)

ৱিকিউদ্ধৃতিৰ পৰা

মৌন ওঁঠ মুখৰ হৃদয় য়েছে দৰজে ঠংচিৰ দ্বাৰা ৰচিত উপন্যাস। অসম সাহিত্য সভাৰ২০০১ চনৰ অধিৱেশনে গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ কৰি উলিয়াইছিল।২০১৮ চনৰ চেপ্তেম্বৰ মাহত বনলতা প্ৰকাশনে গ্ৰন্থখনৰ দশম সংস্কৰণ প্ৰকাশ কৰি উলিয়ায়। ২০০৫ চনত গ্ৰন্থখনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।এই গ্ৰন্থখনে ভাষা-ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰিছিল।মৌন ওঁঠ মুখৰ হৃদয় গ্ৰন্থখন ১-১৫ মে'১৯৯১ সংখ্যাৰ পৰা 'প্ৰান্তিক'ত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল। []

  1. পৰ্বত-পাহাৰ, নদ-নদী অতিক্ৰম কৰি মটৰ গাড়ী বৰফেৰে আবৃত হৈ থকা বোমডিলা নগৰলৈ আহিব, সেই কথা শুনি সিহঁত বিস্ময়ত বোবা হৈ গ'ল। চেৰদুকপেন জনজাতি সকলে অতীজৰেপৰা অসমৰ সৈতে বেহা-বেপাৰ কৰি আহিছে। অসমত সিহঁতৰ মিতিৰ-কুটুম আছে। প্ৰত্যেক বছৰে জাৰৰ দিনত সিহঁত পো-পৰিয়ালৰ সৈতে দৈমাৰা নামৰ ঠাইলৈ নামি যায়। তাতেই বাহৰ পাতি থাকি অসমৰ অসমীয়া আৰু কছাৰী গাঁৱত সিহঁতে নিজৰ মিতিৰ-কুটুম্বৰ ঘৰলৈ যায়। প্ৰচলিত ৰীতি অনুসৰি চেৰদুকপেন সকলে শুকান জলকীয়া, শুকান মূলা ইত্যাদি নিজৰ মিতিৰক দিয়ে আৰু মিতিৰসকলে ধাৰ্য থকা হিচাপত ধান দিয়ে, তামোল-পাণ দিয়ে।
  2. পৃথিবীখন ইমান ধুনীয়া। ইয়াৰ গছ-গছনি, ইয়াৰ নদ-নদী, ইয়াৰ পাহাৰ-পৰ্বত, ইয়াৰ সন্ধিয়া আৰু পুৱা, সকলো ইমান মনোমোহা, ইমান ভাল লগা। প্ৰকৃতিৰ এই সৌন্দৰ্যক ইয়াৰ আগতে যেন কেতিয়াও ৰিনচিনে এনেদবে উপলব্ধি কৰা নাছিল। আজি প্ৰকৃতিৰ এই নতুন ৰূপ আৱিস্কাৰ কৰি ৰিনচিনৰ বৰ ভাল লাগিল। প্ৰকৃতিৰ এই সৌন্দৰ্যক লৈ তাৰ গান গাবৰ মন গ'ল, কিন্তু সি তাৰ মনৰ উপলব্ধিক ভাষাৰে প্ৰকাশ কৰিবলৈ শব্দ বিচাৰি নাপালে।
  3. হওতে পাহাৰৰ জীৱন বৰ কষ্টকৰ। কিন্তু এই কষ্টৰ মাজতো ইয়াৰ প্ৰগতিৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিব পৰাত সন্তোষ আছে। সেই বাবেই দিলীপ শইকীয়াই মন-প্ৰাণ দি নিজৰ কৰ্তব্যত ধৰিছে। তেওঁৰ ভাব- প্ৰত্যেক ঠাইৰ উন্নতিৰ কাৰণে প্ৰথম আৰু প্ৰধান প্ৰয়োজন ঠাইখনৰ যোগাযোগ ব্যৱস্থা গঢ়ি তোলা। যোগাযোগ ব্যৱস্থাৰ উন্নতি হ'লেহে তালৈ শিক্ষাৰ পোহৰ, স্বাস্থ্যৰ উপকৰণ, উদ্যোগ স্থাপন ইত্যাদি প্ৰগতিৰ সকলো উপকৰণ অনাত সুবিধা হয়।
  4. আজি টাকাৰ পৃথিৱীৰ আটাইতকৈ সুখী মানুহ।
  5. ৰিনচিন নৰবুৰ একান্ত আকাংক্ষা, আজি যেনেকৈ হ'লেও ই য়ামাক লগ ধৰিবই লাগিব। একান্তভাৱে। শেষবাৰৰ বাবে। কোনে জানে হয়তো এই লগ ধৰাই সিহঁতৰ যুগ্ম জীৱনৰ আৰম্ভণিও হ'ব পাৰে। য়ামা যদি তাৰ প্ৰস্তাৱত মান্তি হয় সিহঁতে একেলগে পলাই যোৱাত কি বাধা আছে? হয়, সি যাব তাৰ সেই প্ৰিয় ঠাইডোখৰলৈ। তাতেই ৰিনচিনে য়ামাৰ বাবে অপেক্ষা কৰিব।[]
  1. য়েছে দৰজে ঠংচি (২০১৮)। মৌন ওঁঠ মুখৰ হৃদয়। বনলতা, পৃষ্ঠা:o, কিছু কথা।
  2. য়েছে দৰজে ঠংচি (২০১৮)। মৌন ওঁঠ মুখৰ হৃদয়। বনলতা, পৃষ্ঠা:১৪,৪১,৬৩,৮৬,১৬৭।