মিলি ববি ব্ৰাউন
অৱয়ব

মিলি ববি ব্ৰাউন (জন্ম: ১৯ ফেব্ৰুৱাৰী ২০০৪) এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু প্ৰযোজক। নেটফ্লিক্সৰ কল্পবিজ্ঞান ধাৰাবাহিক ষ্ট্ৰেঞ্জাৰ থিংছ (২০১৬–২০২৫)ত 'ইলেভেন' চৰিত্ৰত অভিনয় কৰি তেওঁ বিশেষ স্বীকৃতি লাভ কৰে।
উক্তি
[সম্পাদনা কৰক | উৎস সম্পাদনা]
- "সঁচা ক’বলৈ গ’লে, এই সকলোবোৰ হঠাতে ঘটিছিল। মই ইংলেণ্ডত আছিলোঁ আৰু তাত মই বেছি অডিচন দিয়া নাছিলোঁ। গতিকে মই প্ৰথমটো অডিচন দিছিলোঁ — অতি আৱেগিক অডিচন আছিল সেয়া — আৰু তেওঁলোকে ক’লে, ‘আকৌ এবাৰ আহিব।’ আৰু মই আচৰিত হৈছিলোঁ!"
- "ষ্ট্ৰেঞ্জাৰ থিংছৰ মিলি ববী ব্ৰাউনৰ সৈতে চিনাকি", IndieWire. (১৯ জুলাই ২০১৬).
- "নোৱা মোৰ আটাইতকৈ ভাল বন্ধু। আমাৰ বয়স একে। আমি সকলো কাম একেলগে কৰোঁ। আমি চিকাৰ দৰে ফুৰিবলৈ যাওঁ। আচলতে আমি এতিয়াও শিশু হৈয়ে আছোঁ।"
- "ইণ্ডিয়ানা কমিক কনত মিলি ববী ব্ৰাউন", দ্য ইণ্ডিয়ানাপলিছ ষ্টাৰ. (১৬ এপ্ৰিল ২০১৭).
- "মই জানো কথাটো শুনিবলৈ আচৰিত লাগিব পাৰে, কিন্তু এবাৰ যদি মই কিবা এটা কৰিম বুলি ভাবোঁ, মোক কোনেও ৰখাব নোৱাৰে। যদি মই চিলাই কৰিব নাজানো আৰু মোৰ চিলাই কৰাৰ তীব্ৰ ইচ্ছা থাকে, তেন্তে মই শিকিমেই। অভিনয়ৰ ক্ষেত্ৰতো তেনেকুৱাই।"
- "কেনেকৈ ষ্ট্ৰেঞ্জাৰ থিংছ তাৰকা মিলি ববী ব্ৰাউনে ইলেভেনক আইকনিক কৰি তুলিলে", Variety. (৩১ অক্টোবৰ ২০১৭).
- "যিদিনা মই মোৰ মূৰৰ চুলি খুৰাই পেলাইছিলোঁ, সেইটো মোৰ গোটেই জীৱনৰ আটাইতকৈ শক্তিশালী মুহূৰ্ত আছিল। যেতিয়া চুলিৰ শেষৰ অংশটো কাটি পেলোৱা হৈছিল, তেতিয়াই মোৰ গোটেই মুখখন দেখা গৈছিল আৰু মই আগৰ দৰে চুলিৰ আৰত লুকাব পৰা নাছিলোঁ। আইনাখনত চাই মই অনুভৱ কৰিলোঁ যে মোৰ এটা কাম আছে— অনুপ্ৰাণিত কৰা... চুলি খুৰোৱাটোৱে আপোনাক শক্তি দিয়ে। ধুনীয়া হ’বলৈ আপোনাক চুলিৰ প্ৰয়োজন নাই। আপুনি চুলি থকা বা নথকাকৈও ধুনীয়া।"
- "ষ্ট্ৰেঞ্জাৰ থিংছ তাৰকাসকলৰ বিষয়ে মিলি ববী ব্ৰাউন", dailymail.co.uk. (২৬ মাৰ্চ ২০১৮).
- "মই সেই লাখ লাখ শিশুৰ হৈ মাত মাতিম যিসকলৰ কণ্ঠ বহু সময় ধৰি স্তব্ধ কৰি ৰখা হৈছে। সমগ্ৰ বিশ্বৰ দুৰ্বল শিশুসকলে ভোগ কৰা সমস্যাসমূহৰ ওপৰত মই আলোকপাত কৰিম।"
- "মিলি ববী ব্ৰাউনৰ এক্টিভিজিম বা সক্ৰিয়তাৰ বিষয়ে সাক্ষাৎকাৰ", Glamour. (২১ মে’ ২০১৯).
- "কেতিয়াবা মই অশুদ্ধ তথ্য, অনুপযুক্ত মন্তব্য, যৌনতা আৰোপ কৰা আৰু অপ্ৰয়োজনীয় অপমানৰ বাবে হতাশ হৈ পৰোঁ যিয়ে অৱশেষত মোক কষ্ট আৰু নিৰাপত্তাহীনতাৰ অনুভৱ দিয়ে।"
- "মিলি ববী ব্ৰাউনে ১৬ বছৰ বয়সত সন্মুখীন হোৱা মন্তব্যক সমালোচনা কৰিছে", Today, ২০ ফেব্ৰুৱাৰী ২০২০।
- "মোৰ 'না' বুলি ক’বলৈ অধিকাৰ ক’ত? আপুনি আনৰ প্ৰতি অধিক সন্মান প্ৰদৰ্শন কৰিব লাগিব, তেওঁলোক যিয়েই নহওক বা যিয়েই নকৰক। এয়া কেৱল শিষ্টাচাৰহে।"
- "মিলি ববী ব্ৰাউনে অনুৰাগীক সন্মান জনাবলৈ অনুৰোধ কৰিছে", E!. (১ ডিচেম্বৰ ২০২০).
- "জেক (স্বামী জেক বংগিঅ’ভি) জানে যে পৰিয়াল মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ। অৱশ্যে মই এজন অভিনেতা আৰু প্ৰযোজক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত মনোনিৱেশ কৰিব বিচাৰোঁ, কিন্তু মই মোৰ ব্যক্তিগত জীৱনত এটা পৰিয়াল আৰম্ভ কৰাটোও ইমানেই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ।"
- "মিলি ববী ব্ৰাউন আৰু স্বামী জেক বংগিঅ’ভিয়ে তেওঁলোকৰ প্ৰথম সন্তানক আদৰিছে", People. (২১ আগষ্ট ২০২৫).
