মৃণাল সেন
মৃণাল সেন (১৪ মে' ১৯২৩ – ৩০ ডিচেম্বৰ ২০১৮) এজন প্ৰখ্যাত ভাৰতীয় বাঙালী চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, আৰু লেখক। ১৯২৩ চনৰ ১৪ মে’ত মৃণাল সেনৰ জন্ম হৈছিল পূৰ্ববংগৰ এখন চহৰ ফৰিদপুৰ (বৰ্তমান বাংলাদেশ)ৰ বৈদ্য ব্ৰাহ্মণ পৰিয়ালত। ফৰিদপুৰত থাকোঁতে তেওঁ তাতেই হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পিছত তেওঁ অধ্যয়নৰ বাবে কলকাতালৈ আহি স্কটিছ চাৰ্চ কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰে। ছাত্ৰাৱস্থাতে তেওঁ কমিউনিষ্ট পাৰ্টিৰ সাংস্কৃতিক শাখাত যোগদান কৰে। অৱশ্যে তেওঁ কেতিয়াও কমিউনিষ্ট পাৰ্টিৰ সদস্য হোৱা নাছিল। চল্লিছৰ দশকত তেওঁ সমাজবাদী সংগঠন আইপিটিএ (ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ’চিয়েচন)ত যোগদান কৰে, আৰু ইয়াৰ জৰিয়তে তেওঁ সমভাৱাপন্ন লোকৰ কাষ চাপিছিল। কলিকতা বিশ্ববিদ্যালয়ত অধ্যয়নৰ পিছত তেওঁ সাংবাদিক, ঔষধ বিক্ৰেতা, চলচ্চিত্ৰৰ শব্দ কলাকুশলী হিচাপে কাম কৰিছিল।
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “খণ্ডহৰ এক অভিযানৰ গল্প; ক্ষণিকৰ সাক্ষাৎ আৰু তাৰ পৰিণতিত গঢি় উঠা আনুগত্য আৰু বিশ্বাসঘাতকতা, আকৰ্ষণ আৰু পলায়ন, ভ্ৰম আৰু নিষ্ঠুৰতাৰ জটিল সম্পৰ্ক, যাৰ সকলোখিনি সংঘটিত হয় মিলনৰ এক এক ধ্বংসস্তূপৰ মাজত।”[১]
- "মই এক সামাজিক প্ৰাণী, আৰু সেইবাবেই মই মোৰ চৌপাশৰ বস্তুবোৰৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰোঁ – মই ইয়াৰ সামাজিক আৰু ৰাজনৈতিক প্ৰভাৱৰ পৰা সাৰি যাব নোৱাৰোঁ। যেতিয়া মই এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজৰ সম্পৰ্কৰ বিষয়ে এখন ছবি নিৰ্মাণ কৰোঁ তেতিয়া মই সম্পৰ্কটোক বৃহত্তৰ প্ৰেক্ষাপটত বুজিবলৈ চেষ্টা কৰোঁ।"[২]
- "একৰ ভিতৰত সামূহিক ইচ্ছা পূৰণৰ কথা কোৱা উচিত নহয়, বৰঞ্চ একৰ ভিতৰত এজনৰ সন্দেহ আৰু সংকটৰ কথা কোৱা উচিত। আৰু একৰ সংকটৰ মাজেৰে সমাজৰ আত্মিক সংকটৰ কথা কোৱা। ১৯৭৯ চনৰ পৰাই সেইটো কৰিবলৈ চেষ্টা কৰিছোঁ, মোৰ নিজৰ কথা, নিজৰ সন্দেহ, সংকট আৰু বৈপৰীত্যৰ কথা কৈছোঁ, আৰু সেই সকলোবোৰৰ আঁৰত এটা নতুন বুজাবুজি, এনে এক উপলব্ধি য'ত মই বিশ্বাস, প্ৰত্যয়, ঐক্য আৰু একেলগে থকাৰ আভাস বিচাৰি পাওঁ।"[৩]
- “মই কুৰোছাৱা নহয়, মই সত্যজিৎ ৰায় নহয়, মই গডাৰ্ড নহয়, যিসকলে স্কেচ অংকন কৰাত বিশ্বাস কৰে। মই তেনেকুৱা কৰিব নোৱাৰোঁ। ৰেখা এডালো আঁকিব নোৱাৰোঁ। মোৰ চিনেমা এক প্ৰকাৰৰ থিছিছ।"[৪]
- “... বাংলা ছবিত যি সংকটৰ কথা কোৱা হৈছে অৰ্থাৎ আৰ্থিক সংকট অৰ্থাৎ জনপ্ৰিয়তাৰ অভাৱত যি সংকট আহিছে – সেই সংকট দূৰ কৰিবলৈ প্ৰথমে যি কৰণীয় সেয়া হ'ল – ১) কম টকাত ছবি কৰা অৰ্থাৎ স্টাৰ চিস্টমক বৰ্জন কৰা আৰু অকাৰণ, অহেতুক, অসংগত জাকজমক বৰ্জন কৰা; ২) চলচ্চিত্ৰৰ বজাৰৰ পৰিধি বৃদ্ধি কৰা অৰ্থাৎ আঞ্চলিক সীমা অতিক্ৰমি বাহিৰলৈ যোৱাৰ চেষ্টা কৰা।”[৫]
- "ভাৰতৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশলৈ চাই বহুতে ৰাজনৈতিক ছবি নিৰ্মাণ কৰাটো অসম্ভৱ বুলি ভাবে। এই প্ৰেক্ষাপটত আপুনি ৰাজনৈতিক ছবি নিৰ্মাণ কৰিব নে ৰাজনীতি বিষয়ক ছবি নিৰ্মাণ কৰিব?” [৬]
মৃণাল সেন সম্পৰ্কে উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "দেউতাৰ মৃত্যুৰ পিছত তেওঁৰ টেবুল খুঁচৰি থাকোঁতে বহী এখন পালোঁ, তাত এটা শাৰী লিখা। কেতিয়া লিখা হৈছিল নাজানো, কিন্তু বিগত কেইমাহমানৰ ভিতৰত লিখা হ'ব লাগিব। এটা শাৰী - তুমি কুশলে আছানে? মই কুশলে নাই৷"[৭]
- “সত্যজিৎ সমন্বিত, সুষম, শীলিত, কমনীয়। ঋত্বিক মন্থৰ, তীব্ৰ, শিথিল, অনমনীয়। আনহাতে মৃণাল দ্ৰুত, তীক্ষ্ণ, তৎপৰ আৰু নমনীয়।”[৮]