সমললৈ যাওক

মৃত্যুঞ্জয়

ৱিকিউদ্ধৃতিৰ পৰা

মৃত্যুঞ্জয় , ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা এখন অসমীয়া ভাষাৰ উপন্যাস, য’ত স্বাধীনতাৰ শেষ আন্দোলনৰ চিৰস্মৰনীয় ঘটনাৱলীৰ আভাস আৰু চিত্ৰন আছে। এই গ্ৰন্থখনৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।

  • কেঁচা বৰলক জোকাই ল’লে গা সাৰিবলৈ টান।[]
  • ভগৱান থকা হলে এতিয়াই আবিৰ্ভাৱ হ’লহেঁতেন। তিৰোতাৰ সতীত্ব গল, ডেকা লৰাৰ বুকু ফুটিল, বুঢ়া-বুঢ়ীয়ে টিকা চোঁচৰা খালে, দেশৰ মানুহে পাইকাৰী জৰিমনা ভৰিছে, এতিয়া কৃষ্ণ কত? []
  • মানুহৰ মাজতেই ঈশ্বৰ আছে। বুদ্ধ দেৱে কলে, বহুজনৰ হিত, বহুজনৰ সুখেই মোৰ ধৰ্ম।[]
  • এইবোৰ তৰ্ক কৰিয়েই দেশখন গুচিল। আহোম ৰজাৰ দিনত বোপা-ককাই জানিবা চুৰিয়া পিন্ধি মতা বোলাইছিল, এতিয়া ইংৰাজৰ দিনত লহঙ্গা পিন্ধি তিৰী মুৱা হৈছে। ভেমেৰে নহয়, কামেৰেহে মানুহ বোলাব পাৰি।[]
  • এখন ৰে’ল বাগৰালে কেৱল কাঠৰ ডবা আৰু লোৰ ইঞ্জিনেই বাগৰি চু্চৰ্ময় নহয় নহয়, এসোপা জীৱ বধ হব। হব নোৱাৰিছে সিহঁতৰ গাৰ ৰঙটো বগা, তথাপি নৰ-মনিচহে। মহাপুৰুষে কৈ গৈছে, কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম, জানিয়ে সবাকো পৰি কৰিবা প্ৰণাম। মহাত্মাই জেলৰ বাহিৰত থকা হলে এনে কাম কেতিয়াও কৰিবলৈ নিদিলেহেঁতেন।[]
  • মাটিৰ গুণ ভাল নহ’লে, শস্য ভালদৰে আপডাল নকৰিলে কেতিয়াও খেতি ভাল নহয়। খীৰতী গাই থাকিলে গাখীৰ পাবই। খীৰতী গাই নহ’লে অকল খীৰাওঁতা থাকিলে কি হব?[]
  • গোসাঁয়ে গম্ভীৰ ভাৱে ক’লে, আতন বুঢ়া গোহাঁয়ে কোৱা কথা এষাৰকে দোহাৰো বুজিছে। বাৰীৰ ভিতৰত পুখুৰী সিচোতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে, ইটো ৰণ হৈছে। গতিকে অলপ ইফাল-সিফাল হ’লেও আপোনালোকে পোনাই-পজৰাই নিব লাগে।[]
  • নিজৰ সোণ সুৱদি মাতষাৰ আনৰ জিভাত দোৰোল খাই মৌ-মিঠা হৈ ফুটিলে নিজৰ মাতৰ প্ৰতিধ্বনি শুনা যেন লাগে।[]
  • গোসাঁয়ে সুধিলে, সকলোৰে ক্ষণ আছে। কেতিয়াবা তুমি নহ’লে নহয়, কেতিয়াবা ধনপুৰ নহ’লে নহয়। []
  • জীৱনটোত কেতিয়াবা ৰং শিঙা বাজে, কেতিয়াবা খং শিঙা বাজে। দুয়োটা একেটা শিঙাৰে সুৰ। দুটা বুলি মোৰ অনুমান নহয়। [১০]
  • কেইজনমান মানুহে জেল খালেই অথবা কষ্ট খাই মৰিলেই নহয়, প্ৰত্যেকটো মৰণেই আমাক স্বৰাজ লাভৰ বাট কাটি দিব লাগিব। কুশল কোঁৱৰ, কনকলতা, কমলা মিৰি, তিলক ডেকা এইবোৰ মৰি আমাক ঠিক বাটেদি যাবলৈ মনৰ বল দিছে। কিন্তু মনৰ বলেই যথেষ্ট নহয়। আমি ৰণৰ অস্ত্ৰ-শস্ত্ৰ, ৰণুৱা আৰু ৰণ-কৌশল এইবোৰ শিকিব লাগিব। লাচিতে জানো কৰ্তব্য কামৰ অবহেলাৰ দোষ দৰ্শাই নিজৰ মোমায়েকক কটা নাছিল? গদাধৰে জানো ঘৈণীয়েকক মৰিবলৈ ওলোৱা দেখিও মনে মনে তাক সহি থাকিব লগা নহৈছিল? লৰা ৰজাৰ লগত তেনেকৈ যুঁজিবলৈ বল গোটাইছিল। ৰণ নীতি মই নেজানো। কিন্তু ঠেকি যথেষ্ট শিকিছো। [১১]
  • চৰম ত্যাগৰ মুহূৰ্ত টোৱেই প্ৰেমৰ মুহূৰ্ত। ত্যাগ যদি প্ৰতিপদ, প্ৰেম পূৰ্ণিমা। [১২]
  • এই দেশ, এই দেশৰ সম্পদ, এই দেশৰ শাসন সকলো নিজৰ হাতলৈ আনিব লাগিব। [১৩]
  • ইহঁতক নেখেদালৈকে আমাৰ শান্তি নাই। আমাৰ হাতলৈ কাঢ়ি আনিম সিহঁতৰ সকলো শক্তি। অকল হৰি নামেৰে সংসাৰ নতৰে। মহেন্দ্ৰৰ বজ্ৰও লাগে। মেঘনাথৰ পুস্প ৰথো লাগে। হনুমানৰ লঙ্কাদাহো লাগে। অগ্নিবাণো লাগে। এই অগ্নিবাণ আজি নিক্ষেপ কৰিছো। মৰিলেও আমাৰ হাৰ নহয়। মাটিৰ হাড়কিডালেও দধীচিৰ দৰে ব্ৰজ হৈ এহঁতক ধ্বংস কৰিব।[১৪]
  • সৰলতা আছে কাৰণেই সংসাৰত জটিলতা ইমান আকৰ্ষণীয়। [১৫]
  • ভবিষ্যতে যিবোৰ লৰা ছোৱালী জন্ম হব দেশত, সিহঁতে এনেকৈ ৰেল বগৰোৱাৰ কথা, স্বাধীনতাৰ কথা শুনি কি ভাবিব? নিন্দা কৰিব নে প্ৰশংসা কৰিব? নে পাহৰি পেলাব। এই ত্যাগৰ মূল্য কেৱল তাৰ নিজৰে নে নাই আন সকলোৰে? মানে জাতিটোৰ বাবে? জাতিটো ভালে থাকিব বুলি ভাবিয়েইতো কোনো দিনে বন্ধুক চুই নোপোৱা হাতেও বন্ধুক লৈছে হাতত। ভাবক নেভাবক বেলেগ কথা। কিন্তু এইদৰে কাম কৰি মৰিলেও সাৰ্থকতা আছে। বুৰঞ্জীৰ কথা বুৰঞ্জীয়ে ভাবিব। [১৬]
  • আতুৰত পৰিলে উত্তৰ কটা নিষেধ।[১৭]
  • হঠাতে এখন বাৰীৰ পৰা এটা পুলি তুলি আনি আন এখন বাৰীত ৰুলে যেনেকৈ পুলিটি বেলেগ ধৰনে বাঢ়ে, সিও সেই ধৰনে বাঢ়িছে।[১৮]
  • প্ৰিয় বস্তু ত্যাগ কৰিব নোৱাৰিলে সাধনা সিদ্ধি নহয়।[১৯]
  • দুখ-কষ্ট-অত্যাচাৰ সহি কৰ্মীবোৰে ৰাইজৰ মনত স্বৰাজৰ ভাব সুমুৱাই দিছে। ডাক্তৰে বেজি দি যেনেকৈ দৰৱ সুমুৱাই দিয়ে, থিক তেনেকৈ স্বৰাজৰ ভাব সিহঁতে মানুহৰ মনত সুমুৱাই দিছে। সেই পালি দৰবেই বন্দুক-বাৰুদতকৈ বেছি কাম কৰিছে। কিন্তু মানুহবোৰ আটাইবোৰ গান্ধী হোৱা নাই। [২০]
  1. পৃষ্ঠা-৭
  2. পৃষ্ঠা-২৬
  3. পৃষ্ঠা-৩৮
  4. পৃষ্ঠা-৪১
  5. পৃষ্ঠা-৪৭
  6. পৃষ্ঠা-৬১
  7. পৃষ্ঠা-৮২
  8. পৃষ্ঠা-৯৮
  9. পৃষ্ঠা-১০১
  10. পৃষ্ঠা-১০৫
  11. পৃষ্ঠা-১২৭
  12. পৃষ্ঠা-১৩৮
  13. পৃষ্ঠা-১৬১
  14. পৃষ্ঠা-১৬১
  15. পৃষ্ঠা-১৬২
  16. পৃষ্ঠা-১৬৯
  17. পৃষ্ঠা-২১৯
  18. পৃষ্ঠা-২৪১
  19. পৃষ্ঠা-২৪৯
  20. পৃষ্ঠা-২৬৬