মোৰ চোতালত সোণাৰু সৰে
অৱয়ব
মোৰ চোতালত সোণাৰু সৰে কবি দৰ্শনা দাসৰ এখন কাব্যগ্ৰন্থ।আভা প্ৰকাশনে প্ৰকাশ কৰা সংকলনখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০২৪ চনৰ ছেপ্টেম্বৰত।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "ন-পানী বাঢ়িছে অ'দদাই
ৰাতি হ'লে কাণ উনাই শুবি!
মাছুৱৈ বুকুতো শোকে চলচলীয়া
বৈ গ'লে ঘাটজালখনকে কবি।"[১] - "এতিয়া মোৰ চহৰত
কানিমুনি সন্ধিয়া,
বুকুৰ উপকূলত চিকিমিকি
সূৰ্যাস্তৰ ৰ'দ!"[২] - "আলেঙে-আলেঙে সূৰ্য ঢ়লে,
পানীত ককবকাই মৰে
আবেলিৰ ৰ'দ।"[৩] - "ভৰিৰ তলৰ ঘাঁহবোৰ কাঁইটীয়া হৈ যোৱাৰ পাছতো
কিহৰ মুগ্ধতাত বাৰে-বাৰে
সেউজীয়া হোৱাৰ সপোন দেখিছোঁ।"[৪]
তথ্যসূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ দাস,দৰ্শনা (ছেপ্টেম্বৰ,২০২৪)। মোৰ চোতালত সোণাৰু সৰে। আভা প্ৰকাশন, বিশ্বনাথ,অসম-৭৮৪১৭৬, পৃষ্ঠা:১৭।
- ↑ দাস,দৰ্শনা (ছেপ্টেম্বৰ,২০২৪)। মোৰ চোতালত সোণাৰু সৰে। আভা প্ৰকাশন,বিশ্বনাথ,অসম-৭৮৪১৭৬, পৃষ্ঠা:৩৯।
- ↑ দাস,দৰ্শনা (ছেপ্টেম্বৰ,২০২৪)। মোৰ চোতালত সোণাৰু সৰে। আভা প্ৰকাশন,বিশ্বনাথ,অসম-৭৮৪১৭৬, পৃষ্ঠা:৫৪।
- ↑ দাস,দৰ্শনা (ছেপ্টেম্বৰ,২০২৪)। মোৰ চোতালত সোণাৰু সৰে। আভা প্ৰকাশন,বিশ্বনাথ,অসম-৭৮৪১৭৬, পৃষ্ঠা:৭৫।