মুমতাজ (অভিনেত্ৰী)
অৱয়ব

মুমতাজ আস্কাৰী মাধৱনী (জন্ম: ৩১ জুলাই ১৯৪৭) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় অভিনেত্ৰী, যিয়ে হিন্দী চলচ্চিত্ৰ জগতত কাম কৰিছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ”মই মোৰ চিনেমাৰ বিষয়ে কথা পাতি আমনি পাওঁ। মই ইয়াৰে বেছিভাগ চিনেমা চাবও নোৱাৰোঁ।”
- নৱেম্বৰ ১৯৬৬ (৭ ডিচেম্বৰ ২০১১ তাৰিখৰ ফিল্মফেয়াৰত উদ্ধৃত)[১]
- অভিনয়ৰ প্ৰতি থকা তেওঁৰ ধাউতিৰ বিষয়ে: "অভিনয় আৰম্ভ কৰাৰ আগতে মই এক ধৰণৰ খালী অনুভৱ কৰিছিলোঁ কিন্তু এতিয়া আৰু নহয়... যদি মই এগৰাকী অভিনেত্ৰী নহলোহেঁতেন, মই পাগল হৈ গলোহেঁতেন।"
- ডিচেম্বৰ ১৯৬৬ (৭ ডিচেম্বৰ ২০১১ তাৰিখৰ ফিল্মফেয়াৰত উদ্ধৃত)[১]
- "মহিলাসকল মৰম কৰিবলৈহে, বুজিবলৈ নহয়।"
- নৱেম্বৰ ১৯৭০ (৭ ডিচেম্বৰ ২০১১ তাৰিখৰ ফিল্মফেয়াৰত উদ্ধৃত)[১]
- "মোৰ ল’ৰা-ছোৱালীকেইটা বৰ্ডিং স্কুলত আছিল। মই এখন দেশৰ পৰা আন এখন দেশলৈ কেৱল ভ্ৰমণ কৰি কৰি অলপ আমনি পাইছিলোঁ। গতিকে মই আমোদৰ বাবে আন্ধিয়াঁ কৰিবলৈ ভাৰতলৈ আহিছিলোঁ। মই ভাবোঁ এয়া ডেভিদ ধাৱানৰ অন্যতম শ্ৰেষ্ঠ ছবি আছিল, আনকি আঁখেতকৈও ভাল। কিন্তু চিনেমাখন ফ্লপ হোৱাত মই মৰ্মাহত হৈছিলোঁ।"
- মাৰ্চ ১৯৯৪ (৭ ডিচেম্বৰ ২০১১ তাৰিখৰ ফিল্মফেয়াৰত উদ্ধৃত) [১]